বৰপেটা ৰোড:বৰপেটাৰ বিলাসীপাৰাত বাল্যবিবাহ বন্ধ কৰিবলৈ যোৱা ৪ জন আমছু কৰ্মীক কেইজনমান উদণ্ড লোকে প্ৰহাৰ কৰা ঘটনাকলৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আমছু কৰ্মীক প্ৰহাৰ কৰা উদণ্ড লোককেইজনৰ বিৰুদ্ধে আমছুৱে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলে কম বয়সত কন্যা সন্তানক বিয়া দিয়া, , নিজৰ সন্তানক সু শিক্ষাৰে শিক্ষিত কৰা আদিকে ধৰি আমছুৱে বিভিন্ন সময়ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ সময়তে বৰপেটাৰ বিলাসীপাৰত বুধবাৰে নিশা অনুষ্ঠিত হৈ থকা এটি বাল্য বিবাহৰ খবৰ পাই উক্ত বাল্য বিবাহ বন্ধ কৰিবলৈ বিলাসীপাৰা আঞ্চলিক আমছুৰ ছাদ্দাম হুছেইন জিয়াৰুল হক হাফিজুৰ ৰহমান আৰু দেলবৰ নামৰ আমছু কৰ্মী চাৰিজন উপস্থিত হৈছিল ৷ আৰু বাল্য বিবাহ বন্ধ কৰিবলৈ আহ্বান জনাইছিল ৷ সেইসময়তে কইনাৰ পৰিয়ালৰ মানুহে আমছু কৰ্মী কেইজনক আগচি ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ কৰিবলৈ উদ্যত হয় ৷ আমছু কৰ্মী সকলে এই ঘটনা সম্পৰ্কত বৰপেটাৰোড আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ আমছু কৰ্মী কেইজনক উদ্ধাৰ কৰি থানালৈ লৈ আনে ৷ লগতে আমছু কৰ্মীক প্ৰহাৰ কৰা বিলাসীপাৰা গাওৰ জেহেৰুল ইছলাম হাশেম আলী আজগৰ আলী হাচমত আলী আৰু বছুৰুদ্দিনৰ নামত বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
বৰপেটাত বাল্যবিবাহ বন্ধ কৰিবলৈ যোৱা আমছু কৰ্মীক প্ৰহাৰ
-
By publisher

- Categories: News
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026