Raijor Dal:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত ৰাইজৰ দলে বুধবাৰে ঘোষণা কৰে প্ৰথম খন প্ৰাৰ্থী তালিকা ৷ দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এঘাৰজনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে কাৰ্যকৰী সভাপতি ভাস্কো দি শইকীয়াই। মনকৰিবলগীয়া যে প্ৰথম খন তালিকাত নাম নাই দলটোৰ মুৰব্বী অখিল গগৈৰ ৷
উল্লেখ্য যে মঙলবাৰে ৰাইজৰ দলৰে মিত্ৰতা অবিহনেই কংগ্ৰেছে ৪২ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল ৷ কংগ্ৰেছে ঘোষণা কৰাৰ এটা দিনৰ পিছত ততাতৈয়াকৈ ৰাইজৰ দলেও ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷ প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে দলটোৰ কাৰ্যকৰী সভাপতি ৰমেন বৰঠাকুৰ জালুকবাৰীত আৰু ড:জ্ঞানশ্ৰী বৰা মৰিয়নীত,বিধায়ক আব্দুৰ ৰছিদ মণ্ডল পূব গোৱালপাৰাত ,মানস সমষ্টিত অঞ্জন তালুকদাৰ, দলগাঁৱত আজিজুৰ ৰহমান,ধিঙত মেহবুব মুক্তাৰ, তেজপুৰত অলক নাথ,চিচিবৰগাঁৱত দুলাল বৰুৱা, মাৰ্ঘেৰিটাত ৰাহুল ছেত্রী, ডিগবৈত লক্ষ্যজ্যোতি গগৈ আৰু বোকাঘাতত ৰতন দাৱ ৷




































