Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result
Dainik Agradoot
No Result
View All Result
Home News Assam

Prime Minister-Chief Minister I am not afraid of anyone: Gaurav:প্রধানমন্ত্রী-মুখ্যমন্ত্রী কাকো ভয় নকৰো: গৌৰৱ, চৰকাৰে দেশত গণতান্ত্রিক পৰম্পৰা নোহোৱা কৰিছে যিকোনো হেঁচাৰ সন্মুখীন হ’বলৈ মানসিকভাবে প্রস্তুত, এই নির্বাচন হ’ব গণতন্ত্রক ৰক্ষাৰ নির্বাচন, আমি কোনো ক্ষেত্রতে ভয় খাব নালাগে

আছুতীয়া সাক্ষাতত কংগ্রেছ সাংসদ গগৈ # চেমিম চুলতানা আহমেদ

publisher by publisher
February 29, 2024
in Assam, India, News, Uncategorized
Reading Time: 2 mins read
0
Prime Minister-Chief Minister I am not afraid of anyone: Gaurav:প্রধানমন্ত্রী-মুখ্যমন্ত্রী কাকো ভয় নকৰো: গৌৰৱ,  চৰকাৰে দেশত গণতান্ত্রিক পৰম্পৰা নোহোৱা কৰিছে যিকোনো হেঁচাৰ সন্মুখীন হ’বলৈ মানসিকভাবে প্রস্তুত,  এই নির্বাচন হ’ব গণতন্ত্রক ৰক্ষাৰ নির্বাচন, আমি কোনো ক্ষেত্রতে ভয় খাব নালাগে
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

Prime Minister-Chief Minister I am not afraid of anyone: Gaurav:প্রধানমন্ত্রী-মুখ্যমন্ত্রী কাকো ভয় নকৰো: গৌৰৱ,

আছুতীয়া সাক্ষাতত কংগ্রেছ সাংসদ গগৈ

ADVERTISEMENT

# চেমিম চুলতানা আহমেদ

আজি আমাৰ চৰকাৰৰ এয়ে নীতি যে তেওঁলোকে আন্দোলনকাৰীক বেয়া পায়, তেওঁলোকে আন্দোলন শব্দটোবে বেয়া পায়, আন্দোলনৰ পৰিৱেশ বেয়া পায়। ইয়াৰ বিপক্ষে মই।

‘দৈনিক অগ্রদূত’ৰ এক আছুতীয়া সাক্ষাতত এইদৰে ক’লে কংগ্রোছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ- দলপতি গৌৰৱ গগৈয়ে। আগবঢ়োৱা হ’ল সাক্ষাৎকাৰৰ পূর্ণপাঠ—

প্রশ্ন: ২০২৪ৰ লোকসভা নির্বাচনৰ বাবে এইবাৰো আপুনি প্রার্থিত্বৰ দাবীদাৰ। প্রতিজন প্রার্থীয়ে প্রার্থিত্ব বিচাৰোতে তেওৰ দাবীব কিছুমান ভিত্তি থাকে। আপোনাৰ প্রার্থিত্বব ভিত্তি কি? কিয় আপোনাক আকৌ এবাৰ প্রার্থিত্ব দিব লাগে?

উত্তৰ: মই ভাবিছো যে বর্তমান সময়ত সংসদত আমাক শক্তিশালী কণ্ঠ লাগে। আজি আমি সকলোরে স্বাধীন মনেৰে কথা ক’বলৈ। কিছু সংকোচ কৰিছো, অলপ যেন ভয় কৰিছো। সেয়ে এনে এক সময়ত য’ত কেৱল এক ধর্ম, এক ভাষাৰ কথা কোৱা হৈছে, এনে এক সময় য’ত আমি সকলোৰে কথা শুনো, জাতি-ধর্ম-ভাষা-বর্ণকে সম্মান কৰো, সকলো সেই ভাবতীয় সংস্কৃতিৰ যি চিন্তাধাৰাৰ মোৰ দলে প্রতিনিধিত্ব কৰে, তদুপৰি শেহতীয়াভাবে মণিপুৰৰ ঘটনাৱলীকে ধৰি অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ জ্লন্ত আমি এক শক্তিশালী কণ্ঠ Ing watsellerk প্রকাশ কৰাটো যথেষ্ট গুৰুত্বপূর্ণ। ইয়াৰ লগে লগে আজি এক চেষ্টা চলিছে, য’ত বিৰোধীৰ চিন্তা প্রকাশৰ ক্ষেত্রত চৰকাৰে বাধা দিয়ে, তেওঁলোক যি ধৰণৰ হেঁচা প্রয়োগ করে, এনেকুরা এক সময়ত আমি যে ভয় খোৱা নাই সেই ক্ষেত্রত মই নিজকে এক উদাহৰণ হিচাপে লৈছো। মই যাতে ৰাইজক কব পাৰো যে বিভিন্ন ধৰণৰ হেঁচা-প্রলোভন দিলেও আদর্শক পাহৰি যাব নালাগে, নিজন সমস্যাবোৰ পাহৰি যাব নালাগে। যিদৰে আজি বিশেষকৈ মোৰ প্রজন্মই দল সলনি কৰি আছে, যেনে মোৰ কিছু সতীর্থ সিন্ধিয়া, মিলিন্দ দেওৰা আদিয়ে দল সলনি কৰিছে। সেই ক্ষেত্রত মই এক বিপ্লবী চিন্তাধাৰা প্রকাশ কৰিব বিচাৰিছো যে আমি এক বিশেষআদর্শৰ ৰাজনীতি কৰিছো আৰু সেই আদর্শত আজিও অটল হৈ আছো।

প্রশ্ন: আপুনি নিজকে শক্তিশালী কন্ঠ বুলি ভাবে নেকি?

উত্তৰ: মই ভাবো যে মই এতিয়াও শিকিবলগীয়া বহুত আছে। সদনৰ ভিতৰত শক্তিশালী কণ্ঠ মোৰ দলৰ সভাপতি মল্লিকার্জুন খার্গে ডাঙৰীয়া, যিয়ে ইমানবাৰ লোকসভা আক বিধানসভা নির্বাচনত বিজয়ী হৈছে, তেওঁ এজন অভিজ্ঞ ব্যক্তি, বাজ্য চৰকাৰ আৰু কেন্দ্র চৰকাৰ এই দুয়োটাতে তেওঁ ভূমিকা গ্রহণ কৰিছে, মই তেওঁৰ লগতে মোৰ দলৰ ভিতৰত আৰু সমান্তৰালভারে বেলেগ দলৰো জোষ্ঠ সাংসদ-নেতাসকলক যেতিয়া দেখো, তেতিয়া মই ভাবো যে মোৰ আক বহুত শিকিবলগীয়া আছে। বহুত কৰিবলগীয়া আছে।দলক শক্তিশালী কৰাৰ প্রয়োজন আছে। মোৰ নিজৰ আৰু অলপ অধ্যয়ন কৰাৰ এটা হেঁপাহ আছে।

প্রশ্ন: লোকসভাত আপোনাৰ উপস্থাপন আমি বিভিন্ন সময়ত দেখিছো। ৰাইজৰ মাজতো চর্চিত হৈছে। আমি দেখিছো যে দলে আপোনাক যথেষ্ট সুযোগ দিছে আৰু এই সুযোগ আপুনি বোধহয় গ্রহণ কৰিবও পাৰিছে। ৰাষ্ট্রীয় পর্যায়ত আৰু ৰাজ্যতো প্রবল প্রতাপী চৰকাৰ আছে বুলি ক’লে ভুল নহ’ব। তেওঁলোকৰ বিপুল ধনবল, জনবল আছে এই প্রেক্ষাপটত আপনি এআইচিচি আৰু লগতে এপিচিচিক কিদৰে আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে? অসমৰ প্রজন্মৰ এজন নেতৰূপে স্বাভাৱিকতে আপোনালোকৰ পৰা বহু প্রত্যাশাও আছে দলৰ ভিতৰে-বাহিৰে।

উত্তৰ: আপুনি নিশ্চয় জানে আৰু মই টুইটযোগেও কথাটো প্রকাশ কৰিছো যে জম্মু-কাশ্মীৰৰ প্রাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ ঘৰত কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইয়ে অভিযান চলাইছে। সকলোবে জানে কিয় তেওঁৰ বাসগৃহত তালাচী চলোৱা হৈছে। তেওঁ কিছুদিন পূর্বে ৰাহুল গান্ধী ডাঙৰীয়াৰ স’তে সাক্ষাৎকাৰত ক’লে যে জম্মু-কাশ্মীৰৰ পুলৱামাৰ প্রসংগত তেওঁ নিজে প্রধানমন্ত্রীৰ স’তে কথা পাতিছিল। কথাবোৰ মুকলি কৰাৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁক বাধা দিলে আক পুলৱামাত তেওঁৰ নিজৰ চৰকাৰৰ ব্যৰ্থতাক লৈ বহুত প্রশ্ন আছে। পুলৱামাৰ ভাৰতীয় সেনাৰ জোবানসকলক চৰকাৰে কিমান সুৰক্ষা দিব পাৰিলো এই বিষয়ে তেওঁৰ প্রশ্ন আছে। এই কথাবোৰ কোৱাৰ পাছতে তেওঁৰ ঘৰত চিবিআইয়ে তালাচী চলাইছে। মই টুইটত লিখিছো যে চৰকাৰে ধনবল-বাহুবলৰ লগতে আৰক্ষীকে ধৰি বিভিন্ন চৰকাৰী অনুষ্ঠানক ব্যবহাৰ কৰিব, কিন্তু আমি নিজৰ কথাবোৰ কৈ থাকিব লাগিব আৰু আমি নিজকে সংগঠিত কৰিব লাগিব এভিয়া আমি দুখ কৰি লাভ নাই যে বর্তমান চৰকাৰে গণতান্ত্রিক পৰম্পৰা নোহোৱা কৰিছে আৰু চৰকাৰী অনুষ্ঠানবোৰত তেওঁলোকে নিজৰ মানুহ সোমোৱাই অগণতান্ত্রিক কামবোৰ কৰি আছে। এই কথাবোৰ আজি সকলোতে জানে, কাৰো বাবে এয়া নতুন কথা হৈ থকা নাই। এইববোৰ কথা কৈ আমি কান্দিলে নহ’ব। এনে ৰাজনৈতিক পৰিস্থিতিৰ বিৰুদ্ধে যদি আমি মাত মাতিব লাগে, তেনেহ’লে ৰাজনৈতিক কার্যকলাপ বৃদ্ধি কৰিব লাগিব। মানুহৰ মাজত থাকিব লাগিব আৰু মানুহৰ মাজলৈ গৈ অধিক ভালদৰে নিজকে আমি সংগঠিত কৰিব লাগিব। আমাৰ কথাবোৰ বাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত পৰম্পৰাগত সংবাদ মাধ্যমৰ ওপৰতে কেবল নির্ভৰ কৰিব নোৱাৰে। বহুক্ষেত্রত আমাৰ কথাবোৰ আৰু কার্যকলাপসমূহ পৰম্পৰাগত সংবাদ মাধ্যমত প্রকাশ নাপায় বা চেনেলত দেখা নাযায়। সেয়ে আমি প্রত্যক্ষভাবে মানুহব মাজলৈ গৈ মানুহক সজাগ-সচেতন কৰি তুলিব লাগিব। দলৰ ভিতৰত আৰু দলব বাহিৰত আমি প্রয়াস কৰিব লাগিব কিদৰে আমি মানুহৰ মাজলৈ গৈ সচেতন নাগৰিকৰ এক মঞ্চ গঢ়ি তুলিব পাবো। উদাহৰণ স্বৰূপে মই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাৰ কথা ক’ব বিচাৰিছো। ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্রা আৰম্ভ কৰিলে যেতিয়া সেই যাত্রাত বহু ৰাজনৈতিকভারে নিৰপেক্ষ মানুহে যোগদান কৰিলে, কবি-সাহিত্যিক, নতুন প্রজন্মৰ ইউটিউবাৰ ইনফ্লুৰেন্সাৰ আদি সকলোৱে যোগদান কৰিলে। কংগ্রেছে কেবল এক মঞ্চই সৃষ্টি কৰিলে, য’ত বিভিন্ন লোক আহি নিজৰ নিজৰ কথাবোৰ ক’বলৈ সুযোগ লাভ কৰিলে। কৃষকসকল, খেলুবৈসকল, ছাত্ৰসকল,ৰে’লৰ মজদুৰ, ঠেলাচালক, ৰিক্সাচালক আদি সকলো আহি নিজৰ কথাবোৰ ক’ব পাৰিলে। মই ভাবো আমি এইদৰে কাম কৰি আগুৱাই যাব লাগিব। কেবল পৰম্পৰাগত দলীয় কার্যকলাপত্ত সীমাবদ্ধ থাকিলে নহ’ব। আমি নিজকে এক মঞ্চ বুলি ভাবিব লাগিব, যি মঞ্চত বাহিৰৰ পৰাও আমাৰ স’তে আদর্শৰ মিল থকা মানুহ আহিব পাৰিব, সেইসকল মানুহক স্বাগতম জনাই আমি এক নাগৰিক মঞ্চ নিজ দলত সৃষ্টি কৰাৰ পৰিবেশ বচনা কৰিব লাগিব। ইয়াৰ বাবে নিশ্চয় বহু ঘাত-প্রতিঘাতৰ সম্মুখীন হ’ব লাগিব। কেতিয়াবা আৰক্ষীয়ে আমাক হেঁচা দিব, গোচৰ জাপি দিব পাৰে, জেললৈও পঠাব পাবে, প্রতিটো এনে পৰিস্থিতিৰ বাবে আমি সাজু হৈ থাকিব লাগিব। মই আনন্দিত যে ৰাজনীতিত প্রবেশৰ পূর্বে বিভিন্ন সামাজিক কামৰ স’তে জড়িত আছিলো, সমাজকর্মী হিচাপে মই ইয়াতো আৰু বাহিৰতো কাম কৰিছো। চৰকাৰৰ পৰা আহিব পৰা বিভিন্ন ধৰণৰ হেঁচাৰ সম্পৰ্কত পূৰ্বৰে পৰাই মোৰ মানসিক প্রস্তুতি আছে। মই নিউয়র্কত ‘পাব্লিক এডমিনিস্ট্রেষন’ বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰিছো। মই তাৰ মাজতে গ্রীষ্মকালীন বন্ধৰ সময়ত আজিৰ সংঘর্ষ জর্জৰিত পেলেষ্টাইনৰ এখন গীবত দুমাহ অতিবাহিত কৰিছিলো।

গাঁওখনৰ চাৰিওফালৰ সীমান্ত অঞ্চলত আৰক্ষীয়ে বেৰা দি. কার্যালয় স্থাপন কৰি মাটিবোৰ দখল কৰিছিল। গাঁওবাসীয়ে ভূমি ৰক্ষাৰ বাবে নিজকে সংগঠিত কৰিছিল। ধর্ণা দিছিল, প্রতিবাদ কৰিছিল। প্রতিদিনে আমি আৰক্ষীৰ বেৰাৰ ওচৰলৈ গৈ তর্ক-বিতর্ক কৰিবলগীয়া হৈছিল, ভূমিৰ কাগজ দেখুৱাবলগীয়া হৈছিল, শ্ল’গান দিবলগীয়া হৈছিল। আমাৰ বিৰুদ্ধে কন্দুৱা গেছো প্রয়োগ কৰা হৈছিল। সেই পৰিস্থিতিও অতিক্রম কৰি আহিছো। ন্যায়ৰ পক্ষত যিকোনো হেঁচাই চৰকাৰে প্ৰয়োগ নকৰক কিয়, আমি সম্মুখীন হ’বলৈ সাজু।

প্রশ্ন: আপুনি প্রতিবাদৰ কথা কওঁতে পঞ্জাৱ- হাৰিয়ানাৰ সীমান্তত চলি থকা কৃষক আন্দোলনৰ কথা মনলৈ আহিল। পঞ্জাৱ চৰকাৰে অলপতে কেন্দ্রীয় চৰকাৰক কৈছে যে কৃষক প্রতিবাদৰ স’তে মোকাবিলাৰ ক্ষেত্রত অধিক সংবেদনশীল সহানুভূতিশীল হ’ব লাগে। চৰকাৰৰ নীতি সম্পর্কত আপুনি কি কয়? সমান্তৰালভারে কৃষকসকলৰ স’তে কেন্দ্রীয় চৰকাৰৰ মন্ত্রী পর্যায়ত আলোচনাও অব্যাহত আছে। এই আন্দোলনৰ সন্দৰ্ভত আপোনাৰ কি মতামত ?

উত্তৰ: আন্দোলনৰ জৰিয়তে ভাৰত স্বাধীন হৈছে। স্বাধীন দেশৰ জন্ম হৈছে আন্দোলনৰ পৰা। সেয়ে আন্দোলন যেতিয়ালৈকে শান্তিপূর্ণভাবে অব্যাহত থাকে, তেতিয়ালৈকে আন্দোলন হ’বলৈ দিব লাগে। এই প্রসংগতে মই আমাৰ অসম আন্দোলনৰ কথাও উল্লেখ কৰিলো; কিন্তু আজি আমাৰ চৰকাৰৰ এই – নীতি যে তেওঁলোকে আন্দোলনকাৰীক বেয়া পায়, আন্দোলন শব্দটোরে বেয়া পায়, আন্দোলনৰ পৰিৱেশ বেয়া পায়। ইয়াৰ বিপক্ষে মই। ৰাইজৰ নিজৰ কথা ক’বলৈ শান্তিপ্রিয় গণতান্ত্রিক আন্দোলনৰ প্ৰয়োজন আছে। পঞ্জাৱৰ সেই খেতিয়কসকলে কি বিচাৰিছে? তেওঁলোকে কৈছে যে আমাক দিল্লীলৈ যাবলৈ দিয়ক আমি দিল্লীৰ ৰামলীলা গ্রাউণ্ডত প্রতিবাদ কৰিবলৈ বিচাৰিছো। ইয়াত কিনো ডাঙৰ কথা আছে? প্রধানমন্ত্রীয়ে যেতিয়া সভা-সমিতি কৰে, তেওঁৰ সভাৰ বাবে যেতিয়া স্থানৰ প্ৰয়োজন হয়, তেতিয়াতো বিজেপিয়ে সেয়া লয় আৰু মানুহ চাৰিওফালৰ পৰা আহে। বিজেপিয়ে দিল্লীৰ ভিতৰত বিভিন্ন মানুহ গোটাই যান-জটৰ সৃষ্টি কৰি দুর্ভোগ ভোগাব পাৰে অথচ কৃষকক নিজ দাবী প্রকাশৰ বাবে দিল্লীত এটা স্থান কিয় নিদিয়ে ? আমি ধাৰাবাহিকভাৱে দেখিছো যে অসমতো বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কয় যে আন্দোলন ভাল নহয়, আন্দোলন কিয় কৰিব – লাগে। তদুপৰি বিভিন্ন স্থান, য’ত আমি বহুদিনৰ পৰা দেখিছো যে মানুহে আন্দোলন- – প্রতিবাদ কবে, ধর্ণা দিয়ে, অসমত আজি সেই স্থান আমি ব্যৱহাৰ কৰিব নোৱাৰো। দিল্লীতো যন্তৰ-মন্তৰত আন্দোলনৰ কাৰ্যসূচীৰ বাবে স্থান লাভ কৰাটো আজি জটিল হৈছে। চৰকাৰৰ ব্যৱহাৰ, অহংকাৰ, অগণতান্ত্রিক আচৰণ! অথচ ৰাজনৈতিকভাৱে তেওঁলোকৰ সংখ্যা ইমান বেছি থকাৰ পাছতো তেওঁলোকে ইমান যে সহ্য কৰিব নোৱাৰে, তেওঁলোকৰ ধৈৰ্যৰ ইমান অভাৱ কিয়? এই কথাটোৱে মই বুজিব পৰা নাই। কথা এটাই-তেওঁলোকে ৰাইজৰ কণ্ঠ নাইকিয়া কৰিব বিচাৰিছে, ৰাইজক মানসিকভাৱে দুৰ্বল কৰিব বিচাৰিছে। হিতাধিকাৰী হৈ ৰাইজে কেবল হয় হয় বুলি কৈ থকাটো বিচাৰিছে। ৰাইজে বিৰোধিতা কৰিব নোৱাৰে, স্বাধীনতা প্ৰকাশ কৰিব নোৱাৰে, এইদৰে লাহে লাহে তেওঁলোকে ৰাইজক যন্ত্ৰলৈ পৰিণত কৰিব – বিচাৰিছে। মই এই চিন্তাধাৰাৰ বিপৰীত স্থিতি প্রকাশ কৰো। আমাৰ ৰাইজ পূৰ্বতকৈ অধিক – শিক্ষিত, পূৰ্বতকৈ ৰাজনৈতিকভাৱে অধিক – সক্রিয়, দেশপ্রিয়, সচেতন, প্রগতিশীল। আজি আমাৰ মহিলাসকল ওলাই আহিছে। আমাৰ সমাজত নিজৰ কথা কোৱাৰ, দাবী উত্থাপন কৰাৰ, বিৰোধিতা প্ৰকাশ কৰাৰ অধিক অধিকাৰ থাকিব লাগে। অথচ চৰকাৰে পূৰ্বৰ ৰজাৰ শাসনৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিছে যে ৰাইজ গোট খাব নোৱাৰে, ১৪৪ ধাৰা – জাৰি কৰে। ব্ৰিটিছৰ দৰে ব্যৱহাৰ কৰে এওঁলোকে। পশ্চাদমুখী হৈছে চৰকাৰ।

প্রশ্ন: মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কৈছে যে অসমত ইমান চমকপ্রদ উন্নয়ন আন্দোলন বিবর্জিত পৰিৱেশৰ বাবেহে সম্ভৱ হৈছে। এই কথা আপুনি মানি লয়নে? অলপতে প্রধানমন্ত্রী নৰেন্দ্র মোদী অসমলৈ আহোতে
দিয়া ভাষণত একে সুৰতে কৈছে?

উত্তৰ : বর্তমান বিজেপি চৰকাৰৰ উন্নয়ন শব্দৰ অৰ্থৰ স’তে মোৰ চিন্তাধাৰাৰ মিল নাই। আমাৰ যদি সঁচাকৈয়ে উন্নয়ন হৈছে তেন্তে অসমৰ ল’ৰা-ছোৱালীবোৰ এমবিবিএছ পঢ়িবলৈ বাহিৰলৈ কিয় গৈছে? তেওঁলোকে ইউক্রেইনলৈ কিয় গৈছে ? যদি সঁচাকৈ ইমান উন্নয়ন সাধন হৈছে তেন্তে ভাৰতৰ জনসাধাৰণে আজি এৰ’প্লেন চাৰ্টাৰ কৰি নিকাৰাগুৱালৈ কিয় গৈছে? তালৈ গৈ আমেৰিকাত কিয় প্ৰৱেশ কৰিছে? আমি বাতৰি পঢ়িবলৈ পাইছো যে ভাৰতৰ নিবনুৱা যুৱকে ৰাছিয়ালৈ গৈ ৰুছ সেনাবাহিনীৰ স’তে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত চামিল হৈছে। যদি উন্নয়ন হৈছে তেন্তে নিবনুৱা যুৱকসকলক ইজৰাইল-গাজাত য’ত যুদ্ধ চলি আছে তাত চাকৰি বিচাৰি যাৱলগীয়া হৈছে কিয়? বৰ্তমান চৰকাৰৰ উন্নয়নৰ সংজ্ঞাৰ স’তে মই একমত নহয়। উন্নয়ন মানে কেবল পথ, হাইৱে বিল্ডিং নির্মাণ নহয়। উন্নয়ন মানে প্রতি পৰিয়ালৰ অর্থনৈতিক অবস্থা ভাল, প্রতিজনে অর্থনৈতিকভাবে সবল, প্রত্যেকৰে ঘৰৰ অন্ততঃ এজনে চাকৰি পাইছে, সংস্থাপিত হৈছে আৰু কোনো ধৰণৰ চৰকাৰী অনুষ্ঠানত উৎকোচ দিবলগীয়া হোবা নাই, সকলো চৰকাৰী অনুষ্ঠানে নিয়াৰিকৈ কাম কৰি আছে। উন্নয়ন মানে হৈছে আমাৰ আৰক্ষী- প্রশাসন, হাস্পতালসমূহ, আদালত, চৰকাৰী কার্যালয় আদি সকলোতে সুন্দৰকৈ কাম- কাজ চলিছে। উন্নয়ন মানে স্বাধীন সংবাদমাধ্যম, বাইজে প্রতিবাদ কৰিবলৈ, অসন্তুষ্টি প্রকাশ কৰিবলৈ সুবিধা লাভ কৰিছে। এইবোৰে হৈছে উন্নত দেশ আৰু সমাজৰ উদাহৰণ; কিন্তু তেওঁলোকে কাৰোবাক দুহেজাৰ টকা দিছে, ক’ৰবাত পথ নিৰ্মাণ কৰিছে, এইবোৰ হৈছে উন্নয়নৰ অতি ঠেক পৰিসৰৰ সংজ্ঞা।

প্রশ্ন: আপুনি চৰকাৰৰ বিৰুদ্ধে কথা কৈছে, লোকসভাতো উপস্থাপন কৰিছে: কিন্তু অসমতে হণ্ডক বা ভাৰততে হওক, এইবোৰ কথা ভালদৰে ৰাইজৰ মাজলৈ লৈ যাব পাৰিছেনে? যিসকলে এই কথাবোৰ জানিব লাগে, যিসকলে জনমত গঠন কৰিব, এক নির্ণায়ক ভূমিকা পালন কৰিব সেইসকলৰ ওচৰলৈ আপোনালোক যাব পাৰিছেনে?

উত্তৰঃ এই ক্ষেত্রত আমাৰ বহু কৰিবলগীয়া আছে। তেওঁলোকে যিদৰে অগণতান্ত্রিকভাবে অস্তবোৰ ব্যৱহাৰ কৰিছে যেনে- চিবিআই, ইডি, আয়কৰ বিভাগ, আৰক্ষী ব্যবহাৰ কৰিছে। তেওঁলোকে নিজৰ অবৈধ কার্যকলাপ বৃদ্ধি কৰিছে, ধনবল-বাহুবলৰ দৰে অস্ত্র ব্যৱহাৰ বৃদ্ধি কৰিছে।

আমিও আমাৰ সাংগঠনিক কাম বৃদ্ধি কৰিব লাগিব। এক সুস্থ আন্দোলনৰ বাবে এটা পৰিবেশ সৃষ্টি কৰিব লাগিব। ভিন ভিন ৰাজনৈতিক দল, সামাজিক সংগঠনৰ স’তে সম্পর্ক স্থাপন কৰিব লাগিব। সামাজিক মাধ্যম, অন্যান্য আধুনিক মাধ্যম, প্রযুক্তিৰ সহায় লৈ ৰাজনৈতিকভাবে সচেতন হ’বলৈ সুযোগ সৃষ্টি কৰিব লাগিব। ৰাইজৰ মাজত অধিক সময় অতিবাহিত কৰাটো উচিত হ’ব।

প্রশ্ন: ৰাষ্ট্রীয় প্রেক্ষাপটত আপোনালোকে ইণ্ডিয়া মিত্রজোট গঠন কৰিলে। এই মিত্রজেটিৰ আজিৰ স্থিতি কি? ইণ্ডিয়াৰ অন্যতম আহ্বায়ক তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়াৰ সংগ ত্যাগ কৰিলে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্রাত সহযোগ নকৰিলে। কোনোবাই কৈছে যে ইন্ডিয়া মিত্রজেটি ভাঙি গ’ল?

উত্তৰ: মই ভাবো যে মিত্রতা স্থাপনৰ ক্ষেত্রত বিগত লোকসভা নির্বাচনত অর্থাৎ ২০১৯ ত আমাৰ যি প্রচেষ্টা আছিল তাতকৈ এইবাৰব পৰিবেশ যথেষ্ট ভাল। যোৱাবাৰ আমি জানুৱাৰীত নির্বাচনৰ প্রায় দুমাহ পূর্বে মিত্রজেটি গঠনৰ প্রচেষ্টা লৈছিলো। অথচ এইবাৰ আমি ২০২৩ৰ জুন-জুলাইতে একগোট হৈছো। সেই সময়ত আমি গম পোৱা নাছিলো যে কোন আমাৰ লগত আছে আৰু কোন নাই। চন্দ্রবাবু নাইডুৰ দৰে নেতা কেতিয়াবা আমাৰ লগত থাকে, তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেষৰ ৰাও কেতিয়াবা আমাৰ লগত থাকে আৰু কেতিয়াবা আমাৰ পৰা আঁতৰি যায়। এতিয়া আমাৰ বাবে স্পষ্ট হৈছে যে কোন আমাৰ লগত আছে আৰু কোন নাই।

যদি ক’ৰবাত আমাৰ অভাৱ আছে তেন্তে মই ভাবো আসন বুজাবুজিব আলোচনাৰ ক্ষেত্রত আমি বহু বেছি সময় ল’লো। আসন বুজাবুজি অলপ আগতীয়াকৈ সম্পূর্ণ হ’ব লাগিছিল। অবশ্যে আমি মিত্রজেটিত আছো নে নাই তাৰ বাবে আসন বুজাবুজিহে মূল স্তম্ভ এই কথাটোও ভুল। মিত্রতা সফল হৈছে বা বিফল হৈছে তাৰ একমাত্র মাপকাঠি আসন বুজাবুজি, নহয়। এনে এক পৰিবেশ বচনা কৰা হ’ল যেন আসন বুজাবুজিয়ে শেষ কথা। আমি জানিব লাগিছিল যে আসন বুজাবুজিৰ আলোচনা কেতিয়াবা সফল হ’বও পাৰে নতুবা বিফলো হ’ব পাৰে।

মিত্রজোটৰ মূল আধাৰ হৈছে যে আমি গণতন্ত্রক-দেশৰ সংবিধানক বচাবলৈ বিচাৰিছো আৰু আমাৰ বিশেষকৈ গ্রামাঞ্চলত-কৃষিপ্রধান অঞ্চলত উদ্ভৱ হোৱা আর্থিক সংকটৰ পৰা দেশক উদ্ধাৰ কৰি দেশখন আগুৱাই লৈ যাব বিচাৰিছো। এইটোরেই আমাৰ মূল খুঁটি হ’ব লাগিছিল। আমি ক’ৰবাত বিভ্রান্ত হৈ আসন বুজাবুজিত অধিক সময় দিলো। আপোনালোকে কোৱাৰ দবে আমাৰ কিছুমান আঁতৰি গৈছে। আপোনালোকে এইটোও দেখিছে যে আম আদমী পাটিৰ দৰে গুৰুত্বপূর্ণ বিৰোধী দলব লগত আমাৰ বুজাবুজি হৈছে। পূর্বতে এই বুজাবুজি কেতিয়াও নাছিল।

উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপূর্ণ ৰাজ্যত সমাজবাদী পার্টিৰ লগতো আমাৰ মিত্রতা হৈছে। ডিএমকেৰ স’তে আমাৰ মিত্রতা ঠিকেই আছে। দক্ষিণ ভাৰতৰ ৰাজ্য অন্ধ্ৰ প্রদেশ আৰু তেলেংগানাত আমাৰ দলীয় সংগঠন দুর্বল আছিল। এই দুই ৰাজ্যত আমাৰ স্থিতি পূর্বতকৈ ভাল হৈছে। তেলেংগানাত আমাৰ চৰকাৰ হৈছে। অন্ধপ্রদেশত ৱাইই এছ শর্মিলাৰ দৰে ৰাজনৈতিকভাৱে প্রভাৱশালী মহিলাই দলৰ নেতৃত্ব লৈছে। মিত্রজোটৰ ক্ষেত্রত ক’বলৈ গ’লে মই এশ শতাংশ সন্তুষ্ট নহয় আৰু এশ শতাংশ সন্তষ্ট নহয় আৰু এশ শতাংশ অসন্তষ্টিয়ে মই প্ৰকাশ কৰা নাই ৷ মই আশাবাদী ৷

প্রশ্ন: দেশৰ অধিকাংশ সময় কংগ্রেছে শাসন কৰিছে। বৰ্তমানৰ শাসক দল বিজেপিয়ে বাৰে বাৰে কৈছে যে দীঘলীয়া সময় শাসনত থকাৰ পাছতো কংগ্ৰেছে দেশৰ আকাংক্ষিত উন্নয়ন সাধন কৰিব নোৱাৰিলে। এই প্ৰসংগতে সুধিব বিচাৰো যে দল হিচাপে আজি কংগ্ৰেছৰ স্থিতি কি? অসম তথা দেশজুৰি কি অৱস্থানত আছে কংগ্রেছ?

উত্তৰ : আজি কংগ্ৰেছে এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আছে বুলি মই ভাবো। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে একমাত্র কংগ্রেছেই মাত মাতি আছে। গণতন্ত্রত সমতা ৰক্ষা এক অতি প্রয়োজনীয় বিষয়। ভাৰতৰ দৰে এখন শক্তিশালী গণতান্ত্রিক দেশত আদালত তথা সংবাদ মাধ্যমেও এই ভূমিকা গ্ৰহণ কৰে। চৰকাৰী অনুষ্ঠানসমূহে স্বতন্ত্রতা-নিৰপেক্ষতা বজাই ৰাখে। বৰ্তমানৰ চৰকাৰৰ হেঁচা ইমান প্রবল যে বহু সময়ত সংবাদ মাধ্যমেই হওক, ন্যায়পালিকাই হওক, অন্যান্য সংস্থাই হওক আজি দূর্বল হৈ পৰিছে। সংবিধান ৰক্ষাৰ এইসকলৰ যি মূল ভূমিকা সেয়া ভালদৰে পালন কৰিব পৰা নাই। বিজেপিৰ ৰাজনৈতিক চক্রৰ পৰা ভাৰতৰ গণতান্ত্রিক পবিবেশ বা আদর্শ যদি বজাই ৰাখিছে, সেয়া কংগ্রেছে। আপোনালোকে ভাবক যে আজি যদি কংগ্রেছ নাথাকিলের্জেতেন তেছে দেশৰ অৱস্থা কি হ’লহেঁতেন। আমাৰ ভাধিক সংখ্যালঘু, ধর্মীয় সংখ্যালঘু, অনুসূচিত জাতি-জনজাতি আদিৰ কি হ’লহেঁতেন গতিকী আজি কংগ্রেছে প্রতিৰোধ গঢ়ি গড়ি নুতুলিলেয়েতেন। হ’ব পাবে আমাৰ স্থিতি বিচৰাতাকৈ দূর্বল হৈছে, হ’ব পাৰে ৰাইজে আমাৰ পৰা আৰু অধিক আশা কৰে, কিন্তু আজি আমিহে বিৰোধীৰ ভূমিকা গ্রহণ কবি আছো। আমি সংসদৰ ভিতৰে-বাহিৰে আমি নিজৰ বক্তব্য উপস্থাপন কবি আহিছো। ৰাহুল গান্ধীয়ে ন্যায় যাত্রা কৰি আছে। ৰাজনৈতিকভাবে আমি সাহসৰ প্রতীক। আমিয়ে গ্রহণ কৰিছো মূল ভূমিকা।

বৰ্তমান আমাৰ কিমানখন আসন আছে, ক’ত ক’ত চৰকাৰ আছে, সেই মাপকাঠিৰে চাইছে। মই ভাবো এইদৰে মূল্যায়ন কৰিব নালাগে। সামগ্রিক পৰিবেশ অধ্যয়ন কৰিলে দেখা যায় যে হাৰ মানি বন্ধ ৰাজনৈতিক দলে ৰাজনৈতিক দল আজি নামতছে বিৰোধী হৈ আছে, এইসকলে গোপনে বিজেপিক সমর্থন সি আছে। এই পৰিবেশৰ বিপৰীতে আজি ভাৰতত এটাই বাজনৈতিক দল আছে, যি প্রকৃত বিৰোধীক ভূমিকাত অটল, সেয়া হৈছে কংগ্রেছ। আমি নিশ্চিতভাবে বিৰোধীৰ ভূমিকাৰ পৰা সামান্যও বিচ্যুত হোৱা নাই। সাংবিধানিক আদর্শক আমি আজিও সুৰক্ষা দি আছো, আমি ধর্মনিৰপেক্ষতাৰ মূল্যবোধক ৰক্ষা কৰিছো। মই গৌৰৱ অনুভব কৰো যে আজি এনে এক সময়, য’ত আমাৰ কেন্দ্রত চৰকাৰ নাই, অসমতো চৰকাৰ নাই- সেই সময়াহ বিৰোধীৰ কন্ঠ গণতন্ত্ৰ কিমান প্রয়োজনীয় সেয়া কংগ্রেছত থাকি পদে পদে অনুধাৱন কৰিছো। আজিৰ যি ৰাজনৈতিক হেঁচাৰ পৰিৱেশক আমাৰ দল যিদৰে সৱলভাৱে বিৰোধিতা কৰি আছে, অটল হৈ আছে তাৰ বাবে মই গৌৰবান্বিত।

প্রশ্ন: কংগ্রেছৰ পৰা বিভিন্ন নেতা তৃণমূল পর্যায়তো আতৰি যাবলৈ পৰিছে। শেহতীয়াভারে আপোনালোকৰ দলব বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ দৰে সৰব
নেতাও বিজেপিলৈ গৈছে। ইয়াৰ কি কাৰণ? নেতৃত্বই ধৰি ৰাখিব পৰা নে দলৰ অন্তৰ্কন্দল?

উত্তৰ: মই ক’ব বিচাৰো যে যদি দল এৰি যাব বিচাৰিছে তেন্তে ভালদৰে যাব লাগে। ভালদৰে কিয় যোৱা নাই, এখন ভৰি যে এতিয়াও কংগ্রেছত দি থৈছে! কংগ্ৰেছৰ প্রাথমিক সদস্য পদৰ পৰা তেওঁ পদত্যাগ কৰা নাই। এনে দুমুখীয়া স্থিতি কিয়? যদি। – সঁচাকৈয়ে তেওঁলোকে আপোনালোকে কোৱাৰ দৰে সম্ভাৱনাপূর্ণ নেতা তেন্তে দুখন ভৰিৰে জাঁপ মাৰি বিজেপিৰ নাৱত সোমাব লাগিছিল। কিয় এনেকুৱা হোৱা নাই? তেওঁলোকৰ চিন্তা কিহৰ? উপ-নির্বাচনক লৈ ভয় খাইছে নেকি? বিজেপি যদি ইমান শক্তিশালী, তেন্তে আমাৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি দুটা ভৰি জাঁপ মাৰি বিজেপিত থৈ উপ-নির্বাচনলৈ সাজু হ’ব লাগিছিল; অথচ এনে হোৱা নাই। ইয়াৰ অৰ্থ হৈছে যে বিধায়ক পদ গ’লে তেওঁলোক উপ-নির্বাচনত বিজয়ী হ’ব পাৰিব তাক লৈ তেওঁলোকৰ ভয় আছে। যদি ভয় আছে তেন্তে কংগ্ৰেছ দুর্বল কিদৰে হ’ল? বিধায়ক হৈ থকা অৱস্থাতো যদি তেওঁলোকে উপ-নির্বাচনক লৈ ভয় খাইছে, তেন্তে কিদৰে কংগ্ৰেছ দুর্বল? এইটোৱেই প্ৰমাণ কৰে যে কংগ্ৰেছ দুর্বল নহয়, আজিও কংগ্ৰেছৰ স’তে মানুহৰ সংযোগ আছে, দলৰ শক্তিশালী সংগঠন আছে, কংগ্ৰেছৰ প্রতীক হাতৰ ছবিৰ প্ৰতি মানুহৰ টান আছে। মই নিজৰ উদাহৰণ দি কওঁ যে হাতৰ চিহ্নতকৈ আমাৰ বাবে ডাঙৰ চিহ্ন একো হ’ব নোৱাৰে। হাতৰ চিহ্ন সকলোতকৈ ডাঙৰ, ইয়াতকৈ ডাঙৰ নে গৌৰৱ গগৈ হ’ব পাৰে নে আন কোনোেবা নেতা হ’ব পাৰে।

প্রশ্ন: যিকোনো কাৰণতে তেওঁলোেক গৈছে আৰু এই প্ৰৱণতা-অব্যাহত আছে?

উত্তৰ: ইয়াৰ বিভিন্ন কাৰণ আছে। বিজেপিয়ে বিভিন্ন অস্ত্র প্রয়োগ কৰিছে। আজি কমলাক্ষ দে পুৰকায়স্থ বা আমাৰ বিভিন্ন মানুহৰ বিজেপিয়ে কিদৰে ফাইল খুলিছে আমি আাজানো নেকি? এই কথাটোও সঁচা যে তেওঁলোকে ফাইল খোলে আৰু পাছত যিজন লোকে বিজেপিক সমর্থন দিয়ে লগে লগে সেই ফাইল বন্ধ হৈ যায়। বিজেপি এটা ৱাছিং মেচিন, এটা ডিটার্জেন্ট। তেওঁলোকে পূর্বতে ক’ব যে মানুহজনৰ গাত অলপ দাগ লাগি আছে তাৰ পাছত তেওঁলোকৰ লগত থকা বিশেষ এটা পাউদাৰেৰে ধোৱে আৰু তাৰ পাছত মানুহজন নিকা হৈ যায়। বর্তমান অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো একে কথাই প্রযোজ্য।

তেওঁৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগনামা প্ৰকাশ কৰিছিল, লুইছ বাৰ্জাৰ আৰু সাৰদাক লৈ, তাৰ পাছতো একো নকৰিলে। এতিয়া সেইবোৰ কথা সকলোবে বুজি পাইছে যে বিজেপিয়ে নিজে অভিযোগ উত্থাপন কৰে আৰু কয় যে এই লোকজন ভ্ৰষ্টাচাৰী-দুর্নীতিগ্রস্ত, তাৰ পাছত তেওঁলোকক দলত সুমুৱাই লয়। যিয়ে নহওক, আজি কংগ্রেছত যিখিনি লোক আছে সেইসকল বিশুদ্ধ কংগ্রেছী, তেওঁলোকে কংগ্রেছক ভাল পায় আৰু এইখিনিয়ে আমাৰ সম্পদ। আমাৰ দলৰ ১৫ বছৰ চৰকাৰ আছিল। বিভিন্ন মানুহে সুবিধা বিচাৰি আমাৰ ওচৰলৈ আহিছিল। আমাৰ অলপ অতিৰিক্ত ‘বেগেজ’ হৈছিল। সেয়া এতিয়া লাহে লাহে কমিছে। বিমানত উৰিবলৈ একেবাৰে প্ৰকৃত ওজনলৈ আমি আহিছো।

প্রশ্ন: আপুনি কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব? ৰাইজে জানিব বিচাৰিছে?

উত্তৰ : মই ভবা নাছিলো যে মোৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাইজৰ মাজত ইমান চর্চা হ’ব। ৰাইজৰ এই মৰম আৰু আগ্রহৰ বাবে প্ৰথমতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰাইজে আন্তৰিকতাৰে কথাবোৰ জানিব বিচাৰে আৰু সেইদৰে ময়ো জানিব বিচাৰো। কিন্তু প্রত্যেক দলৰে নীতি-নিয়ম থাকে। লোকসভাই হওক বা বিধানসভাই হওক, কোনো নির্বাচনকে সহজ বুলি ভাবিব নালাগে। বুদ্ধি খটুৱাই বিবেচনা কৰিব লাগে। সেয়ে মই ভাবো মোৰ দলেও এই কথাবোৰ বিবেচনা কৰি আছে। কেবল মোৰ কথাই নহয়, অসমৰ ১৪ খন আসনৰ বাবে দলে বিবেচনা কৰি আছে। দলে অৱশেষত প্রার্থীৰ তালিকা প্রকাশ কবিব। মই তাৰ বাবে অপেক্ষা কৰি আছো আৰু ৰাইজেও অপেক্ষা কৰি আছে। মই অৱশ্যে বহি থকা নাই। মই দলক শক্তিশালী কৰিবৰ বাবে কাম কৰি আছো। অলপতে মই বৰাকলৈও যাম। আমাৰ দলে সিদ্ধান্তপূর্ণ ৰাজনীতি কৰি আছে, সেয়া অনাগত দিনত অধিক সবল হওক, ৰাইজ আমাৰ প্রতি অধিক আকর্ষিত হওক, সেয়াই মোৰ চিন্তা। মই কেতিয়াও মোৰ ব্যক্তিগত স্বাৰ্থ লৈ ৰাজনীতি কৰা নাই। আগতেও কৰা নাই আৰু আজিও কৰা নাই।

প্রশ্ন: বিগত নির্বাচনৰ পূৰ্বে আপুনি ৰাইজক যিবোৰ প্রতিশ্রুতি দিছিল, সেয়া কিমান পূৰণ । কৰিব পাৰিলে? সাংসদ পুঁজিৰ ধন আপুনি । কিমান ব্যৱহাৰ কৰিব পাৰিলে?

উত্তৰ : এজন সাংসদ হিচাপে সংসদীয় ৰাজনীতিত আমি যি কৰিব পাৰো, সেয়া চেষ্টা কৰিম। এই কথা মই ৰাজহুৱাকৈ কৈছো যে আমি সমষ্টিত সময় দিম, মানুহৰ মাজত থাকিম, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়বোৰ সংসদত দাঙি ধৰিম। ভাৰতীয় নাগৰিক হিচাপে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ হৈ আমাৰ কথাবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্র- ছাত্রীসকলৰ হোৱা এক বার্তালাপত মই কৈছিলো যে মই মোৰ দেশ, ৰাজ্যৰ বাবে এজন ভাল প্রতিনিধি হ’বলৈ বিচাৰো। দেশক প্রতিনিধিত্ব কৰি শ্ৰীলংকাৰ কলম্বোেত কাশ্মীৰৰ বিষয়ক লৈ পাকিস্তানৰ প্ৰতিনিধিৰ স’তে মোৰ বিতর্ক হৈছিল। সেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত মই আমাৰ কথাবোৰ যুক্তি সহকাৰে উপস্থাপন কৰিছিলো। উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিগত বৰ্ষত মণিপুৰৰ বিষয়ক লৈ সংসদত অনাস্থা প্রস্তাৱত ইন্ডিয়া মিত্রজোটৰ হৈ মই নেতৃত্ব লৈছিলো। অসমৰ সন্দৰ্ভত মই সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দৰে বিষয়বোৰত বক্তব্য উপস্থাপন কৰি থাকো। সমষ্টিৰ কামতো মই চেষ্টা অব্যাহত ৰাখিছো। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মই আৰু কাম কৰিব বিচাৰো। এজন সাংসদ হিচাপে মোৰ আৰু বহু কৰিবলগীয়া আছে।

 সাংসদ পুঁজিৰ ব্যয়ৰ ক্ষেত্ৰত মই কিছুমান কাম কৰিছো আৰু নিশ্চয় ৰাইজৰ দৃষ্টিগোচৰ হৈছে। আমি ২৫ খন এম্বুলেন্স যোগান ধৰিবলৈ সক্ষম হৈছো। ক’ভিডৰ দুবছৰ সাংসদ পুঁজি লাভ কৰা নাছিলো যদিও বিভিন্ন বেচৰকাৰী সংগঠনৰ স’তে যোগাযোগ কৰি কমেও ৫০টা প্রাথমিক স্বাস্থ্যকেন্দ্রত অক্সিজেন যোগানৰ ব্যৱস্থা, গুৰুত্বপূর্ণ চিকিৎসা সা-সঁজুলি আদিৰ ব্যৱস্থা কৰিছিলো। সেই সময়ছোৱাত বহুসংখ্যক দৰিদ্ৰ লোকক আমি ফল-মূল, শাক-পাচলি আদি যোগানৰো চেষ্টা কৰিছিলো। সাংসদ পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত নিজকে মই ১০ৰ ভিতৰত ১০ নম্বৰ  নিদিও; কিন্তু মই ৭.৫ নম্বৰ দিব বিচাৰো।

প্রশ্ন: আগন্তুক লোকসভা নির্বাচনত অসম আৰু ৰাষ্ট্রীয় প্রেক্ষাপটত আপোনালোকৰ নির্বাচনী ই্যু কি হ’ব?

উত্তৰ : আমাৰ নিৰ্বাচনী ইছ্যু এটাই যে আমি ভয় খাব নালাগে। আমি মুখ্যমন্ত্রীক লৈও ভয় খাব নালাগে আৰু প্রধানমন্ত্রীকো ভয় খাব নালাগে। ৰাহুল গান্ধীয়ে কৈছে যে ‘ডৰ’ মত’ (ভয় নাখাব)। এই নির্বাচন আমাৰ বাবে অতি গুৰুত্বপূর্ণ। মল্লিকার্জুন খার্গেই কয় যে গণতান্ত্রিক প্রক্রিয়া অব্যাহত বাখি এয়া আমাৰ শেষ নির্বাচন হ’ব পাৰে। যদি পুনৰ বিজেপি।এনে বৃহৎ সংখ্যাৰে বিজয়ী হৈ আহে, তেন্তে তেওঁলোকে গণতান্ত্রিক প্রক্রিয়া একেবাৰে নোহোৱা কৰি দিব। আপোনালোকে দেখিছে যে চণ্ডীগড়ব এটা নির্বাচনৰ বাবে তেওঁলোকে কিদৰে ৰিটার্ণিং বিষয়াজনক ব্যৱহাৰ কৰিছে। যদি কংগ্রেছ ক্ষমতালৈ নাহে তেন্তে দেশৰ অৱস্থা কি হ’ব? এই নির্বাচন হ’ব গণতন্ত্রক বচোৱাৰ নিৰ্বাচন, আমি কোনো ক্ষেত্রতে ভয় খাব নালাগে, আমি আমাৰ কণ্ঠ মুকলিকৈ প্ৰকাশ কৰিব লাগে। গাঁৱৰ আইসকলেই হওক বা চহৰত কাম কৰা প্রফেছনেল মহিলাগৰাকীয়েই হওক, শিলসাঁকো বিলৰ উচ্ছেদিত লোকসকলেই হওক, গুৱাহাটীৰ পাহাৰত থকা মানুহবোৰেই হওক, সকলোৱে মনৰ কথাবোৰ, দাবীবোৰ জনাওক। আমি আমাৰ কণ্ঠ অধিক শক্তিশালী কৰিব লাগে, . সচেতন হ’ব লাগে। এই ক্ষেত্রত কংগ্রেছক এক ধৰিবলৈ চেষ্টা কৰিম। উপযুক্ত মঞ্চৰূপে ৰাইজৰ সমুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম ৷

প্রশ্ন: আজিৰ অসমৰ মূল সমস্যা আপোনাৰ দৃষ্টিত কি?

উত্তৰ: মই ভাবো অসম তথা ভাৰতৰে মূল সমস্যা হৈছে নিবনুৱা সমস্যা। আমাৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু সর্বাধিক সংখ্যকেই যুৱক। বর্তমানৰ যুৱ প্রজন্ম অধিক শিক্ষিত। আমাৰ এই শিক্ষিত যুৱকসকল যদি নিবনুৱা হৈ থাকে তেন্তে হতাশা বৃদ্ধি পাব। সেয়েহে কিছুমানে অলপ ধন গোটাই বাহিৰলৈ যাবলৈ চেষ্টা কৰে। কিছুসংখ্যকে ধনৰ লোভত অপৰাধ কার্যতো লিপ্ত হৈছে। হতাশাব সুযোগ লৈ যুৱ প্ৰজন্মৰ একাংশৰ মাজত চক্রান্তকাৰীয়ে ড্রাগছ মেলি দিছে। আমাৰ সেয়ে মূল সংকল্প হৈছে যে আমি যেতিয়া অর্থনীতিৰ কথা কওঁ আৰু মুঠ ঘৰুৱা উপার্জন (জিডিপি)ব কথা কওঁ তেতিয়া মনত ৰাখিব লাগিব যে আমাৰ কিমানখন ফ্লাইঅ’ভাৰ আছে, কিমান পথ আছে, সেয়াই কেবল নহয়, আমাৰ উন্নয়নৰ প্রতীক, আমাৰ উন্নয়নৰ মূল সূচাংক (ইণ্ডিকেটৰ) জিডিপি নহয়, সেয়া হ’ব আমি কিমান মানুহক সংস্থাপিত কৰিব পাৰিলো। আমাৰ অৰ্থনীতি নিয়োজনমুখী হ’ব লাগিব। আমি জিডিপিমুখী অৰ্থনীতিৰ নিয়োজনমুখী অর্থনীতিক গুরুত্ব দিলেহে সঠিক সিদ্ধান্ত ল’ব পাৰিম। আমি কৃষিখণ্ডত, সৰু- সৰু উদ্যোগৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। ব্যক্তিগত খণ্ডত আমি অধিক মহিলাক কিদৰে সুচল কৰ্মসংস্থাপনৰ পৰিৱেশ দিব পাৰো, সেয়া চাব লাগিব। এনে কিছুমান ভাল চিন্তা লৈ আমি আগবাঢ়িব লাগিব।

প্রশ্ন: আপুনি ছাত্রাৱস্থাৰ পৰাই সামাজিক কাম কৰিছে বুলি কৈছে, সাংসদ হিচাপেও ৰাইজৰ মাজলৈ গৈছে। সমাজৰ শেষৰৰ্জন মানুহৰ অন্তৰাত্মাই কি কয় বুলি আপুনি উপলব্ধি কৰে?

উত্তৰ: মই ভাবো আমাৰ সমাজৰ এইসকল লোক হতাশ হৈছে, তেওঁলোকে বিভিন্ন ৰাজনৈতিক দল-চৰকাৰক দেখিছে ৷ একেবোৰ কথাকে তেওঁলোকে বাৰম্বাৰ শুনি আছে আৰু ক’ৰবাত হতাশ হৈছে। এটাৰ পাছত আনটো আশ্বাস তেওঁলোকক দিয়া হৈছে। গুৱাহাটীৰ পাহাৰবাসীয়ে অলপতে আমাক ক’লে যে পূৰ্বৰ কংগ্রেছ চৰকাৰৰ দিনতো তেওঁলোকক পট্টা দিয়াৰ কথা কোৱা হৈছিল, কিন্তু নিদিলে। বর্তমানব চৰকাৰেও একেই প্রতিশ্রুতি দিছে কিন্তু সম্পূর্ণ কৃৰা নাই। বাজনীতির প্রতি মানুহব আস্থা পূর্ণতকৈ হ্রাস পাইছে। সেয়া মই নিশ্চয় অনুভব কবো। মই ভাবো যে আজি ভাল মানুহ, অভিজ্ঞ মানুহ, প্রফেছনেল অভিজ্ঞতা থকা মানুহ, সমাজৰ লগত জড়িত হৈ থকাজন, মূল্যবোধৰ ৰাজনীতি কৰা মানুহ আমাক লাগে। অন্যথা বাজনীতিৰ প্ৰতিয়ে যদি বাইজে আস্থা হেকরায়, তেন্তে সমাজত অৰাজকতাৰ সৃষ্টি হ’ব। আক্তি সমাজত বৃহৎ আর্থিক প্রভেদব সৃষ্টি হৈছে। ধনী অধিক ধনী, দুখীয়া অধিক দুখীয়া হৈ গৈছে। নিবনুৱা সমস্যা, মূল্যবৃদ্ধিয়ে আমাক গ্রাস কৰিছে। গণতন্ত্রৰ প্রতি মানুহৰ আজিও বিশ্বাস যে নিজ প্রতিনিধি প্রেৰণ কৰি নিজৰ কথা কোৱাৰ বাবে গণতন্ত্র হৈছে উপযুক্ত মঞ্চ। সেয়েহে গণতন্ত্র আক বাজনীতিৰ প্রতি ৰাইজে আছা হেৰুৱালে সৃষ্টি হ’ব পৰা অৰাজক পৰিবেশত ব্যক্তিগত স্বার্থ সিদ্ধিৰ কথা ভবা সকলে হতাশাৰ পৰিবেশব সুযোগ ল’ব পাৰে। হিটলাৰে এনে পৰিস্থিতিতে – জার্মানীত নেতৃত্ব লৈছিল, যি সময়ত জার্মানীত এই মানুহৰ মাজত আছিল হতাশা, অস্থিৰতা আৰু ন নিবনুৱাৰ সমস্যা, হিটলাৰে এই সময়ত প্রবেশ কৰি ভ্রাতৃঘাতী দ্বন্দৰ সৃষ্টি কৰিছিল, ঐক্য বিনষ্ট কৰিছিল। লাখ লাখ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। আমি তেনে এক পবিৱেশ নিবিচাৰো। সুস্থ অর্থনীতি আৰু সুস্থ ৰাজনীতিৰ অতি প্রয়োজন। অর্থনীতিৰ লগতে আজি সমাজনীতি আৰু ৰাজনীতি যথেষ্ট গুৰুত্বপূর্ণ হৈ উঠিছে।

প্রশ্ন: যুৱ প্ৰজন্মৰ ভোটাৰেই দেশত সর্বাধিক। যুৱসকলক আকৰ্ষণৰ বাবে আপোনালাকে কি বিশেষ চেষ্টা কৰিছে?

উত্তব: যুর প্রজন্মৰ মাজত আছে প্রবল শক্তি। তেওঁলোকে কথাৰে নহয়, কামেৰে প্রমাণ বিচাৰে। পূৰ্বৰ দবে কেবল সুন্দৰ বক্তৃতাৰে তেওঁলোকৰ দৃষ্টি আকর্ষণ কৰিব নোৱাৰি। আমি কামৰ জৰিয়তে তেওঁলোকক ওচৰ চপাব পাৰিম। সেয়েহে আমি যিমান সক্রিয় আৰু তাত দৃশ্যমান হৈ থাকিম, সম্পর্ক নির্মাণ কৰিম তেতিয়াহে যুৱসকল আমাৰ প্রতি আকর্ষিত হ’ব। আমি যুৱসকলক ‘টেকেন ফৰ গ্রান্টেড বুলি ল’ব নালাগে। তেওঁলোকৰ একাউণ্টত কিছু পইচা দি, মটৰ চাইকেল কিনি দি, আমি তেওঁলোকৰ সমর্থন আদায় কৰিবলৈ সক্ষম হ’ব পাৰিম যদি ভাবিছো সেয়া ক্ষন্তেকীয়া। এই সুবিধাবোৰ দিলেই সদায়ে যে যুৱসকল আমাৰ লগত থাকিব সেয়া নিশ্চিত নহয়। তেওঁলোকে খৰতকীয়া আৰু দৃশ্যমান, প্রমাণ বিচাৰেআমি আগ্রাসীভাৱে। যুৱকসকলৰ হৈ আমাৰ মাতিবলগীয়া আছে । আমি ভদ্র হোৱাটো তথা একে সময়তে নিজ অধিকাৰক বিচাৰোতে দৃঢ়তা প্রদর্শন কৰাটো প্রয়োজনীয়।

প্রশ্ন: কিছু ব্যক্তিগত প্ৰসংগলৈ আহিছো, আপুনি ভাবিছিল নে যে কেতিয়াবা ৰাজনীতি কৰিব?

উত্তব : মই কেতিয়াও ভবা নাছিলো। ৰাজনীতিৰ ওপৰত অধ্যয়নৰ মোৰ আগ্রহ আছিল? কিন্তু সংসদীয় ৰাজনীতিৰ প্ৰতি মোৰ কেতিয়াও আগ্রহ নাছিল। মই আগৰে পৰাই কংগ্রেছৰ নেতৃত্ব, পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ জীৱনীমূলক গ্রন্থ, আত্মজীৱনী আদি পঢ়ি ভাল পাও। মোৰ আগ্রহ ৰাজনৈতিক মতাদর্শতো আছিল। মই পোনপটীয়াকৈ ৰাইজৰ মাজত থাকি সদায়ে কাম কৰিব বিচাৰো।

মোৰ পিতৃ দুবাৰকৈ কেন্দ্রীয় মন্ত্রী আছিল। ২০০১ৰ পৰা অসমৰ মুখ্যমন্ত্রী আছিল। মই কেতিয়াও মোৰ চিনাকি কেন্দ্রীয় মন্ত্রী অথবা মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে দিয়া নাছিলো। মই কলেজীয়া জীৱনত বা চাকৰি কালত এই পৰিচয় প্রকাশ কৰা নাছিলো; কিয়নো মই ক’লেই সতীৰ্থসকলৰ ব্যৱহাৰ মোৰ প্ৰতি সলনি হ’লহেঁতেন। মোক যেতিয়া কোনোবাই সোধে-তুমি অসমৰ পৰা আহিছা, তোমাৰ দেউতা কি কবে? মই কৈছিলো-মোৰ দেউতা এজন চাকৰিয়াল। মোৰ নিজস্ব পৰিচয় দাঙি ধৰাতে মোৰ সদায় আগ্রহ আছিল। অসমত আহি আৰু ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়তো মোৰ দেউতাই সংবাদমেল সম্বোধন কবোতেও মই তেওঁৰ লগত কেতিয়াও বহা নাছিলো। আপোনালোকে দেখিছেই। লাহে লাহে এটা সময়ত সংসদীয় ৰাজনীতিৰ প্ৰতি মোৰ আগ্রহ বৃদ্ধি পাইছিল।

প্রশ্ন: আপোনাৰ পিতৃ এজন সফল ৰাজনীতিক আছিল। তেওঁৰ কি কথাই আপোনাক অনুপ্রাণিত কৰে?

উত্তৰঃ আপুনি যিহেতু প্রশ্ন অলপ পাতলীয়াকৈ সুধিছে গতিকে ময়ো অলপ তেনেকৈ কও। প্রথমতে মই কংগ্ৰেছৰ পৰাই শিকিলো। যিদৰে ব্ৰহ্মপুত্ৰ নৈৰ তলৰ ধাৰ সুতীব্র, সাতুৰিবলৈ গ’লে ক’ৰবালৈ টানি লৈ যাব পাৰে। সেইদৰে আমাৰ দলটো ব্রহ্মপুত্র নৈৰ দৰে অতি বহল, সাঁতুৰিবলৈ সকলোরে ভাল পায়। অবশ্যে বব সাবধানেৰে সাঁতুৰিব লাগে। নহ’লে ব্রহ্মপুত্র নৈৰ দৰে তলৰ ধাৰে টানি লৈ যায়। এই কথাবোৰ মই শিকিলো। সেয়েহে সদায়ে মই মোৰ পিতৃৰ আদর্শ, তেওঁৰ ইমান ধৈর্য, বহল। চিন্তা আৰু কোনোবাই তেওঁৰ বিবোধিতা কৰিলেও আপত্তি নকৰে। সাংবাদিকসকলেও প্রশ্ন সুধিলে বা কথা ক’লেও তেওঁ আপত্তি নকৰিছিল, এনে বহল চিন্তা নিজৰ জীৱনত অনুকৰণ কৰিবলৈ চেষ্টা কবো; কিন্তু হয়তো মোৰ বয়সৰ বাবেই নেকি, মোৰ ইমান ধৈর্য নাই। কিছুমান কথা শুনিলে মোৰ অলপ খং উঠি যায়। মই চেষ্টা কৰি আছো যে লাহে লাহে মই তেওঁৰ ‘দৰে আৰু বহল মনৰ অধিকাৰী হ’ব পাৰিম।

প্রশ্ন: এজন ৰাজনীতিক হিচাপে আপোনাৰ মূল লক্ষ্য কি?

উত্তৰ: অসমৰ উন্নয়ন আৰু প্রগতি। আমি পূর্বতে ২০ বছৰ বিভিন্ন ৰাজনৈতিক কাৰণত পিছুৱাই গ’লো। ২০০৩-০৪ত যেতিয়া অসমত প্ৰথমবাৰৰ বাৰে শ্ব’পিং মল খুলিছিল তেতিয়ালৈ গুৰগাঁৱৰ কিমান উন্নতি হৈছিল। ২০০৫-০৬ ত সোণাপুৰত যেতিয়া ধাবা খুলিছিল তেতিয়া মানুহে প্রথমতে অলপ ভয় কৰিছিল। মোৰ পিতৃয়ে নিজেই গৈছিল সেই স্থানলৈ। তদুপৰি নেহৰু পার্কতো তেতিয়া লাহে লাহে মানুহ গোট খাইছিল। মোৰ জন্মস্থান যোৰহাটতো সেই সময়ছোৱাত এনে উন্নয়ন হ’বলৈ ধৰিছিল। সেইবোৰ ভাল কথা – নিশ্চয়। অৱশ্যে আন বহু ৰাজ্যৰ স’তে তুলনা কৰিলে ৷ আমাৰ বহুত আগুৱাইই যাব লগা আছে। সেয়েহে অসমৰ উন্নয়নৰ ওপৰত বিশেষ ‘গুৰুত্ব দিব বিচাৰো। আমাৰ বহু সামাজিক সমস্যা আছে। শিক্ষাক্ষেত্ৰত, চাহ বাগিচা অঞ্চলত, চৰাঞ্চলত অধিক উন্নয়ন হ’ব লাগিব। উন্নয়ন এক ধাৰাবাহিক প্রক্রিয়া যদিও ইয়ে মূল লক্ষ্য। দ্বিতীয়তে, লাহে লাহে আমাৰ গণতান্ত্রিক প্রক্রিয়াটো যে হেৰাবলৈ ধৰিছে আজিৰ এই বাজনৈতিক পৰিবেশত মোৰ সপোন হ’ব যে আমি স্বাধীন হও। পুনৰ কথাবোৰ ক’বলৈ সাহস কৰো। ৰাইজৰ কন্ এতিয়া অলপ আবদ্ধ হৈছে। চৰকাৰৰ পক্ষ এয় বিপক্ষত হওক ৰাইজে যাতে স্বাধীন মুক্তমনে কথা ক’ব পাৰে তেনে পৰিৱেশ ভাৰতত পুনৰ আহিব নিশ্চয় দেয়া মোৰ এটি সপোন।

প্রশ্ন: আপোনাৰমা আৰু পত্নী, এই দুখৰাকী নাৰীৰ পৰা আপুনি কিদৰে অনুপ্রেৰণা লাভ কৰিছে?

উত্তৰ: আমি প্রকৃতিৰ এক অংগ। আমাৰ নিজৰ জীৱন সৃষ্টি আমি নিজে কৰিব নোৱাৰো। জীৱনৰ পথ প্রদর্শন কৰাৰ ক্ষেত্ৰত পিতৃ,মাতৃ, শিক্ষাগুৰুসকল, সন্তান, পৰিবাৰ, আমাৰ সতীর্থসকল সকলোৰে অৰিহণা থাকে। আমি এক সমূহীয়া সমাজৰ অংশ। যিদৰে সাগৰত বিভিন্ন নদী গৈ সোমায়, আমিও জীৱনত বহুতৰ পৰা শিকি, প্রেম লাভ কৰি নিজৰ পথ নির্ধাৰণ কৰিছো। মোৰ নিজৰ জীৱন যাত্রাক যদি মই এখন নদীৰ স’তে তুলনা কৰো তেন্তে মোৰ মাতৃ আৰু পৰিবাৰৰো বৃহৎ অৱদান আছে। মই সঠিক দিশত আগবাঢ়িছো নে নাই সেয়া তেওঁলোকে আঙুলিয়াই দিয়ে। বহু মানুহৰ মাজত থাকো, বে বিভিন্নজনে প্রশংসাও কৰে কেতিয়াবা, কোনোবাই আমাক উচ্চ আসনো দিয়ে, এই – পৰিস্থিতি অহংকাৰে যাতে আমাৰ মাজত থিতাপি নলয় তাৰ বাবে মোৰ পবিবাৰে সর্বদা দুষ্টি ৰাখে। মোক বেছি উৰিবলৈ নিদিয়ে। বহুতে কয় যে মই এক ৰাজনৈতিক ঘৰত জন্ম লৈছো, চমকৰ মাজত জন্ম হৈছো মই । গৌৰব অনুভৱ কৰো যে তৰুণ গগৈৰ ঘৰত মই জন্মগ্রহণ কৰিছো। মই গৌৰৱ অনুভৱ কৰো যে মোৰ মাতৃ ডলি গগৈ। এয়া মই লুকাই ৰখা কথা নহয়। দুয়োৰে পৰা মই বহু আদর্শ লাভ কৰিছো। আজি মোৰ যি ব্যক্তিত্ব- তাত দুয়ো গৰাকীৰে বহু অৰিহণা আছে। মই ৰাজনৈতিক ঘৰত জন্মগ্রহণ কৰিছো আক সুবিধা লাভ কৰিছো। বহুতে কৈ থকা এই- কথাৰ পৰা মই নিজকে কেতিয়াও অতিৰাই নাৰাখো। মোৰ পিতৃ-মাতৃয়ে মোৰ জীৱনত গুৰৰ দৰে মোক পথ দেখুৱাইছে। তেওঁ লোকৰ আদর্শৰ দ্বাৰাই মই নিজকে থিয় কৰাব পাৰিছো । মোৰ পৰিবাৰ বিদেশৰ যদিও মোৰ ভাল লাগে যে তেওঁলোকৰ ঘৰৰ আদৰ্শ আৰু আমাৰ আদৰ্শৰ মাজত মিল আছে। তেওঁ অতি সুন্দৰকৈ নিজ দেশ ত্যাগ কৰি আহি যোৱা ১০- ১১ বছৰে দিল্লীত বসবাস কৰিছে, চাকৰি কৰি আছে। সন্তান লালন পালন কৰিছে। ময়ো চেষ্টা কৰো ঘৰত থকা সময়ছোৱাত সন্তান হিচাপে, পিতৃ হিচাপে দায়িত্ব পালন কবো।

প্রশ্ন: আপুনি যেতিয়া অসমলৈ আহি প্রথমতে অসমীয়া ভাষা কৈছিল তেতিয়া দেখিছিলো বহু খোকোজা আছিল। শেহতীয়াভাবে মানুহেও কৈছে আৰু ময়ো বহু দীঘলীয়া সময় আপোনাৰ স’তে কথা পাতিলো। আপুনি সাবলীলভাৱে সুন্দৰকৈ অসমীয়া কৈছে। কিদৰে আয়ত্ত কৰিলে?

উত্তৰ : এইখিনি কথা মোক দিল্লীতো মানুহে সোধে যে সুন্দৰকৈ কিদৰে হিন্দী ক’বলৈ আৰম্ভ কৰিলো। মই মোৰ ভাষণ দিওত বহু ভাবি চিন্তি কও’। মই কোনো প্রশিক্ষণ লোৱা নাই বা কোনেও মোৰ ভাষণ লিখি নিদিয়ে। মই যি পৰিৱেশত থাকো তাৰ পৰাই শিকিবলৈ চেষ্টা কৰো আৰু শুনি শুনি মোৰ অভ্যাস হয়। দিল্লীতো বিভিন্ন সাংসদৰ কথা শুনি শুনি হিন্দী বহু পৰিমাণে শুদ্ধ কৰিব পাৰিছো। অসমত গাঁৱে-ভূঞে ভ্ৰমণ কৰি বোধহয় আগতকৈ অসমীয়া ভাষা মোৰ ভাল হৈছে; কিন্তু এতিয়াও হিন্দী কওতেও মোৰ ভুল হয় আৰু অসমীয়া কওতেও মোৰ ভুল হয়।

প্রশ্ন: আপোনাৰ আজৰি পৰৰ ৰাপ ভোেজন নে সংগীত নে খেল নে আৰু কিবা?

উত্তৰঃ খাদ্য, খেল, সংগীত আৰু চিনেমা এই চাৰিটাই মোৰ বাবে অত্যন্ত জৰুৰী। অসমত মই ভ্রমণ কৰোতে আপোনাক ক’ব পাৰিম যে হাইৱেত কোনখন ধাবাত খাবলৈ ভাল। ইয়াৰ পৰা যদি আপোনালোেক যোৰহাটলৈ যায় মই ‘ক’ব পাৰো যে যোৰাবাটত এখন তিব্বেত ধাবা আছে। তাত আপোনালোকে খাওক। জাগীৰোডত আছে শ্বেৰশ্বাহ ধাবা। তাত খাবলৈ ভাল। মোৰ ভাল লাগিছে যে ৰিফ্ৰেছক’ত অনিল কাপুৰ গৈছিল। আমি প্রায়ে যাও। কাজিৰঙাত আছে জনছ কিটচেন। নতুন ঠাই আৱিষ্কাৰ কৰি তাত খাই মই বৰ ভাল পাওঁ। গুৱাহাটীতো ক’ত ভাল ম’ম’ পায় বিচাৰি থৈ ম’ম ঘৰত খাই আহিলো। ঘুব ভাল। লাগিল। যিহেতু খাই ভাল শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ব্যায়াম কৰো।

য’লৈকে যাও তাৰ স্থানীয় জিম বিচাৰি অলপ ব্যায়াম কৰো। আজৰি সমাতে টেনিছ খেলিও ভাল পাওঁ। বন্ধু-বান্ধৱীৰ বিয়া বাৰু, বার্ডডে পার্টি আদিত বলিউডৰ সংগীতত নাচিও ভাল পাওঁ। দিল্লীত পঢ়োতে কলেজত আমি বহুত বলিউড়ৰ গানৰ অন্তাক্ষৰী খেলিছিলো,।নাচিছিলো। অসমতো আলি আয়ে লৃগাং, বিহু ঝুমুৰৰ তালে তালে নাচি ভাল পাওঁ। মই চিনেমা চায়ো ভাল পাওঁ। অলপ দিন আগতে ‘ফাইটাৰ’ ছবিখন চালো। বেছি সময় নিজৰ, কাৰণে নাপাও। যিকণ সময় পাওঁ বিশেষকৈ সন্তানক সময় দিবলৈ বিচাৰো।’ পৰিবাৰে ঘৰৰ কাম-বন অকলে চায়।

সেয়েহে ঘৰত থাকিলে সহায় কৰিবলৈ চেষ্টা কৰো। মই, মোৰ সন্তানক বুজাই কও যে মই কেইদিন ঘৰত থাকিম। সেয়েহে মোৰ পিতৃতকৈও মোৰ ল’ৰা-ছোৱালীয়ে বেছি জানে মই কেতিয়া যাম কেতিয়া আহিম?

প্রশ্ন: আপোনাৰ সন্তান?

উত্তৰ: মোৰ পুত্র সন্তান ছবছৰীয়া কবীৰ, তিনিবছৰীয়া কন্যা মায়া।

প্রশ্ন: আপোনাৰ প্রিয় গান?

উত্তৰ: প্রিয় গীত, এতিয়া আৰু…. কলেজীয়া দিনত বহুত হার্ড ৰক, হেভি মেটেল শুনিছিলো। গানজ এন্ড ৰ’জেছব ‘ছুইট চাইল্ড অব মাইন’ শীর্ষক গীতটো বৰকৈ শুনি থাকো। আজি কালি বলিউডৰ টপ টেন কি ‘চলি থাকে সেয়াও শুনি থাকো। মই ভিন্ন ভাষাৰ গীত শুনিও ভাল পাওঁ। আজিকালি ৰেপ বৰ জনপ্রিয় হৈছে। পঞ্জাৱৰ এজন শিল্পী সিন্ধু মুছেৱালা তেওঁ এতিয়া আমাৰ মাজত নাই, তেওঁৰ ৰেপ বেলেগ ধৰণৰ। মই শুনি ভাল পাওঁ। শেহতীয়া দিনবোৰত মই বেছিভাগ সিছু মুছেৱালাৰ সংগীতেই। শুনিছিলো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik AgradootGuwahatiInterviewSemim Sultana AhmedSinior Congress Leader Gaurav Gogoi
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d