যোৰহাট: শংকৰদেৱৰ নামেৰে ইউনিকডত উপলব্ধ হব অসমীয়া ফন্ট । ইতিমধ্যে এই দিশত চিন্তাচৰ্চা কৰি ফন্ট সৃষ্টিৰ প্ৰচেষ্টা আৰম্ভ হৈছে । এই দিশত প্ৰাথমিক লক্ষ্য হব লিখাৰ প্ৰযুক্তিবিদ্যা দ্ৰুততৰ কৰা আৰু অসমীয়া ভাষাৰ লিখনি ডিজিটেল ৰূপত উপলব্ধ কৰিবলৈ ৰেক্টাৰ আদৰ্শ লোৱা । আমেৰিকাৰ মাছাছুছেটচ ইন্সটিটিউট অৱ টেকনলজিৰ গবেষক বিজ্ঞানী ড° কিশোৰী মোহন কোঁৱৰে আজি যোৰহাটত এই মত ব্যক্ত কৰে । ইউনিকোড আৰু অসমীয়া ভাষাৰ ভবিষ্যত শীৰ্ষক বিষয়ত বিশেষ বক্তৃতাত তেখেতে লগতে কয় যে ইউনিকোডত অসমীয়া আনে কৰিব নোৱাৰে আমি নিজেই কৰিব লাগিব ।এই বিষয়ত কৃটিম মগজুৰ সহায় লৈ কেনেকৈ লেখা পদ্ধতি উন্নতি কৰিব পাৰি , কেনেকৈ সৰ্বসাধাৰণ মানুহে লেখামেলা কৰিব পাৰে সেয়া চিন্তা কৰিব লাগিব । ইউনিকড সম্পৰ্কত অসমত চলি থকা ভ্ৰান্ত ধাৰণা আতৰ কৰি আগবাঢ়িব লাগিব ।প্ৰথমতে ফন্টটো ভাল হব লাগিব । শুদ্ধ হব লাগিব । যুক্তাক্ষৰ যাতে ভাগি নাযায় তাৰ ওপৰত লক্ষ ৰাখিব লাগিব । ফন্ট বনোৱাজনে যুক্তাক্ষৰটো আকিব লাগিব। ইয়াৰ বাবে চিন্তাচৰ্চা গবেষণাৰ বাবে কম্পিউটাৰ বিজ্ঞানী , ভাষাতত্ববিদ আৰু হস্তলিপি বিশেষজ্ঞ আদিৰ গবেষণালব্ধ প্ৰচেষ্টা হব লাগিব । যোৰহাট প্ৰেছ ক্লাবত আয়োজন কৰা বক্তৃতানুষ্ঠানটোত কোঁৱৰে দৃশ্য-শ্ৰাব্য মাধ্যমেৰে ইউনিকোডত অসমীয়াৰ বৰ্তমানৰ অৱস্থিতি আৰু ভবিষ্যত সম্পৰ্কত বাখ্যা আগবঢ়ায় কয় যে আমি নিজৰ ব্ৰেণ্ড নিজেই সৃষ্টি কৰিব লাগিব । নিজৰ ভাষা সংস্কৃতিৰ ইউনিকডত ৰাখিবলৈ সৰু বৰ সকলোৱে যত্ন কৰিছে অথচ অসমীয়া বহুত পাছত । সেয়েহে সুন্দৰ আকৰ্ষণীয় ফন্টৰ যোগাৰ অসমীয়াৰ প্ৰধান লক্ষ্য হব লাগিব ।অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগে আছামিজ ছচাইটি ফৰ ইন্টাৰনেচনেল ক- অপাৰেচনৰ সহযোগত আয়োজন কৰা এই বক্তৃতানুষ্ঠানত অসম বন্ধুৰ তৰফৰ পৰা গবেষক বিজ্ঞানীগৰাকীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । প্ৰেৰণা বৰদলৈয়ে আত ধৰা অনুষ্ঠানটোত যোৰহাটৰ কেবাটাও দল সংগঠনে বিশিষ্ট বিজ্ঞানীগৰাকীক সম্বৰ্ধনা জনায়।
বিশ্বদৰবাৰলৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত এখোজ :শংকৰদেৱৰ নামেৰে ইউনিকডত হব অসমীয়া ফন্ট
-
By publisher
- Categories: News
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026