গোসাইগাঁৱত মথাউৰি চিঙি বানৰ সৃষ্টিঃ বহু গাঁও প্লাৱিত
বঙাইগাঁও: আজি দুপৰীয়াৰ পৰা বঙাইগাঁও জিলাৰ মাজেৰে বৈ যোৱা আই আৰু মানাহ নৈয়ে কাল ৰূপ ধাৰণ কৰাত জিলাখনৰ ন ন অঞ্চল প্লাৱিত হৈ থকাৰ বাতৰি পোৱা গৈছে ৷ আই নৈয়ে জিলাখনৰ পোপৰাগাঁও, গৰাইমাৰী, মোনাকোষা, জাৰাগুৰি, নাছনকুৰি, জামদহা,বালাভিটা, ভাণ্ডাৰা আদিত বানপানী পানীয়ে বহু লোকৰ ঘৰ প্লাৱিত কৰিছে ৷ ইপিনে মানাহ নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাত নোৱাপাৰাত প্লৱল বানৰ সৃষ্টি কৰিছে ৷ গোসাইগাঁৱৰ নতুন বস্তিত বাঢ়নি পানীয়ে মথাউৰি ভঙাৰ লগতে নগৰঝাৰত প্ৰধান মন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ পথ ভঙাৰ ফলতো বানপানীৰ সৃষ্টি হৈছে ৷ গেৰুকাবাৰী-জামদহা গড়কাপ্তানি পথ আৰু শিলঘাগিৰিৰ মতাউৰিৰ ওপৰেৰে পানী বৈ যোৱাত যাতায়াত ব্যাহত হৈ পৰিছে ৷ ইপিনে হাপাছাৰা, চেঁচাপানীতো বান সৃষ্টি হোৱাত পহু লেক ক্ষতি গ্ৰস্ত হোৱাৰ লগতে বহুতো পশুধন খাদ্যৰ সংকটত পৰিছে ৷