বৰপেটা জিলাৰ আৰক্ষীয়ে বিগত কেইবা মাহ ধৰি জেহাদী সন্দৰ্ভত বিভিন্ন তথ্য লাভ কৰি অধিক তৎপৰ হৈ আছে ইছলামিক মৌলবাদী অপশক্তিৰ বিৰুদ্ধে। বৰপেটা, নলবাৰী, চিৰাং জিলাত আৰক্ষীয়ে অভিযান চলাই এটাৰ পিচত এটা সন্দেহযুক্ত জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । আৰক্ষীয়ে ইছলামিক মৌলবাদী অপশক্তিৰ সৈতে জড়িত থকা সাত জনক বিগত তিনি মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ পিচত কালি পুণৰ এগৰাকী প্ৰশিক্ষণ প্ৰাপ্ত জেহাদিক আটক কৰে। আজাহাৰ উদ্দিন আহমেদ (২৫) নামৰ জেহাদি জনক কালি বিয়লি প্ৰায় তিনি বজাত বৰপেটা উপকন্ঠ অঞ্চলৰ পৰা বৰপেটা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ভৱানীপুৰৰ আৰক্ষীয়ে আটক কৰিছে । আৰক্ষী সুত্ৰে জানিব পৰা মতে এই গৰাকী জেহাদী জনে টেলেংগনাৰ পৰা তাৰাবাৰীৰ ৰৌমাৰীৰ ঘৰলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আজাহাৰ উদ্দিনে ২০১৪ চনৰ পৰা ইদৰ আগদিনা নামাজ পঢ়া কাৰ্যত জড়িত আছিল। তেতিয়াৰ পৰা এই গৰাকী লোকক আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি আছিল। কিন্তু এই গৰাকী জেহাদিযে ৰাজ্যৰ বাহিৰত আত্মগোপন কৰি সাংগঠনিক কাম কাজ চলাই গৈছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল। ধৃত জেহাদি জনক আজি বজালীৰ ন্যায়িক আদালতত হাজিৰ কৰায় সাত দিনৰ বাবে আৰক্ষীৰ জীম্বাত লয় ।
বৰপেটাত পুনৰ গ্ৰেপ্তাৰ কৰিলে জেহাদী
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026