সমগ্ৰ উত্তৰ পুৰ্ব্বাঞ্চলৰ পৰা নিতৌ চোৰাং খয়েৰ কঢ়িওৱা শ শ গাড়ী পাৰ হয় ভাৰতৰ অন্যান্য ৰাজ্যলৈ
কাজলগাঁও : ৰাজ্যত এইবাৰ পোহৰলৈ আহিছে চোৰাং খয়েৰৰ ব্যৱসায়। অসম তথা সমগ্ৰ উত্তৰ পুৰ্ব্বাঞ্চলৰ বিভিন্ন জিলাৰ বনাঞ্চলৰ পৰা চোৰাং ভাৱে খয়েৰ গছ কাটী ভাৰতৰ অন্য ৰাজ্যলৈ প্ৰেৰন কৰাৰ তথ্য পোহৰলৈ আহিছে ।যোৱা নিশা চিৰাং জিলা বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত চোৰাং খয়েৰ কঢ়িওৱা দুখন কৈ গাড়ী জব্দ কৰিছে বন নিভাগে । চিৰাং জিলাৰ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে কিশান বজাৰৰ পৰা যোৱা নিশা বন বিভাগে অভিযান চলাই জব্দ কৰে চোৰাং খয়েৰ কাঠ ভৰ্তি দুখনকৈ গাড়ী । এএচ১৬চি_৬৭৮৪ নম্বৰৰ বলেৰো পিক আপ ভেন আৰু এনএল০১এবি _৩১৩৩ নম্বৰৰ ১২ চকীয়া গাড়ী দুখনত চোৰাং খয়েৰ কাঠ ভৰ্তি কৰি থকা সময়তে গোপনে পোৱা তথ্যৰ ভিত্তিত বন বিভাগে অভিযান চলাই গাড়ী দুখন জব্দ কৰিবলৈ সক্ষম হয় যদিও গাড়ীত থকা কোনো লোকক আটক কৰিব নোৱাৰিলে । নিশাৰ অন্ধকাৰে সুযোগলৈ গাড়ী এৰি পলায়ন কৰে । এই ক্ষেত্ৰত চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে _চোৰাং খয়েৰৰ ব্যৱসায় চক্ৰটো অসমৰ লগতে সমগ্ৰ উত্তৰ পুৰ্ব্বাঞ্চলতে বিয়পি আছে । অসম, মেঘালয়, নাগালেণ্ড,অৰুনাচল আদি ৰাজ্যৰ পৰা নিতৌ এই দৰে খয়েৰৰ গাড়ী পাৰ হয় ৰাষ্ট্ৰীয় ঘাই পথেৰে । বিশেষকৈ নাগালেণ্ডৰ পৰা খয়েৰৰ ব্যৱসায়ী সকলে জালি নথি বনাই আনি খয়েৰ সমথহ পাৰ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে । উত্তৰ পুৰ্ব্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অনা এই অবৈধ খয়েৰ সমুহ বঙাইগাঁও, বিলাসীপাৰা , গোসাইগাঁও আদি ঠাইত গাড়ী সলনি কৰি খয়েৰ সমুহ অইন গাড়ীত ভৰাই অসমৰ পৰা ওলিয়াই নিয়ে । একেদৰে লক্ষীমপুৰ,যোৰহাট , গোলাঘাট আদি জিলাতো বিয়পি আছে । ধলা-শদীয়া দলং হোৱাৰ পিচত অৰুনাচল আদি ঠাইৰ পৰা অনায়াসে চোৰাং খয়েৰ সমুহ পাৰ কৰাই আনে ।