মাটিয়া ২৫ আগষ্ট:- দেশ স্বাধীন হোৱাৰ ৭৩ বছৰ পিছতো সৰ্বদিশতে অনগ্ৰসৰ হৈ আছে গোৱালপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত পশ্চিম মাটিয়াৰ গাৰোপাৰা অঞ্চল৷ প্ৰায় চাৰি কুৰি গাৰো সম্প্ৰদায়ৰ পৰিয়ালৰ বসতিস্থল গাওঁখন শিক্ষা, স্বাস্থ্য, যাতায়ত, অনাময়, বিজুলি আদি সকলো দিশতে বঞ্চিত হৈ আছে৷ গাওঁখনৰ প্ৰায় ৯০ শতাংশ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে৷কিন্তু চৰকাৰে যোগান ধৰা আই এ ৱাই ঘৰৰ পৰা গাওঁবাসীয়ে সম্পুৰ্নৰূপে বঞ্চিত বুলি কব পাৰি৷একেই ধৰনে প্ৰধান মন্ত্ৰী আৱাস যোজনা আচঁনিৰ পৰাও বিশেষ উপকৃত হব পৰা নাই৷ফলত বেছিভাগেই খেৰেৰে নিৰ্মান কৰা কেচাঁ গৃহ অথবা বাঁহৰ সৈতে টিন বান্ধা গৃহতে বসবাস কৰি আহিছে৷ ইপিনে গাওঁখনত এটা অসমীয়া মাধ্যমৰ বিদ্যালয় আছে যদিও প্ৰায় ৯০ শতাংশ লোকেই অশিক্ষিত বুলি কব পাৰি৷অধিকাংশ লোকৰ কৃষি ভূমি নথকা বাবেই মেঘালয় তথা অন্য ঠাইলৈগৈ দিনমজুৰি কৰি আহিছে৷কিছুমানে আকৌ স্থানীয় বালি মহলত কাম কৰি পৰিয়াল পোহপাল দি আহিছে ৷ গোৱালপাৰাই মুকলিত মলত্যাগমুক্ত জিলাৰ স্বীকৃতি পাইছে যদিও পশ্চিম মাটিয়াৰ গাৰোপাৰা গাওঁৰ বহুতো পৰিয়ালে আজিও কেচাঁ শৌচাগাৰত মলত্যাগ কৰিব লগীয়া হৈয়ে আছে৷ইপিনে বিশুদ্ধ খোৱাপানী যোগানৰ অভাৱত বেছিভাগ ৰাইজে হয় মাটিৰ কেঁচা কুৱা অথবা দুধনৈ নদীৰ বিশুদ্ধ ঘোলা পানীকে খাই জীৱনধাৰন কৰিব লগীয়া হৈছে৷ এইদৰে বিশুদ্ধ খোৱাপানীৰ অভাৱৰ ফলত মেলেৰীয়া, টায়ফড, জণ্ডিচ, ডায়েৰীয়া আদি বেমাৰত ভূগিব লগীয়া হৈছে গাওঁবাসীয়ে৷ কিন্তু আৰ্থিক দুৰৱস্থাৰ লগতে উপযুক্ত শিক্ষাৰ অভাৱৰ বাবেই অধূনিক চিকিৎসা সেৱাৰ পৰিবৰ্তে বেছিভাগেই কবিৰাজৰ শৰনাপন্নহৈ আহিছে৷যাতায়তৰ ক্ষেত্ৰতো গাওঁখন অতি পিছপৰা৷ গ্ৰামোন্নয় বিভাগেও গাওঁখনৰ প্ৰতি কোনো ধৰনৰ গুৰুত্ব নিদিয়া বুলি অভিযোগ উঠিছে৷ দুৰ্গম যাতায়ত ব্যাৱস্থাৰ বাবেই সামান্য বৰষুন হলেই গাওঁখনৰ মাজেৰে গাড়ী- মটৰ চলাচল কৰাটো দুৰৰে কথা চাইকেল অথবা খোজকাৰি যোৱাটোও অসম্ভৱহৈ পৰে৷ গোৱালপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত গাৰোপাৰা গাওঁখনৰ উন্নয়নৰ প্ৰতিশ্ৰুতিদি প্ৰতিবাৰে প্ৰাৰ্থী সকলে ভোট আদায় কৰে৷ কিন্তু জয়ী হোৱাৰ পিছত পাহৰি যোৱাটো এক প্ৰকাৰ পৰম্পৰাত পৰিনত হৈছে ৷চৰকাৰে জনজাতি সম্প্ৰদায়ৰ বাবে বিভিন্ন উন্নয়ন মূলক আচঁনিৰ সংৰক্ষনৰ ব্যাৱস্থা কৰিছে যদিও উপযুক্ত নেতৃত্ব দিয়া লোকৰ অভাৱৰ বাবেই গাওঁবাসীয়ে কোনো সুফল পোৱা নাই৷ উল্লেখ্যযে, গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপৰিও বিধায়ক আৰু সাংসদৰ সমষ্টি উন্নয়নৰ পুঁজিৰেও বিশুদ্ধ খোৱা পানীৰ বাবে তাৰাপাম্প, টিউৱেল আদি যোগানৰ ব্যাৱস্থা হৈ আছে৷ বিশেষকৈ গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে বিগত তিনি বছৰৰ সমষ্টি উন্নয়নৰ পূঁজিৰে খোৱাপানী যোগানৰ ব্যাৱস্থা কৰিছে৷ ইপিনে এম এছ ডি পি আচঁনিৰ পূঁজিৰে মাটিয়া আঞ্চলিক পঞ্চায়তে যোগান ধৰা তাৰাপাম্পৰ কেবা শতাধিক হিতাধিকাৰী বাছনি কৰিছে স্থানীয় বিধায়ক আলমে ৷এইদৰে সমষ্টিৰ বাকী উন্নয়নক বাদ দি কেৱল খোৱা পানী যোগান ধৰা বিধায়ক আলমৰ সুদৃষ্টিৰ পৰা গাৰোপাৰা গাওঁখন সম্পূৰ্নৰূপে বঞ্চিত হবলগীয়া হোৱাত দুখ প্ৰকাশ কৰিছে স্থানীয় বাসিন্ধা চেংবাট মাৰাক আৰু খালচাং মমিনে৷ দুয়োগৰাকী লোকে অভিযোগ কৰা মতে কেৱল বিধায়ক, সাংসদ তথা পঞ্চায়ত প্ৰতিনিধিয়েই নহয় চৰকাৰৰ প্ৰতিটো বিভাগৰ সুদৃষ্টিৰ পৰা তেওঁলোক বহু দুৰত অৱস্থান কৰি আছে৷গাওঁখনৰ পাৰ্শ্ববৰ্তী অঞ্চলত ধৰ্মীয় সংখ্যালঘূৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ লোক বসবাস কৰি আহিছে৷ কিন্তু বাকীবোৰৰ তুলনাত জনজাতী সম্প্ৰদায়ৰ গাৰো লোক সকল সৰ্বদিশতে যথেষ্ট পিছ পৰি আছে৷ গাওঁখনৰ দক্ষিন দিশত দুধনৈ নদীত অৱস্থিত৷ নদীৰ দক্ষিন দিশত দুধনৈ সমষ্টিৰ আমগুৰি আৰু মুজকুৰি ইছলামপুৰ গাওঁ অৱস্থিত৷ কিন্তু যোগাযোগৰ বাবে কোনো দলংৰ ব্যাৱস্থা নথকাত নদী সাতুৰী অথবা কলৰ ভূৰ আৰু টুলুঙা নাওঁৰে যাতায়ত কৰিব লগীয়া হয়৷ গাৰোপাৰা – আমগুৰি সংযোগী পথৰ দুধনৈ নদীৰ ওপৰত এখন দলং নিৰ্মান কৰিলে বিশেষকৈ কৃষক ৰাইজ যথেষ্ট উপকৃত হব বুলি মন্তব্য কৰিছে স্থানীয় সচেতন যুৱক সাহাবুল ইছলামে৷ইছলামে আৰু মন্তব্য কৰা মতে চৰকাৰী কোনো উন্নয়ন মূলক আচঁনিয়েই জনজাতি অধ্যূষিত গাৰোপাৰা গাওঁখনক সামৰি লব নিবিছাৰে৷ অৱশ্যে সৰ্ব দিশতে অনগ্ৰহৰ গাওঁখনত মাত্ৰ কিছু দিন পূৰ্বে বিদ্যুৎ যোগানৰ ব্যাৱস্থা কৰা হয় ৷ বিগত ১৫ বছৰে শাসনৰ গাদীত থকা কংগ্ৰেছ চৰকাৰৰ লেখীয়াকৈ পৰিবৰ্তনকামী বিজেপি চৰকাৰেও গাওঁখনক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ উঠিছে৷
স্বাধীনতাৰ ৭৩ বছৰ পিছতো সৰ্বদিশতে বঞ্চিত পশ্চিম মাটিয়াৰ গাৰোপাৰা অঞ্চল
-
By publisher

- Categories: News
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025