কমলাবাৰীৰ :সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীত পবিত্ৰ ভাদ মাহত গুৰুদুজনাৰ তিথি ,শ্ৰীকৃষ্ণৰ জন্মোৎসব, আৰু বদলা পদ্ম আতা আদি কেইবা জনো সত্ৰীয়া গুৰুৰ তিথি পৰম্পৰাগত ভাবে পালন কৰি আহিছে। তদুপৰি সম্পূৰ্ণ ভাদ মাহটোত দিনৰ ভাগত আইসকলে আৰু নিশাৰ ভাগত পুৰুষ সকলে মাজুলীৰ সমগ্ৰ গ্ৰাম্যাঞ্চলত নাম কীৰ্তন কৰি আহিছে। ইফালে সত্ৰসমূহত চৈধ্য প্ৰসংগৰে ৰজনজনাই আনএক গুৰুগম্ভীৰ পৰিবেশৰ সুচনা কৰে। তেনেএটা পৰিবেশৰ সৃষ্টি হৈছে মাজুলীস্থ নিকাসংহতিৰ পত্ৰ সমূহত। সাধাৰণতে এই সত্ৰ সমূহত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিথি চাৰিদিনীয়া কাৰ্যসুচীৰে পালন কৰা হয়। প্ৰথম দিনটো চাউল ভোজনী , দ্বিতীয় দিনা থাপনি তৃতীয় দিনা মূল তিথি এইদিনটোক কীৰ্তন বোলা হয় আৰু চতুৰ্থ দিনা ভাঙনি। আজি চাউল ভোজনীৰ দিনটোত নাম, পাঠ, প্ৰসংগ ৰ লগতে উল্লেখনীয় অনুষ্ঠান হ’ল মানচোকৰ নাচ, ঝুমুৰা নাচ, ঘোষাকীৰ্তন ।নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী নাৰায়ণ গোস্বামী পৰম্পৰা সন্দৰ্ভত জানিবলৈ বিচৰাত কয়- গুৰু সকলৰ তিথিক সত্ৰত কীৰ্তন বোলা হয়। সত্ৰৰ ভকত সকলে কোনো দিনে কেতিয়াও পৰম্পৰাৰ পৰা বিচলিত নহয়। ১৯৮৮চনৰ প্ৰবল বান পানীয়ে সত্ৰৰ কীৰ্তনঘৰ দুবাই পেলোৱাৰ পিছতো নাৱৰ ওপৰত গুৰুজনাৰ কীৰ্তন অনুষ্ঠিত কৰিছিল। ভকত সকলে পৰম্পৰা ৰক্ষা কৰাটো পৰম পবিত্ৰ কৰ্তব্য বুলি ভাবে।”