খেৰণি:—হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিলত। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৫ নম্বৰ নৱাইবিল গাওঁত বনৰীয়া হাতীৰ গচকত মৃত্যু হয় ৰাজকিশোৰ চৌহান (৩৫) নামৰ লোক এজনৰ। নিশা হাতী খেদিবলৈ ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত অকলশৰীয়াকৈ অহা এটা হাতীয়ে আক্ৰমণ কৰে চৌহানক। উল্লেখযোগ্য খেতি আৰু দিন হাজিৰা কৰা এটা দৰিদ্ৰ পৰিয়ালৰ লোক আছিল ৰাজকিশোৰ চৌহান। ইতিমধ্যে ঘটনাৰ খৱৰ লাভ কৰি পুৱা ঘটনাস্থলীলৈ ৰাওনা হৈছে বন বিভাগৰ এটা দল। গুৰুত্বপূৰ্ণ যে বিগত কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আহিছে বৃহত্তৰ নৱাইবিল অঞ্চলত। হাতীৰ তাণ্ডৱত উজাগৰে থাকিবলগীয়া হয় অঞ্চলটোৰ অঞ্চলবাসী। বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী গাওঁবাসীৰ।
হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিলত:বনৰীয়া হাতীৰ গচকত মৃত্যু এজনৰ
-
By publisher

- Categories: Uncategorized
Related Content
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ' বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
By
publisher
April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026