ডুমডুমা-২৬ আগষ্ট:-উজনি অসমৰ তিনিচুকীয়া জিলাৰ বালুগাডাত আজি সংঘটিত হোৱা এক অগ্নিকাণ্ডত তেৰটাকৈ গৃহ ভষ্মীভূত হৈ জাহ যায়।তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডস্হিত বালুগাডাৰ বিকাশপুৰৰ ১০-৩০ মান বজাত ৰুণু বৰাইক নামৰ মহিলাগৰাকীৰ ভাৰা দি ৰখা ভাৰতীয়া এটা গৃহ সুত্ৰপাত হৈ একেলগে থকা মুঠ ১৬ টা গৃহ অগ্নিকাণ্ড ফলত সম্পূৰ্ণৰূপে জাহ যায়।উল্লেখ্য যে এই অগ্নিকাণ্ড সংঘটিত ফলত পাঁচটাকৈ ৰান্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰে।এটা ঘন জন বসতিপূৰ্ণ অঞ্চলত দুপৰীয়াৰ ভাগত দুৰ্ভাগ্যজনক ভাৱে ৰন্ধন গেছৰ এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছতে জুয়ে অঞ্চলটো আগুৰি ধৰে আৰু ইয়াৰ পাছতে ক্ৰমান্বয়ে বাকী চাৰিটা চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে আৰু জুয়ে ভয়াবহ ৰূপ ধাৰণ কৰে।চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা ভয়ংকৰ জুয়ে মুহুৰ্তৰ ভিতৰতে থকা ঘৰৰ টিনপাত, বেৰ, সা-সামগ্ৰী ভস্মীভূত কৰে।অগ্নি কাণ্ডৰ বাতৰি পায়ে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি ঘটনাস্থলীত উপস্থিত হয় আৰু তিনিচুকীয়া অগ্নিনিৰ্বাপক বাহিনীৰো পাঁচখন অগ্নি নিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ অভিযান আৰম্ভ কৰে।দীৰ্ঘ সময়জুৰি অগ্নি নিৰ্বাপক বাহিনী আৰু অইল ইণ্ডিয়াৰ কৰ্মীসকলৰ যুটীয়া প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।