ওদালগুৰি : ওদালগুৰিৰ থিয়নামৰ বিশিষ্ট পাঠক, অনাতাৰ শিল্পী তথা শিল্পী পেঞ্চনাৰ ধীৰেন দাস(পাঠক)ৰ ৭৫ বছৰ বয়সত যোৱা নিশা দেহাৱসান ঘটে। সৰুৰ পৰাই থিয় নামৰ সৈতে জড়িত ধীৰেন দাসৰ থিয়নামৰ ক্ষেত্ৰত অত্যাধিক ৰাপ আছিল। ওদালগুৰিৰ যিকোনো অঞ্চলত তাল-নাগাৰাৰ শব্দ শুনিলেই যিকোনো ঠাইলৈ দৌৰি গৈছিল পাঠক গৰাকী। ১৯৬৬ চনৰ পৰাই তেওঁ গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত প্ৰথমে থিয়নামৰ বাণীবদ্ধ কৰিছিল। পিছলৈ থিয়নামৰ অনাতাৰ শিল্পী হিচাপেও স্বীকৃতি লাভ কৰিছিল তেওঁ। শেহতীয়াভাৱে তেওঁ চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে। থিয় নামৰ সৈতে আজীৱন জড়িত ধীৰেন দাস সকলোতে ধীৰেন পাঠক হিচাপে পৰিচিত। শাৰীৰিক দুৰ্বলতাকো নেওচি থিয়নামক লৈ নতুন চিন্তা কৰাৰ কথা কেইদিনমান পুৰ্বে শুভাকাংশীৰ ওচৰত প্ৰকাশ কৰিছিল। কিন্তু সেই আশা আশা হৈয়েই ৰ’ল। শাৰীৰিক দুৰ্বলতাৰ বাৱেই তেওৰ যোৱা কালি নিজ ঘৰত দেহাবসান ঘটে। বিশিষ্ট পাঠক গৰাকীৰ মৃত্যুত ওদালগুৰি শংকৰী নামধৰ্ম প্ৰচাৰ সমিতি, ওদালগুৰি প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে।
ওদালগুৰিৰৰ থিয়নামৰ বিশিষ্ট পাঠক, শিল্পী পেঞ্চনাৰ ধীৰেন দাসৰ দেহাৱসান
-
By publisher

- Categories: Uncategorized
Related Content
Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ'ল আৰু এজন অসমীয়া যুৱকৰ
By
publisher
March 9, 2026
Today's Horoscope:দিনটোৰ ৰাশিফল
By
publisher
March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
By
publisher
March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
By
publisher
March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
By
publisher
March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
By
publisher
February 28, 2026