দুদিন পূৰ্বে সন্ধানহীন হোৱা গুৱাহাটী সংস্কৃত বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰফুল্ল কুমাৰৰ নিথৰ দেহ আজি বৰলীয়া নৈৰ পীতাম্বৰ হাটবজালীৰ বামুনতোলা চুবুৰীৰ পৰা উদ্ধাৰ হয়। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰী সকলে দুদিন ধৰি বৰলীয়া নৈ চলাথ কৰাৰ পিছতো মৃতদেহটো উদ্ধাৰ কৰিব নোৱাৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ হোৱাৰ সময়তে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত মৃতদেহটো উদ্ধাৰ হোৱাত পৰিয়ালৰ উৎকণ্ঠাৰ অবসান হয়।। উল্লেখ্য ৰঙিয়া পীতাম্বৰ হাটবজালী নিবাসী অৱসৰ প্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰফুল্ল কুমাৰে যোৱা ২৬ ছেপ্টেম্বৰত হঠাৎ ওচৰৰে বৈ যোৱা বৰলীয়া নৈত পৰি যায় । স্থানীয় একাংশ ব্যক্তিয়ে প্ৰফুল্ল কুমাৰে নৈত পৰি যোৱা দেখা পাই চিঞৰ বাখৰ কৰে যদিও ইতিমধ্যে নৈখনৰ তীব্ৰ সোঁতে ব্যক্তি গৰাকীক বহু দুৰলৈ লৈ যায় । মুহুৰ্ততে অৱসৰ প্ৰাপ্ত কৰ্মচাৰী গৰাাকীয়ে পানীৰ তলত সন্ধানহীন হৈ পৰে । মৃত্যুৰ সময়ত কুমাৰে পত্নী সহ তিনিজন কণ্যা সন্তান এৰি থৈ যায়। ।
ADVERTISEMENT