মহিলাসকলৰ তুলনাত হেনো পুৰুষসকলহে বেছিকৈ অসুস্থ হয়। সম্প্রতি এক নতুন গৱেষণাত এই দাবী কৰা হৈছে। ‘প্লছ’ মেডিকেল জার্ণেলত প্রকাশিত এখন গবেষণা
পত্রত এটা সমীক্ষাৰ প্রতিবেদন দাখিল কৰা হৈছে। ১৩১খন দেশৰ পুৰুষ আৰু মহিলাৰ ওপৰত সমীক্ষা চলাই গৱেষকসকলে দাবী কৰিছে যে পুৰুষসকল তিনি বিধ ৰোগত সবাতোকৈ বেছিকৈ আক্রান্ত হয়।
এই তিনিবিধ ৰোগ হৈছে-মধুমেহ, হাইপাৰটেনছন আৰু এইড্ছ। এই তিনি বোগত পুৰুষৰ মৃত্যুৰ হাৰো অধিক।
মহিলাৰ তুলনাত পুৰুষে ধূমপান বেছিকৈ কৰে, সেই বাবেই শৰীৰত নানা ৰোগে বাহ লয়। গৱেষকসকলে দাবী কৰিছে যে ভাৰত, বাংলাদেশ আৰু পাকিস্তানসহ ইথিওপিয়া, ইকুৱেডৰৰ পুৰুষসকল মধুমেহত বেছিকৈ আক্রান্ত হৈছে।
৩৯খন দেশৰ পুৰুষৰ ওপৰত সমীক্ষা চলাই গবেষকসকলে দেখা পাইছে যে ৩০ বছৰৰ পাছৰে পৰাই পুৰুষসকলৰ মধুমেহত আক্রান্ত হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। অধিকাংশই প্রি-ডায়েবেটিক আৰু যিসকলৰ মধুমেহ ধৰা পৰিছে তেওঁলোকে নিয়মিতরূপে ইনজ্যুলিনো ল’বলগীয়া হৈছে।
অত্যধিক নিচা সেৱন কৰা, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, সমগ্র দিনটো বহি বহি কাম কৰা, কম শাৰীৰিক কছৰৎ আৰু নিয়ম মানি স্বাস্থ্য পৰীক্ষা নকৰোৱাৰ বাবেই বহু পলমকৈ ৰোধ ধৰা পৰিছে।
ভাৰত, অস্ট্রেলিয়া, আমেৰিকা, চিলি, ইটালীসহ ৭৬খন দেশৰ পুৰুষ আৰু মহিলাৰ ওপৰত সমীক্ষা চলাই দেখা গৈছে যে মহিলাৰ তুলনাত পুৰুষসকলেই বেছিকৈ এইছআইভিত আক্রান্ত হৈছে।
অসুৰক্ষিত যৌন জীবন, একাধিক সংগী থকা, এইছক লৈ সচেতনতাৰ অভাৱেই বিপদ বৃদ্ধি কৰিছে। দেখা গৈছে যে আক্রান্তসকলৰ ভিতৰত কমবয়সীয়াৰ সংখ্যাই বেছি। হাই পাৰটে নছনৰ ৰোগীৰ সংখ্যা এছিয়াৰ দেশসমূহতেই বেছি।
তাৰ ভিতৰত আগবাঢ়ি আছে ভাৰত। আমাৰ দেশত কমেও ৫০ শতাংশ পুৰুষে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি আছে। মহিলাসকলৰ ক্ষেত্ৰত এই সংখ্যা প্রায় ৩৬ শতাংশ। বাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ সাম্প্রতিক প্রকাশিত ফলাফল অনুসৰি, উচ্চ ৰক্তচাপ বা হাইপাৰটেনছনত আক্রান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
সমীক্ষাত লগতে দেখা গৈছে যে কম বয়সীয়া লোকো এই সমস্যাত ভুগিবলৈ ধৰিছে। ২০ৰ পৰা ৩০ বছৰৰ বয়সৰ ল’ৰাসকলৰ প্ৰতি ১০জনৰ ভিতৰত এজনে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি আছে।
২০১৯ৰ পৰা ২০২১ পর্যন্ত ভাৰতৰ নানা ৰাজ্যত সমীক্ষা চলাই ইন্ডিয়ান কাউন্সিল অব মেডিকেল বিছাৰ্চ (আইচিএমআৰ)-এ। তাতেই ধৰা পৰিছে যে চহৰাঞ্চলৰ সমান্তৰালকৈ প্রত্যন্ত অঞ্চলসমূহতো পুৰুষসকল উচ্চ ৰক্তচাপৰ চিকাৰ হৈছে।
লগতে উচ্চ ৰক্তচাপৰ কাৰণে হৃদৰোগত আক্রান্ত তথা ষ্ট্ৰোকৰ প্ৰৱণতাও আগৰ তুলনাত বৃদ্ধি হৈছে





























