অগ্ৰদূত বাৰ্তা ,ডুমডুমা ২০অক্টোবৰঃ- আজি অৰুণাচল প্ৰদেশৰ চাংলাঙত ৪ৰ্থ আসাম ৰাইফল আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত আলফা (স্বঃ) দুধৰ্ষ কেডাৰ আটক হোৱাৰ বাতৰি পোৱা গৈছে৷ চাংলাঙৰ খিমীয়াং, ইয়ানমং আৰু নৈটাং অঞ্চলত এই অভিযান চলিছিল৷ প্ৰাপ্ত বাতৰি অনুসৰি আলফা স্বাধীনৰ দুধৰ্ষ সদস্য ৰূপান্তৰ অসম ওৰফে ডাৱৰ অসম আটক হোৱাৰ চাঞ্চল্যকৰ বাতৰি পোৱা গৈছে৷ ডাৱৰ অসমৰ পৰা এটা ৰাইফল, দুটা মেগজিন, ৪৯টা সজীৱ গুলি উদ্ধাৰ কৰে৷ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ দুধৰ্ষ আলফা সদস্য জনে ২০১৬ত আলফাত(স্বাঃ) যোগদান কৰিছিল৷ তাৰ আগতে চেন্নাইত এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছিল৷ ডাৱৰ অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত মালভোগ লাওপানী গাঁৱত বুলি জানিব পৰা গৈছে৷ ম্যানমাৰত আলফা(স্বাঃ)ৰ আৰু উত্তৰ পূৱৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ম্যানমাৰ সেনাই অভিযান অব্যাহত ৰখাৰ মাজতে আলফা(স্বাঃ) ২০/২২ জনিয়া এটা দল আন্তৰ্জাতিক ম্যানমাৰ সীমান্ত পাৰ হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশৰ তথ্য সেনাৰ চোৰাংচোৱাৰ হাতত আছিল আৰু এই তথ্যৰ ভিত্তিতে আজি ৰূপান্তৰ ওৰফে ডাৱৰ অসম আটক হ’ব লগা হ’ল বুলি সূত্ৰত প্ৰকাশ৷
আলফা স্বাধীনৰ দুধৰ্ষ সদস্য ৰূপান্তৰ ওৰফে ডাৱৰ অসম আটক
-
By publisher

- Categories: News
- Tags: AssamInsurgencyULFA
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026