নলবাৰীৰ শান্তি নিৱাসত মহামিলন:নগেন সৰকাৰক চমজি ললে পৰিয়ালে

111

নলবাৰী: মানসিক ৰোগত আক্ৰান্ত হৈ ঠিকনা হেৰুওৱা এগৰাকী বৃদ্ধ পিতৃক অবশেষত আকোৱালী ললে নিজ পুত্ৰ আৰু পৰিয়ালে । ওডালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত টেকেলীবিল গাওঁৰ বৃদ্ধ গৰাকী হৈছে নগেন চৰকাৰ । ৭০ উৰ্ধৰ বৃদ্ধ গৰাকীয়ে ২২ মাহ পূৰ্বে নিখোজ হৈছিল । কৃষি কাৰ্যৰে জড়িত বৃদ্ধ গৰাকীয়ে ২০১৭ বৰ্ষৰ ২ অক্টোবৰত গৃহৰ পৰা ওলাই আহিছিল আত্মীয়ৰ গৃহলৈ । বৃদ্ধ গৰাকীয়ে যি ওলাই আহিল আৰু উভতি নগ’ল গৃহলৈ । ইতিমধ্যে বৃদ্ধৰ পত্নীৰ মৃত্যু হৈছে । তিনি বিবাহিত কন্যা আৰু এগৰাকী পুত্ৰই বিভিন্ন স্থানত বিছাৰ খোছাৰ কৰিও বৃদ্ধৰ সন্ধান উলিয়াব পৰা নাছিল। স্থানীয় মাজবাট আৰক্ষী থানাত পৰিয়ালটোৱে লিখিত ভাবে জনোৱাৰ পিছতো বৃদ্ধৰ শুংসুত্ৰ উলিয়াব পৰা নাছিল। ইফালে মানসিক ৰোগত আক্ৰান্ত নগেন চৰকাৰ নামৰ বৃদ্ধ গৰাকীক ২০১৭ বৰ্ষৰ অক্টোবৰ মাহত টিহুৰ এক ভিতৰুৱা স্থানৰ পৰা অসহায় অবস্থাত উদ্ধাৰ কৰিছিল সাংবাদিক মজিবুৰ ৰহমানে । সাংবাদিক ৰহমানে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা বৃদ্ধ গৰাকীক বহুদিন ধৰি চিকিৎসা কৰোৱাই আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল শান্তি নিৱাস বৃদ্ধাশ্ৰমও অনাথ আশ্ৰমত । পিছে বৃদ্ধ গৰাকীৰ পৰিচয় লৈ বিপাঙত পৰা সাংবাদিক ৰহমানে বহু চেষ্টা কৰি তেওঁৰ পৰিচয় উলিয়াবলৈ সক্ষম হয়। এনেকৈয়ে নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰাৰ পিছত আজি পৰিয়ালৰে মহামিলন ঘটে বৃদ্ধ গৰাকীৰ । সাংবাদিক মজিবুৰ ৰহমানৰ অনুৰোধমৰ্মে আজি বিয়লিৰ ভাগত পৰিয়ালটোৱে শান্তি নিৱাস অনাথ আশ্ৰমত উপস্থিত হয় । শেহতীয়াকৈ বৃদ্ধ গৰাকীৰ মৃত্যু হোৱাৰ আশংকা কৰি সৌশৰীৰে পোৱাৰ আশা বাদ দিয়া বৃদ্ধৰ পৰিয়ালটোৱে আজি তেওঁক দেখি কান্দোনত ভাগি পৰে । এক আবেগিক মুহুৰ্তৰ অন্তত আজি বিয়লিৰ ভাগত সোশৰীৰে বৃদ্ধ গৰাকীক চমজি লৈ ৰাওনা হয় গৃহলৈ । বৃদ্ধগৰাকীৰ একমাত্ৰ পুত্ৰ নিমাই চৰকাৰ আৰু ভটিজা অনিল চৰকাৰে সাংবাদিক ৰহমানক আশীৰ্বাদ দি আজি সন্ধিয়া নলবাৰীৰ পৰা ৰেলেৰে লৈ যায়গৈ ওডালগুৰিৰ মাজবাটলৈ ।

#অগ্ৰদূত বাৰ্তা

Exit mobile version