কপিলী জলবিদ্যুৎ প্ৰকল্পত বালি-শিলৰ দ’মৰ মাজত নিৰুদ্দিষ্ট কৰ্মচাৰীৰ সন্ধানত অভিযান অব্যাহত

qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq

নগাঁও,১৬ অক্টোবৰ:ডিমাহাচাও জিলাৰ উমৰাংছ’স্থিত নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচত এন ডি আৰ এফ,এছ ডি আৰ এফ, উমৰাংছ আৰু হোজাইৰ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰুদ্দিষ্ট বিষয়া-কৰ্মচাৰীৰ সন্ধানত চলোৱা অভিযান অব্যাহত ৰাখিছে।কিন্তু এই উদ্ধাৰ অভিযানৰ আজি চাৰি দিন উকলি যোৱাৰ পাছতো সফল হ’ব পৰা নাই উদ্ধাৰকাৰী দলসমূহ।কালি শিল-বালিৰ দ’মৰ মাজত প্ৰকল্পটোৰ এজন কাৰিকৰী কৰ্মচাৰী জয়সিং তিছুৰ এটা বেগ আৰু জোতা উদ্ধাৰ হৈছিল যদিও আজি সন্ধিয়া পৰ্যন্ত কোনো ফল নাপালে উদ্ধাৰকাৰী দলে।অৱশ্যে আজিও পুৱাৰে পৰা উদ্ধাৰকাৰী দলে এস্কেভেটৰৰ সহায়ত পাৱাৰ হাউচত দ’ম হৈ পৰি থকা শিল-বালি সমূহ আঁতৰাই পেলাবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও সেই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে।সম্ভবতঃ পাৱাৰ হাউচৰ তলৰ মহলাৰ শিল-বালিৰ দ’মৰ মাজতহে সন্ধানহীন বিষয়া কৰ্মচাৰীৰ সন্ধান ওলাব বুলি আশা কৰা হৈছে।স্মৰ্তব্যযে, উমৰাংছ’ৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচৰ এডাল জল পৰিবাহী পাইপৰ বিষ্ফোৰণে নিমিষতে মহা প্ৰলয়ৰ সৃষ্টি কৰি তচনছ কৰি পেলোৱা প্ৰকল্পটো এতিয়া ধ্বংস স্তূপত পৰিণত হৈছিল।কপিলীৰ পানী, ৰঙা বালি আৰু শিলে তাণ্ডৱ চলোৱা প্ৰকল্পটোৰ ধ্বংসস্তূপত আজিও আৱদ্ধ হৈ আছে কণিষ্ঠ অভিযন্তা ৰবাৰ্ট জন নগামলাই, কাৰিকৰী কৰ্মচাৰী জয় সিং তিছু, প্ৰেমলাল বাল্মিকী আৰু অস্থায়ী কৰ্মচাৰী ৰাজু ৰেড্ডী।স্মৰ্তব্যযে, যোৱা ৬ অক্টোবৰৰ পুৱতি নিশা বিষ্ফোৰিত জল পাইপেৰে বোৱা প্ৰৱল পানীৰ সোতে কৰ্তব্যৰত বিষয়া-কৰ্মচাৰী কেইজনক উটুৱাই নিছিল।
ইপিনে আজি অসম আৰক্ষীৰ দক্ষিণ মণ্ডলৰ উপ মহা পৰিদৰ্শক প্ৰশান্ত দত্তই প্ৰকল্প স্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয়।নিৰুদ্দিষ্ট বিষয়া-কৰ্মচাৰী কেইজনৰ আত্মীয়ই যোৱা সাত অক্টোবৰৰ পৰাই নিতৌ প্ৰকল্পটোলৈ গৈ কপিলীৰ পাৰত চকুলো নিগৰা দৃশ্যই সকলোৰে হৃদয় কঁপাই তোলা পৰিলক্ষিত হৈছে।

Exit mobile version