ধমধমাত ৰাইফল সহ এন ডি এফ বি আটক

NDFB

বাগানপাৰা : নলবাৰী জিলাৰ ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙাফালিত গ্ৰেপ্তাৰ কৰে এজন এন ডি এফ বি সদস্য ।ধৃত এন ডি এফ বি সদস্য জন হৈছে বলোৰাম বসুমতাৰী ।বসুমতাৰীয়ে তেৰমাইলৰ পৰা এটা ৰাইফল আনি ৰঙাফালিত এজন ব্যক্তিক দিব আহোতে আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় ।উদ্ধাৰ হোৱা ৰাইফলটো 7.62sl চাইনিজ বুলি জানিব পৰা হৈছে ।সম্প্ৰতি ধৃত বলোৰাম বসুমতাৰীক ঘগ্ৰাপাৰ থানাত ৰাখি অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ।

ADVERTISEMENT
Exit mobile version