ৰহা নগৰৰ অন্তৰ্গত তিনি নং ৱাৰ্ডৰ পুৰণা চাৰিআলি কলঙ নদীৰ পূৰ্ব পাৰত আজি নিশা এক ভয়ংকৰ গৰাখহনীয়াত তিনিখনকৈ দোকান কলং নদীৰ বুকত জাহ যায়। ৰহা পুৰণা চাৰিআলি কলঙ নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰি থকা কংক্ৰীত দলংখনৰ বাবে কাষতে এখন কাঠৰ দলং অস্থায়ী ভাৱে নিৰ্মাণ কৰিছিল দলং নিৰ্মাণ কোম্পানীয়ে। উক্ত কাঠৰ দলঙখনেদি চাপৰমুখ, ৰহা মহাবিদ্যালয় আদিলৈ ইপাৰ-সিপাৰ হোৱাৰ একমাত্ৰ ব্যৱস্থা আছিল যদিও আজি নিশা হঠাত কাঠ দলঙখনৰ পূৰ্ব দিশৰ নিচেই কাষত ৰহা পাৰঘাট পথৰ কাষৰ প্ৰায় এশ মিটাৰ দৈঘ্য পাৰ খহি যায়। ফলত পথৰ কাষতে থকা তৰুণ দাস, ববী হাজৰিকা আৰু দিপু ৰজকৰ তিনিওখন দোকান গৰাখহনীয়াত পৰি ভাঙি চূৰমাৰ হয়। অৱশ্যে নিশা সংঘটিত এনে আকস্মিক দূৰ্ঘটনাৰ সময়ত দোকান কেইখনত কোনো লোক নাছিল।
ৰহা পুৰণা চাৰিআলি কলঙ নদীত ব্যাপক গৰাখহনীয়া
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026