বিলাসীপাৰা মহকুমাৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ বানৰ সংহাৰী ৰূপ | গৌৰাং নৈৰ বাঢ়নী পানীৰ প্ৰৱল সোঁতত ডুব গৈছে এখনৰ পিছত আন এখন কৈ গাঁও | আৰক্ষী প্ৰশাসনে জানিব দিয়া মতে ভূটানে এৰি দিয়া পানীৰ প্ৰকোপত ওফন্দি উঠিছে গৌৰাং নৈৰ জলপৃষ্ট | দ্ৰুত গতিত বৃদ্ধি পোৱা নৈ খনৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহকুমাটোৰ এলেংমাৰী, নয়াপাৰা, শিমলাবাৰী, চিনামাৰী, খুদিগাঁও, তাৰ্ং. কৈমাৰী,বৰাইবাৰী,ভাষানীগাঁও, বাকুৱাভাঙি, হাজাৰীপাৰা, বেলতলী, উদমাৰী, চোকাপাৰা বাৰ্ষি,নামাবাৰ্ষি,ডিয়াবাৰী,আন্দুৰঝাৰ, লক্ষীগঞ্জকে ধৰি প্ৰায় কুৰি খনৰো অধিক গাঁও নৈখনৰ বাঢ়নী পানীৰ সোঁতত ডুব গৈছে | দ্ৰুত গতিত বৃদ্ধি পোৱা নৈ খনৰ পানীত প্লাবিত হৈছে ন ন অঞ্চলৰ লগতে কেবাটাও গড়কাপ্তানি পথ | ইফালে বিয়লি পাঁচটা বজাত নৈ খনৰ বাঢ়নী পানীৰ সোঁত অস্বাভাৱিক গতিত বৃদ্ধি পোৱাত শিমলাবাৰী, এলেংমাৰী, নয়াপাৰা, উদমাৰী, নামা বাৰ্ষি আদি গাঁৱৰ হাজাৰ হাজাৰ লোক জলবন্দি হৈ পৰে |
বিলাসীপাৰাত বানপানীৰ সংহাৰী ৰূপ:সহস্ৰাধিক লোক জলবন্দি
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026