উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্য্যকৰীকৰণ : গোৱালপাৰাৰ ডিটেনচন কেম্পত থকা ১০ বিদেশী ঘোষিত লোক মুকলি আকাশৰ তলত

IMG 20190826 WA0028

মাটিয়া :- উচ্চতম ন্যায়ালয়ে দিয়া এক ঐতিহাসিক ৰায় কাৰ্যকৰীকৰণ কৰা বাবেই গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনচন কেম্পত থকা ১০ গৰাকীকৈ বিদেশী ঘোষিত লোক বৰ্তমানলৈকে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে ।উল্লেখ্যযে তিনি বছৰ বা তাতোকৈ অধিক কাল ডিটেনচন কেম্পত পাৰ কৰা লোক সকলক জামিনত স্বৰ্তসাপেক্ষে বাহিৰলৈ ওলাই অহাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশটোত কোৱা হৈছে৷ সেই মৰ্মেই বিদেশী ন্যাধিকৰণৰ পৰা জামিন লৈ গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা ওলাইছে ১০ গৰাকীকৈ বিদেশী ঘোষিত লোক । দুই লাখ টকাৰ বণ্ড সহ বায়মেট্ৰিক লোৱাৰ পিছত মোকোলাই দিয়া হয় বিদেশী ন্যায়াধিকৰনে ঘোষণা কৰা বিদেশী কেইজনক । যোৱা ৯ আগষ্টৰ পৰা আজিলৈকে গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা ওলাইছে ১০ জনকৈ লোক । ইয়াৰে গোৱালপাৰা জিলাৰ ৯ জন আৰু চিৰাং জিলাৰ ১ জন লোক আছে । জামিন লৈ মুকলি আকাশৰ তলত অহা বিদেশী ঘোষিত লোক কেইজন হল চিৰাং জিলাৰ মুন্নাফ আলী আৰু গোৱালপাৰা জিলাৰ ক্ৰমে ৰহিম আলী, সুজিত সৰকাৰ, নুৰ মহাম্মদ, অৰুনা দাস , ৰবি দে, বাচ্ছু সেখ, শ্যামল ঘোষ, সুধন চৰকাৰ আৰু মহাম্মদ ছানাউল্লা সেখ। ইয়াৰে গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত কুমাৰীপাৰা গাঁওৰ মৃত আব্দুল আজিজৰ পুত্ৰ নুৰ মহাম্মদ(৬৫) ২০১০ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত খাৰিজাপাইকান গাঁওৰ মৃত ব্ৰজেন্দ্ৰ দেৰ পুত্ৰ ৰবি দে (৫৩) ২০১৫ চনৰ পৰা, গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত কাৰবালা গাঁওৰ ছভান সেখৰ পুত্ৰ বাচ্ছু সেখ(৩৯) ২০১৫ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত আশুডুবি গাঁওৰ মৃত কিষ্ট সৰকাৰৰ পুত্ৰ সুধন চৰকাৰ (৬৫) ২০১৬ চনৰ পৰা আৰু গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত কল্যাণপুৰ গাঁওৰ মৃত হাৰাধন দাসৰ পত্নী অৰুনা দাস(৬৯)২০১৬ চনৰ পৰা গোৱালপাৰা ডিটেনচন কেম্পত আছিল । এই সকলে আদালতত উপস্থিত নোহোৱা বাবে আদালতে একপক্ষীয় ৰায় দান কৰি বিদেশী বুলি ঘোষণা কৰিছিল । আনহাতে গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত গোৱালপাৰা চহৰৰ ছন্দৰীয়া টিলাপাৰাৰ মৃত সুধিৰ চন্দ্ৰ সৰকাৰৰ পুত্ৰ সুজিত সৰকাৰ(৫০) ২০১৫ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত পাইকান প্ৰথম খণ্ড গাঁওৰ মৃত দাবীৰ চাংমাৰ পুত্ৰ ৰহিম আলী(৫৮) ২০১৫ চনৰ পৰা, কৃষ্ণাই থানাৰ অন্তৰ্গত আশুডুবি কৰ্মকাৰপাৰা গাঁওৰ মৃত সুশীল ঘোষৰ পুত্ৰ শ্যামল ঘোষ(৫১) ২০১৫ চনৰ পৰা আৰু বগুৱান থানাৰ অন্তৰ্গত বামুণডাঙ্গা দ্বিতীয় খণ্ড গাঁওৰ মৃত আব্দুল গফুৰৰ পুত্ৰ মহাম্মদ ছানাউল্লা সেখ(৪৯)২০১৬ চনৰ পৰা গোৱালপাৰা ডিটেনচন কেম্পত আছিল । উল্লেখ্যযে, প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ লগতে প্ৰয়োজনীয় সকলো নথি- পত্ৰ থকাৰ পিছতো নাম তথা উপাধিৰ সামান্য ভূলৰ লগতে বিশেষকৈ আৰক্ষী বিভাগৰ সীমান্ত শাখাৰ একাংশ বিষয়াৰ দায়িত্ব হীনতাৰ বাবেই বহু লোকে বিদেশীৰ অপযশলৈ ডিটেনচন কেম্পত থাকিব লগীয়া হোৱা বুলি প্ৰায়ে অভিযোগ উত্থাপিতহৈ আহিছে৷
# ইব্ৰাহিম আলী, মাটিয়া৷

Exit mobile version