ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশৰ যো জা

images

তেজপুৰ :অহা জানুৱাৰী নতুবা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ৰাজ্যত আত্মপ্ৰকাশ ঘটিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। আজি তেজপুৰত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ হৈ এই কথা প্ৰকাশ কৰে বিশিষ্ট আইনজীৱী তথা আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ বৰবৰাই।উল্লেখ্য যে, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ শোণিতপুৰ জিলা সমিতি গঠনৰ পৰিকল্পনাৰে তেজপুৰ তৰুণ অসম সংঘত আজি সন্ধ্যা প্ৰায় পাঁচ বজাতঅনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক৷তেজপুৰৰ শতাধিক বিশিষ্ট লোকৰ উপস্হিতিত শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।আনহাতে, সাংবাদ মাধ্যমৰ আগত অধিবক্তা বৰবৰাই অমিত শ্বাহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসমত কাৰ্যকৰী কৰিব বুলি কোৱা সভাত অগপৰ মন্ত্ৰী উপস্থিত থাকিও কিয় মৌন হৈ আছিল বুলি প্ৰশ্ন উত্থাপন কৰি অগপৰ প্ৰতি থকা শেষ আস্হাকনো নাইকিয়া হ’ল বুলি প্ৰকাশ কৰে৷ এনে অৱস্থাত ৰাজ্যত এটা নতুন আঞ্চলিকতাবাদী দলৰ অতিশয় প্ৰয়োজন হৈ পৰিছে বুলি বৰবৰাই কয়।
অগ্ৰদূতবাৰ্তা

Exit mobile version