মঙলদৈ/দলগাঁও, ১৫ অক্টোবৰঃ দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দূৰ্লভ প্ৰজাতিৰ মাছ “বুৰকা চেং” ৰ অবৈধ সৰবৰাহ কৰাৰ অভিযোগত আজি আৰক্ষীয়ে নিয়মীয়া তালাচী সময়ত মাছসহ দুজনক গ্ৰেপ্তাৰ কৰে ৷ স্হানীয় লোকৰ মাজত পিপলি চেং আৰু চানা বুৰকা নামেৰে প্ৰসিদ্ধ এই মৎস্যবিধ অতি দূৰ্লভ প্ৰজাতিৰ আৰু জনামতে ইয়াৰ পৰা ঔষধ প্ৰস্তুতিত ব্যৱহাৰ কৰাৰ বাবে চিকাৰৰ বলি হোৱাত অতি দূৰ্লভ প্ৰজাতিত পৰিণত হৈছে ৷ বন বিভাগে ইয়াৰ চিকাৰৰ ওপৰত বাধা আৰোপ কৰিছে যদিও চোৰাং বজাৰত ইয়াৰ মূল্য অভাৱনীয় ৷ এনে অৱস্থাতে দলগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এ এছ ১২__ ডব্লিউ ৮২৫১ নম্বৰৰ বগা ৰঙৰ গুৱাহাটী অভিমূখী গাড়ীখনৰ পৰা উক্ত মৎস্য উদ্ধাৰ কৰে ৷ লগতে সৰবৰাহ কৰাৰ বাবে খাৰুপেটীয়া থানাৰ অন্তৰ্গত মণ্ডলপাৰা গাঁৱৰ জালালুদ্দিন (৩১) আৰু মাজবাট থানা এলেকাৰ আবু তাহিৰ (২৮)ক গেপ্তাৰ কৰে ৷ উল্লেখ্য যে জালালুদ্দিনে দুদিন পূৰ্বে মাছটো আঠ হাজাৰ টকাত ক্ৰয় কৰিছিল আৰু আজি গুৱাহাটীত ২৫ হাজাৰ টকাত বিক্ৰীৰ বন্দোৱস্ত কৰিছিল ৷ মন কৰিবলগীয়া যে এই প্ৰজাতিৰ দূৰ্লভ মৎস্য দেশৰ ভিতকত কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যানতহে অধিক পোৱা যায় ৷বুৰকা চেং এবিধ আলংকৰিক মাছ আৰু চালে চকুৰোৱা বিধৰ ৷ গাত থকা চকৰী আৰু পাখিবোৰো ফুলাম আৰু যথেষ্ট দীঘল ৷উদ্ধাৰ কৰা মাছটোৰ সঠিক প্ৰতিপালনৰ বাবে ইতিমধ্যে বন বিভাগৰ হাতত চমজাই দিয়া হৈছে ৷