“গৰিয়া-মৰিয়া-দেশী আদি ইছলামধর্মী খিলঞ্জীয়া লোকসকল অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ, এই জনগোষ্ঠীৰ লোকসকল ৯৫ শতাংশতকৈয়ো অধিক বিভিন্ন জনজাতি – জনগোষ্ঠীৰ পৰা ধর্মান্তৰিত যদিও অতি সম্প্রতি এই জনগোষ্ঠীৰ লোকসকল দুর্ঘোৰ পৰিচয় সংকটত নিমজ্জিত হৈছে। এই জনগোষ্ঠীৰ লোকসকলক সময়ে সময়ে, ঠায়ে ঠায়ে বিদেশীৰ দৰে গণ্য কৰা হয়, কেতিয়াবা কেতিয়াবা কোনো কোনোৱে এই জনগোষ্ঠীৰ লোকক তুচ্ছ-তাচ্ছিল্যও কৰি আহিছে। ভূমিপুত্র হোৱা সত্বেও এন আৰ চিৰ পৰা বাদ পৰিছে এই জনগোষ্ঠীৰ লক্ষাধিক লোক। এই জনগোষ্ঠীয় লোক আনকি ডি ভোটাৰ হৈ ডিটেনশ্বন কেম্পটো থাকিবলগীয়া দুর্ভাগ্যজনক আৰু অপমানজনক ঘটনা ঘটিছে” – এই ভাষ্য সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাৰ। আজি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে ছয় দফীয়া দাবীৰ সমর্থনত মঙলদৈ জিলা পুথিভড়াল প্রাংগণত আয়োজিত ধর্মঘট স্থলীত ভাষণ দি ভূঞাই আৰু কয় দৰঙৰ বুঢ়াকাণ্ডত জনগোষ্ঠীটোৰ তিনি ভগ্নীক থানালৈ নি নিশা সভ্য সমাজক লজ্জানত কৰি শ্লীলতা হানি কৰি অমানৱীয় নির্যাতন কৰিও ভাৰপ্রাপ্ত বিষয়া মহেন্দ্র নাথ শর্মা আৰু এই কাণ্ডত সহায় কৰা কনিষ্টবল বিনীতা বড়োক গ্রেপ্তাৰ নকৰাত এতিয়াও তেওঁলোক মুকলি আকাশৰ তলত থকাটো দুর্ভাগ্যজনক । সেয়ে দুয়োকে গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্রীক তেওঁ আহবান জনায়। একেদৰে ঘটনাৰ অন্যতম খলনায়ক ৰফুল আলিকো দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ ভূঞাই দাবী জনায়। জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত আৰু কার্যকৰী সভাপতি মকছেদ আলিয়ে আঁত ধৰা প্রতিবাদী অৱস্থান ধর্মঘটত অনুষ্ঠানত গৰিয়া যুৱ ছাত্র পৰিষদৰ ৰাজ্যিক উপসভাপতি আজিজুৰ ৰহমান, গমদেৰ বাগসা জিলা সমিতিৰ মুখ্য উপদেষ্টা জালালুদ্দিন আহমেদ, কাউৰবাহা আঞ্চলিক সমিতিৰ সভাপতি বোলছবি প্রযোজক সমীৰ আলি, মঙলদৈ জিলা কর্মচাৰী পৰিষদৰ সভাপতি সুৰেন্দ্র বৰুৱা, মঙলদৈ প্রেছ ক্লাবৰ সম্পাদক মুকুট ৰাজ শর্মা, জিলা সমিতিৰ সাধাৰণ সম্পাদক চফিকুল ইছলাম, সম্পাদক চাহাবুদ্দিন আহমেদ, মহিবুল হক, মোজাম্মিল হুছেইন, মহিলা পৰিষদৰ সভাপতি মকছিদা বেগম, সাধাৰণ সম্পাদিকা মাকনি বেগম, উপসভানেত্রী আবিদা বিবি, মঙলদৈ সদৰ সমিতিৰ সাধাৰণ সম্পাদক কমৰুল হামিদ, সহকাৰী সম্পাদক মীৰ চাহিল, গেৰিমাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছৈয়াদুৰ ৰহমান, উপদেষ্টা নবাব মুকুট দেৱান, নগৰবাহী আঞ্চলিক সমিতিৰ সম্পাদক ফাইজুৰ ৰহমান প্রমুখ্যে বিষয় ববীয়া সকলে চমু চমু ভাষণ দি বিভিন্ন দাবী সম্বলিত শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে |
মঙলদৈত দৰং জিলা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধর্মঘট
-
By publisher

- Categories: Uncategorized
Related Content
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026