বৰপেটা ৰোড:বৰপেটাৰ বিলাসীপাৰাত বাল্যবিবাহ বন্ধ কৰিবলৈ যোৱা ৪ জন আমছু কৰ্মীক কেইজনমান উদণ্ড লোকে প্ৰহাৰ কৰা ঘটনাকলৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আমছু কৰ্মীক প্ৰহাৰ কৰা উদণ্ড লোককেইজনৰ বিৰুদ্ধে আমছুৱে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলে কম বয়সত কন্যা সন্তানক বিয়া দিয়া, , নিজৰ সন্তানক সু শিক্ষাৰে শিক্ষিত কৰা আদিকে ধৰি আমছুৱে বিভিন্ন সময়ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ সময়তে বৰপেটাৰ বিলাসীপাৰত বুধবাৰে নিশা অনুষ্ঠিত হৈ থকা এটি বাল্য বিবাহৰ খবৰ পাই উক্ত বাল্য বিবাহ বন্ধ কৰিবলৈ বিলাসীপাৰা আঞ্চলিক আমছুৰ ছাদ্দাম হুছেইন জিয়াৰুল হক হাফিজুৰ ৰহমান আৰু দেলবৰ নামৰ আমছু কৰ্মী চাৰিজন উপস্থিত হৈছিল ৷ আৰু বাল্য বিবাহ বন্ধ কৰিবলৈ আহ্বান জনাইছিল ৷ সেইসময়তে কইনাৰ পৰিয়ালৰ মানুহে আমছু কৰ্মী কেইজনক আগচি ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ কৰিবলৈ উদ্যত হয় ৷ আমছু কৰ্মী সকলে এই ঘটনা সম্পৰ্কত বৰপেটাৰোড আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ আমছু কৰ্মী কেইজনক উদ্ধাৰ কৰি থানালৈ লৈ আনে ৷ লগতে আমছু কৰ্মীক প্ৰহাৰ কৰা বিলাসীপাৰা গাওৰ জেহেৰুল ইছলাম হাশেম আলী আজগৰ আলী হাচমত আলী আৰু বছুৰুদ্দিনৰ নামত বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
বৰপেটাত বাল্যবিবাহ বন্ধ কৰিবলৈ যোৱা আমছু কৰ্মীক প্ৰহাৰ
-
By publisher

ADVERTISEMENT
- Categories: News
Related Content
পহেলগাম হত্যাকাণ্ডৰ পাছত ভাৰতৰ স'তে থিয় দিয়াৰ বাৰ্তা ট্ৰাম্পৰ! মোডীৰ স'তে বৰ্তালাপ
By
publisher
April 23, 2025
পাকিস্তানত আছে ২.২ কোটি ভিক্ষাৰী
By
publisher
April 23, 2025
ঘগ্ৰাপাৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী একমাত্ৰ পথ বন্ধৰ বিকল্প পথ মেৰামতিৰ দাবীত আছুৰ বিক্ষোভ প্রতিবাদত
By
publisher
April 23, 2025
চৌদি ভ্ৰমণৰ মাজভাগতে দেশলৈ উভতি আহিছে মোডী!
By
publisher
April 23, 2025
কাজিৰঙা-কাৰ্বি আংলঙৰ হোমষ্টেক আৰণ্যকৰ সৌৰ ইনভাৰ্টাৰ যোগান
By
publisher
April 23, 2025
পহেলগামত নিৰীহ পৰ্যটকক হত্যা কৰা তিনিজন উগ্ৰপন্থীৰ স্কেচ্চ প্ৰকাশ
By
publisher
April 23, 2025