অহা ২১ অক্টোবৰত হ’ব লগীয়া বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ ইতিমধ্যে অন্ত পৰে । জনীয়া, ৰাতাবাৰী,সোণাৰী,ৰঙাপাৰা এই চাৰিটা সমষ্টিত হ’বলগীয়া বিধান সভাৰ উপ-নিৰ্বাচনৰ বাবে তুংগত উঠে প্ৰচাৰ অভিযান।ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি এই উপ-নিৰ্বাচনতো প্ৰচাৰৰ আগত আছে শাসক দল বিজেপি।ৰঙাপাৰা,সোণাৰী,ৰাতাবাৰী ত প্ৰচাৰৰ বাবে অধিক গুৰুত্ব দিছে দলটোৱে ।তিনিওটা সমষ্টিতে উপ-নিৰ্বাচনৰ জৰিয়তে হস্তগত কৰিবলৈ দলটো বদ্ধ পৰিকৰ হৈছে।অন্যহাতে জনীয়াত বিশেষভাৱে প্ৰচাৰৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিছে বিৰোধী দল কংগ্ৰেছে ।কাৰণ সমষ্টি টো কংগ্ৰেছৰ দখলত আছিল।ইফালে এ আই ইউ ডি এফে ও সমষ্টি টোত শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।সমান্তৰাল ভাৱে বিজেপিয়েও সমষ্টি টোত প্ৰভাৱ বিস্তাৰ কৰাটো নিশ্চিত ।ফলত জনীয়াত এইবাৰ তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’ব ।ইয়াৰ আগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজতহে নিৰ্বাচনী যুঁজ খন সীমাবদ্ধ আছিল।তিনিকোণীয়া হোৱা বাবেই জনীয়াক লৈ নিশ্চিত হ’ব পৰা নাই কংগ্ৰেছ ।ইপিনে কেৱল জনীয়াত প্ৰতিদ্বন্দিতা কৰিলেও সেইটোতে বিজয় সাব্যস্ত কৰিবলৈ উঠিপৰি লাগিছে এ আই ইউ ডি এফে ।ধর্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ অধ্যুক্ষিত সমষ্টিটোত বিজেপিয়ে ভোট যুদ্ধ ত কিমান সহাঁৰি লাভ কৰিব তাক লৈ নেতা সকল যথেষ্ট আশংকাত আছে।জনীয়াৰ এই পৰিবেশৰ বিপৰীতে আন তিনিটা সমষ্টিত ভোট যুদ্ধ বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব ।তিনিওটা সমষ্টিতে চাহ বাগিচাৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা লৈ আহিছে ।সেয়েহে বিজেপি য়ে বাগিচাৰ ভোটক মূল লক্ষ্য কৰি সমষ্টি কেইটাৰ প্ৰচাৰত গুৰুত্ব দিছে ।