ৰ ৰ জাহাজ বিকল: নিমাতীঘাটত প্ৰতিবাদ
যোৰহাট : সমাগত ৰাসোৎসৱ। বিশ্বৰ বৃহত্তম নদী দীপ মাজুলীৰ ৰাস মহোৎসৱৰ আছে এক সুকীয়া বৈশিষ্ট্য। ৰাসৰ দিনকেইটাত মাজুলী পৰ্যৱসিত হৈ পৰে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ। দেশ-বিদেশৰ পৰ্যটকৰে ভৰি সমগ্র মাজুলী। সত্ৰ পীঠ মাজুলীৰ মহিমামণ্ডিত ৰাস মহোৎসৱলৈ মাজত মাথোঁ এটা মাহ বাকী। ৰাজ্যৰ পৰ্যটন বিভাগে ঘোষণা কৰিছে বোলে এইবাৰ আন্তৰ্জাতিক পৰ্যায়ত ৰাস প্ৰচাৰ চলাব আৰু বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই মুহূৰ্তত নদী দীপ তথা মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টিলৈ যোৱাৰ অনিশ্চয়তা দূৰ কৰাৰ দাবীক লৈ স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগীয়া হৈছে। দীৰ্ঘ দিন ধৰি বিকল হৈ পৰা মূখ্যমন্ত্ৰীৰ সপোনৰ ৰ’ ৰ’ জাহাজ সচল কৰাৰ দাবীত স্থানীয় ৰাইজৰ সহযোগত অসম জাতীয় বাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে নিমাটি ঘাটত বিকল হৈ পৰি আছে প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে ক্ৰয় কৰা অত্যাধুনিক ৰ ৰ জাহাজ। ইপিনে সত্ৰ পীঠ মাজুলী গড়াখহনীয়াতো আক্ৰান্ত। ঘাটকেইটাৰ অৱস্থাও জৰাজীৰ্ণ। ঘাট সঙ্গলগ্ন বাটপথো বিধ্বস্ত। অতিশয় আশ্চৰ্য জনক কথাটো হল ৰহস্যজনকভাৱে যোৱা চাৰিমাহে বিকল হৈ থকা দহ কোটি টকীয়া ৰ ৰ জাহাজখন মেৰামতি কৰা হোৱা নাই। নদীৰ বুকুত জাহাজ খন ফুলদানীত পৰিণত হৈছে নিমাতীঘাটত। ইয়াৰে প্ৰতিবাদত আজি যুৱ ছাত্ৰ পৰিষদে পথ অবৰোধ কৰি নিমাতীঘাটত প্ৰতিবাদ সাব্যস্ত কৰে। বহু সময় ধৰি পথ অৱৰোধ কৰাৰ ফলত আৱদ্ধ হৈ পৰে বহু যানবাহন। ৰাসোৎসৱৰ আগে আগে ৰ ৰ জাহাজ পুনৰ সক্ৰিয় কৰি তোলা , পথ সমূহ মেৰামতি কৰাৰ লগতে নিমাতীঘাটৰ খহনীয়াৰ এক স্থায়ী সমাধানৰ দাবী তোলে সঙ্গঠনটোৱে। পৰিষদৰ আজি অৰ্ধশতাধিক সদস্য সদস্যই হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পৰিসদৰ সদস্য সকলে নিমাটিৰ ২ নং বুল্ড হেড ৰ খহনীয়া প্ৰতিৰোধ, ডাইনী গাওঁ গোহাঁই গাওঁ ৰ খহনীয়াৰ স্থায়ী সমাধান, বৰ আলি মাথাউৰী মেৰামতি, ৰংদৈ বৰ আলিৰ পৰা গুধা দলং সংযোগী জৰাজীৰ্ণ পথৰ নিৰ্মান, কডমনি জান ৰ নতুনকৈ খনন সম্পন্ন কৰা আদি দাবী উত্থাপন কৰে। সংবাদ মাধ্যমৰ আগত পৰিসদৰ সদস্য সকলে উল্লেখ কৰে যে, ৰাসৰ বাবে মাজুলিলৈ যাবৰ বাবে এই পথেই যোৰহাট ৰ পৰা একমাত্র পথ। কিন্তু এই পথে জীয়াটো ভোগাই আহিছে ৰাইজক। তদুপৰি ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা ৰ ৰ জাহাজ বিগত দীৰ্ঘ দিন ধৰি বিকল হৈ আছে। কৰ্তৃপক্ষক অতি শীঘ্ৰে ইয়াৰ মেৰামতিৰ ব্যৱস্থাৰ দাবী তোলে।