অৰুণাচলৰ দুৰ্গম পাহাৰত সংঘটিত এ এন ৩২ৰপ্ৰতিকূল বতৰকো নেওচি উদ্ধাৰ কাৰ্য অব্যাহত ৰখা উদ্ধাৰকাৰী দলে অবশেষত১৮ দিনৰ পাছত মুঠ ১৩ জনৰে ৬ জনৰ মৃতদেহ আৰু ৭জনৰ মৃতদেহৰ অবশিষ্ট অংশহে উদ্ধাৰ কৰিব সক্ষম হয় ।৩ জুনত যোৰহাটৰ পৰা মেচুকালৈ ১২.৩৫ত উৰামৰাৰ কিছু সময়ৰ পাছত যোগাযোগ বিচ্ছিন্ন হৈ দূৰ্ঘটনাত পতিত হোৱা এএন-৩২ বিমানখনৰ ১৮ দিনৰ পাছত অৰুণাচলৰ দুৰ্গম পাহাৰত ৬টা মৃতদেহ আৰু ৭টা মৃতদেহৰ অবশিষ্ট উদ্ধাৰ কৰিব সক্ষম হয়। বিমানখনৰ ব্লেক বক্সৰ ৯ জুনত সন্ধান লাভ কৰিছিল ৷দূৰ্ঘটনাত পতিত হোৱা নিৰুদ্দিষ্ট হোৱাৰ আঠ দিন পিছত আৰুণাচল প্ৰদেশৰ লিপুত ১২হাজাৰ ফুট উচ্চতাত এম আই ১৭ হেলিকপ্তাৰে দূৰ্গম পাহাৰত বিচাৰি দূৰ্ঘটনাগ্ৰস্ত বিমানৰ সন্ধান উলিয়াইছিল।ইফালে ৩ জুনত সন্ধানহীন হোৱা দলটিৰ সন্ধানৰ বাবে ১৯ জনীয়া বায়ুসেনা বাহিনীৰ দল প্ৰেৰন কৰাৰ পূৰ্বে আন এটি দলো তিনি দিন যোগাযোগ বিচ্ছিন্ন হৈ আছিল । প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰাৰ বাবে নিৰ্দিষ্ট স্থানত অভিযান চলাব পৰা নাছিল দলটিয়ে। প্ৰচণ্ড বৰষুন আৰু ঘন ডাৱৰৰ বাবে বহুবাৰ চেষ্টা কৰিও উদ্ধাৰ কৰিব পৰা নাছিল এ এন ৩২ বিমানৰ ছহিদসকলক ৷ এ এন- ৩২ ৰ ৮ জন ক্ৰু-মেম্বাৰ আৰু ৫ জন যাত্ৰীৰ ম়ৃতদেহ উদ্ধাৰ কৰিবলৈ অহৰহ চেষ্টা কৰিও বিফল হৈ পৰিছিল ভাৰতীয় বায়ু সেনা ৷ বায়ু সেনাই এমআই- ১৭ আৰু এএলএইচ হেলিকপ্তাৰৰে উদ্ধাৰ কৰাৰ বাবে বায়ুসেনাই সাজু কৰি ৰাখিও প্ৰচণ্ড ধুমুহা আৰু ঘন ডাৱৰৰ বাবে অৱতৰণ কৰিব পৰা নাছিল। প্ৰতিকূল বতৰকো নেওচি উদ্ধাৰৰ বাবে অৰুণাচলৰ পায়ুম আৰু তাটু পাহাৰৰ নামনিত পৰ্ব্বত আৰোহীৰ এটা ১৮ জনীয়া দল এয়াৰ দ্ৰপিঙৰে অৱতৰণৰ চেষ্টা কৰোৱা হৈছিল উদ্ধাৰৰ বাবে যদিও প্ৰচণ্ড বৰষুন আৰু ঘন ডাৱৰৰ বাবে দুৰ্বিষহ হৈ পৰে এ এন-৩২ উদ্ধাৰ অভিযান। উল্লেখ্য যে অৰুণাচলৰ ৰাজ্যিক প্ৰশাসনৰ পৰা স্থানীয় আন তিনিজন পৰ্বতাৰোহীক উক্ত স্থানলৈ প্ৰেৰণ কৰিছিল ৷ ইয়াৰ পূৰ্বেও বায়ু সেনাৰ ৯জন, সেনাৰ ৪ জন আৰু ৰাজ্যিকৰ ২ জনৰে মুঠ ১৫ জনীয়া দলক উদ্ধাৰ বাবে প্ৰেৰণ কৰিছিল ৰ্দূগম পাহাৰলৈ ৷ বৰ্তমান মুঠ ১৮ গৰাকীকৈ উদ্ধাৰকাৰীয়ে দুৰ্ঘটনাস্থলিত অৱস্থান কৰি বায়ুসেনাৰ ধ্বংসপ্ৰাপ্ত বিমানৰ ককপিট, ভইচ ৰেকৰডাৰকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল উদ্ধাৰকাৰী দলে ৷
অৰুণাচলৰ দুৰ্গম পাহাৰত উদ্ধাৰ দূৰ্ঘটনাত পতিত এএন-৩২ বিমানৰ ৬জনৰ মৃতদেহ আৰু ৭জনৰ অৱশিষ্ট
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026