বলিউডৰ প্ৰখ্যাত প্ৰযোজক আৰু নিৰ্দেশক অনুৰাগ কাশ্যপে আজি ঘোষণা কৰে যে তেওঁ নতুন অসমীয়া কথাছবি “আমিষ” চলিত বৰ্ষৰ নৱেম্বৰ মাহত দৰ্শকৰ উপভোগৰ বাবে ছবিগৃহত মুকলি কৰি দিব। ছবি নিৰ্মাতা গৰাকীয়ে তেওঁৰ নিজা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই ঘোষণা কৰে, লগতে তেওঁ দৰ্শক তথা ছবিপ্ৰেমী সকলক অহা ২২নৱেম্বৰত মুক্তি পাবলগীয়া অসমীয়া কথাছবি “আমিষ” চাবলৈ অনুৰোধ জনাই এটি ভিডিঅ’ মুকলি কৰে, য’ত নিৰ্মাতা গৰাকীয়ে উল্লেখ কৰিছে এইদৰে “আপোনালোকে আজিলৈকে আমিষৰ দৰে এনেকুৱা একো ভাৰতৰ পৰা ওলোৱা দেখা নাই”। ভাৰতৰ বিভিন্ন প্ৰান্তক স্বাধীনভাৱে উপস্থাপন কৰি অহাৰ বাবে জনাজাত অনুৰাগ কাশ্যপৰ এইটো প্ৰথম প্ৰকল্প য’ত তেওঁ উত্তৰ-পূব ভাৰতক কথাছবিৰ মাজেৰে উপস্থাপন কৰিবলৈ আগবাঢ়িছে। এক সুগভীৰ প্ৰেম কাহিনী, “আমিষ”ক লিখিত ৰূপ দিছে তথা নিৰ্দেশনা কৰিছে ছবি নিৰ্মাতা ভাস্কৰ হাজৰিকা দেৱে, যাৰ প্ৰথমখন কথাছবি “কথা নদী” য়ে ২০১৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনত অভিনয় কৰিছে অভিনয় জগতত নতুনকৈ খোজ দিয়া লিমা দাস আৰু অৰ্ঘদীপ বৰুৱাই, সহযোগিতা নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসৰ; কথাছবি খনৰ প্ৰযোজনা পুনম দেউল আৰু শ্যাম বৰাৰ, সহযোগ কৰিছে ৱিছবেৰী ফিল্মছ এ।
