নলবাৰীত এটা দুস্পাপ্ৰ কাছকলৈ আমোদজনক ঘটনা:নিৰুদ্দেশ হোৱা মোহনক উদ্ধাৰ

uuu

নলবাৰী: নলবাৰী চহৰৰ এটা ৰাজহুৱা পুখুৰীৰ পৰা মোহন নামৰ এটা দুস্পাপ্ৰ হেৰোৱা কাছ যোৱা নিশা উদ্ধাৰ হয়।চহৰৰ জাপাৰকুছি শিৱ মন্দিৰৰ ওচৰত থকা এটা ৰাজহুৱা পুখুৰীত থকা এই কাছটো যোৱা কিছুদিনৰ পৰা নিৰুদ্দেশ হৈছিল। উল্লেখ্য যে পুখুৰীটোত বহুদিনৰ পৰা থকা এই কাছটোৰ লগত ওচৰ চুবুৰীয়া পৰিয়াল সমূহৰ কন কন শিশুৰ পৰা জ্যেষ্ঠজনলৈ সকলোৰে পৰিচিত আছিল।আনকি কন কন লৰা ছোৱালীৰ পৰা জ্যেষ্ঠ সকলে কাছটোক মোহন নামেৰে নামাকৰণ কৰিছিল।লোক সকলে আনকি কাছটোক মোহন বুলি মাতি চিপচ,মুৰি,বিস্কুট আদিলৈ মোহন বুলি মাতিলে পুখুৰীৰ পাৰৰ ওচৰলৈ আহি পানীতে এইবোৰ সামগ্ৰী ভক্ষন কৰিছিল।দীৰ্ঘদিনৰ পৰা পুখুৰীটোত এই কাছটোৱে ওচৰ চঙবুৰীয়া সকলক আমোদ দি থকাৰ মাজতে যোৱা কিছুদিনৰ পৰা কাছটো নিৰুদ্দেশ হৈ পৰে। উল্লেখ্য যে স্থানীয় ৰাইজে কাছটোৰ বিছাৰ কৰি থকাৰ সময়তে কালি নিশা পুখুৰীটোৰ পৰা নাতিদুৰৌৰ চক বজাৰৰ মদন বৈশ্যৰ ঘৰত উদ্ধাৰ হয় কাছটো।লগে লগে মদন বৈশ্যই কাছটো নলবাৰীস্থ বন বিভাগক চমজাই দিয়ে।অৱশ্যে কাছটোক লৈ উদ্বিগ্ন হৈ থকা জাপাৰকুজছিৰ ৰাইজে এই খবৰ লাভ কৰি উপস্থিত হয় বন বিভাগৰ কাৰ্যলয়ত আৰু নিৰুদ্দেশ হৈ থকা কাছটো জাপাৰকুছিৰ পুখুৰীৰ মোহন বুলি চিনাক্ত কৰে।পিছত বন বিভাগে দুস্প্ৰাপ্য কাছটো নিশাৰ ভিতৰতে ৰাজহুৱা পুখুৰীটোত এৰি দিয়াৰ ব্যাৱস্থা কৰে।এই ঘটনাই চহৰখনত আমোদৰ সৃষ্টি কৰে।
##অগ্ৰদূত বাৰ্তা

Exit mobile version