যোৰহাট: শংকৰদেৱৰ নামেৰে ইউনিকডত উপলব্ধ হব অসমীয়া ফন্ট । ইতিমধ্যে এই দিশত চিন্তাচৰ্চা কৰি ফন্ট সৃষ্টিৰ প্ৰচেষ্টা আৰম্ভ হৈছে । এই দিশত প্ৰাথমিক লক্ষ্য হব লিখাৰ প্ৰযুক্তিবিদ্যা দ্ৰুততৰ কৰা আৰু অসমীয়া ভাষাৰ লিখনি ডিজিটেল ৰূপত উপলব্ধ কৰিবলৈ ৰেক্টাৰ আদৰ্শ লোৱা । আমেৰিকাৰ মাছাছুছেটচ ইন্সটিটিউট অৱ টেকনলজিৰ গবেষক বিজ্ঞানী ড° কিশোৰী মোহন কোঁৱৰে আজি যোৰহাটত এই মত ব্যক্ত কৰে । ইউনিকোড আৰু অসমীয়া ভাষাৰ ভবিষ্যত শীৰ্ষক বিষয়ত বিশেষ বক্তৃতাত তেখেতে লগতে কয় যে ইউনিকোডত অসমীয়া আনে কৰিব নোৱাৰে আমি নিজেই কৰিব লাগিব ।এই বিষয়ত কৃটিম মগজুৰ সহায় লৈ কেনেকৈ লেখা পদ্ধতি উন্নতি কৰিব পাৰি , কেনেকৈ সৰ্বসাধাৰণ মানুহে লেখামেলা কৰিব পাৰে সেয়া চিন্তা কৰিব লাগিব । ইউনিকড সম্পৰ্কত অসমত চলি থকা ভ্ৰান্ত ধাৰণা আতৰ কৰি আগবাঢ়িব লাগিব ।প্ৰথমতে ফন্টটো ভাল হব লাগিব । শুদ্ধ হব লাগিব । যুক্তাক্ষৰ যাতে ভাগি নাযায় তাৰ ওপৰত লক্ষ ৰাখিব লাগিব । ফন্ট বনোৱাজনে যুক্তাক্ষৰটো আকিব লাগিব। ইয়াৰ বাবে চিন্তাচৰ্চা গবেষণাৰ বাবে কম্পিউটাৰ বিজ্ঞানী , ভাষাতত্ববিদ আৰু হস্তলিপি বিশেষজ্ঞ আদিৰ গবেষণালব্ধ প্ৰচেষ্টা হব লাগিব । যোৰহাট প্ৰেছ ক্লাবত আয়োজন কৰা বক্তৃতানুষ্ঠানটোত কোঁৱৰে দৃশ্য-শ্ৰাব্য মাধ্যমেৰে ইউনিকোডত অসমীয়াৰ বৰ্তমানৰ অৱস্থিতি আৰু ভবিষ্যত সম্পৰ্কত বাখ্যা আগবঢ়ায় কয় যে আমি নিজৰ ব্ৰেণ্ড নিজেই সৃষ্টি কৰিব লাগিব । নিজৰ ভাষা সংস্কৃতিৰ ইউনিকডত ৰাখিবলৈ সৰু বৰ সকলোৱে যত্ন কৰিছে অথচ অসমীয়া বহুত পাছত । সেয়েহে সুন্দৰ আকৰ্ষণীয় ফন্টৰ যোগাৰ অসমীয়াৰ প্ৰধান লক্ষ্য হব লাগিব ।অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগে আছামিজ ছচাইটি ফৰ ইন্টাৰনেচনেল ক- অপাৰেচনৰ সহযোগত আয়োজন কৰা এই বক্তৃতানুষ্ঠানত অসম বন্ধুৰ তৰফৰ পৰা গবেষক বিজ্ঞানীগৰাকীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । প্ৰেৰণা বৰদলৈয়ে আত ধৰা অনুষ্ঠানটোত যোৰহাটৰ কেবাটাও দল সংগঠনে বিশিষ্ট বিজ্ঞানীগৰাকীক সম্বৰ্ধনা জনায়।
বিশ্বদৰবাৰলৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত এখোজ :শংকৰদেৱৰ নামেৰে ইউনিকডত হব অসমীয়া ফন্ট
-
By publisher
ADVERTISEMENT
- Categories: News
Related Content
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025