বিশেষ সংবাদদাতা ,বৰপেটা, ১৭ অক্টোবৰ: জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰভোগ থানাৰ অধীনৰ খৰিচলাত নিৰ্বাচনী তদাৰকী দলৰ তালাচী অভিযানত আজি আবেলি এজন ব্যক্তিৰ পৰা ২ লাখ টকা জব্দ কৰা হয়। কলগাছিয়াৰ আব্দুল গফুৰ নামৰ এজন বাইক আৰোহীয়ে এই ধন কোনো বৈধ নথি পত্ৰ অবিহনে সন্দেহজনক ভাবে কঢ়িয়াই আনিছিল ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰি জনাইছে যে উক্ত ব্যক্তিজনে ধনখিনিৰ বৈধতাৰ সম্পৰ্কত কোনো পতিয়ন যোগ্য তথ্য দাখিল কৰিব নোৱাৰিলে। জনিয়া বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি অনুসৰি কোনেও পূৰ্বৰ অনুমতি অবিহনে ৫০ হাজাৰতকৈ অধিক ধন সৰবৰাহ কৰিব নোৱাৰে। সেয়েহে এই সম্পৰ্কত এটি গোচৰ ৰুজু কৰি ধনখিনি জব্দ কৰা হয়। সাধাৰন নিৰ্বাচন পৰ্যবেক্ষক বাটাকৰুষ্ণ দেহুৰেও ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাৰ বুজ লৈ ধন খিনি জব্দ কৰাৰ নিৰ্দেশ দিয়ে।