বকো :সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ চূড়ান্ত তালিকাকলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃত ভাৰতীয়সকলৰ প্ৰতিবাদ অব্যাহত থকা অৱস্থাতে এই তালিকাৰ পৰা নাম কৰ্তন যোৱা গোৰ্খাসকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্তিৰ দাবীত আজি কামৰূপ জিলাৰ বকোত গোৰ্খা জনগোষ্ঠীটোৰ সংগঠনসমূহে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ চেষ্টা কৰে ৷ উল্লেখ্য,অসমৰ থলুৱা গোৰ্খাসকলৰ নাম এন আৰ চি কতৃপক্ষৰ গাফিলতি আৰু ইয়াত নিয়োজিত এচাম চৰকাৰী বিষয়া- কৰ্মচাৰীৰ নিজ মইমতালি ও ষড়যন্ত্ৰৰ বাবে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা কৰ্তন যোৱা ঘটনাৰ প্ৰতিবাদত গোৰ্খা সংগঠনসমূহে ধাৰাবহিক আন্দোলন কাৰ্যসূচী অব্যাহত ৰখা অৱস্থাত বকোত আয়োজন কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী প্ৰশাসনে বন্ধ কৰি দিয়ে ৷ উল্লেখ্য, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু অসম গোৰ্খা সন্মিলন, কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতি আৰু কামৰূপ জিলা গোৰ্খা মহিলা কল্যাণ সমিতিৰ সহযোগত বকো ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰিবলৈ লোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ বাবে প্ৰশাসনিক অনুমতি নথকাত বকো ৰাজহ চক্ৰ বিষয়া পিংকি দত্ত আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনে ধৰ্মঘটস্থলীত উপস্থিত হৈ কাৰ্যসূচী উঠাই ল’বলৈ আহ্বান জনায় ৷ তেনে পৰিস্থিতিত গোৰ্খা জনগোষ্ঠীয় সংগঠন কেইটাই এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ সমাপ্তি ঘটায় ৷ পিচত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা নাম কৰ্তন যোৱা প্ৰকৃত ভাৰতীয় গোৰ্খাসকলৰ নাম অন্তৰ্ভূক্তিৰ দাবীৰে বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখ্য, কামৰূপ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি হৰি শৰ্মা,সম্পাদক গোবিন্দ শৰ্মা,গোৰ্খা কল্যাণ পৰিষদৰ উপদেষ্টা অৰ্জুন ছেত্ৰী,দুলাল ৰাণা,নেপালী কল্যাণ পৰিষদৰ সভাপতি গোপাল শৰ্মাকে ধৰি জনগোষ্ঠীটোৰ ভালেসংখ্যক নেতৃবৃন্দ আৰু অনেক পুৰুষ মহিলাই এই কাৰ্যসূচীত অংশ গ্ৰহন কৰে ৷ উল্লেখ্য, সমগ্ৰ অসমত ১ লাখ গোৰ্খা লোকৰ বিপৰীতে দক্ষিণ কামৰূপৰ প্ৰায় এঘাৰশ লোকৰ নাম এন আৰ চিৰ পৰা কৰ্তন হৈছে ৷
এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ দাবীত বকোত গোৰ্খাসকলৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ চেষ্টা
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026