পকা চুলিয়ে মানুহৰ মুখৰ সৌন্দৰ্য্য হ্ৰাস কৰে |বয়স্ক লোকৰে নহয় আজিকালি যুৱক যুৱতিৰো পকা চুলিৰ সমস্যাই দেখা দিছে |দীৰ্ঘদিনীয়া হজমৰ সমস্যা বা যকৃতৰ সমস্যাৰ বাবেও চুলি অকালতে পকে|অৱশ্যে দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰি এই সমস্যৰ পৰা ৰেহাই পোৱা সম্ভৱ |
●খোৱাৰ তালিকাত প্ৰচুৰ পৰিমাণে সেউজীয়া শাক পাচলি অন্তৰ্ভুক্ত কৰিব লাগে |পাচলিত থকা ফলিক এচিডে চুলিৰ অকাল পক্কতা নোহোৱা কৰে|
●বাদমত বহু পৰিমানে কপাৰ থাকে|কপাৰ চুলিৰ ভাৱে খুবেই উপকাৰী|তদুপৰি বাদামৰ তেল চুলিত লগালেও পকা চুলিৰ সমস্যাৰ পৰা সমাধান পাব পাৰি |
●দৈনিক কাবুলি বুট খোৱা তালিকাত অন্তৰ্ভুক্ত কৰক|কাবুলি বুট ত থকা ভিটামিন বি -৯ বা ফলিক এচিডে চুলি পকা সমস্যা সমাধান কৰে |
●মুৰ্গীৰ মাংস টো প্ৰচুৰ পৰিমাণে ভিটামিন বি ১২ আৰু ফলিক এচিড থাকে যিয়ে পকা চুলিৰ সমস্যাৰ দূৰ কৰে |
অকালতে আপোনাৰ চুলি পকিছে নেকি ?

ADVERTISEMENT