মৰিগাঁও,২০ অক্টোবৰ: মৰিগাঁও জিলাৰ দুৱনী ৪ খন গৰু ভৰ্তি বাহন আজি ৰাইজে জব্দ কৰে। স্থানীয় লোকে মৰিগাঁও সদৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ২৭ টা গৰু উদ্ধাৰ কৰাৰ লগতে গৰু সৰবৰাহকাৰীৰ লগত জড়িত ৯ জনক আটক কৰে। প্ৰাপ্ত তথ্য মতে চাৰিখনকৈ বাহনত থকা মুঠ ২৭টাকৈ গৰু জাগীৰোডৰ পৰা ভূৰাগাঁৱৰলৈ নিয়াৰ অৱস্থাত দুৱনী অঞ্চলৰ ৰাইজৰ সন্দেহ হোৱাত গাড়ী কেইখন জব্দ কৰে। উক্ত গাড়ীত অহা এজন গৰু ব্যৱসায়ী পলায়ন কৰোঁতে ৰাইজে খেদি খেদি উত্তম মাধ্যম সোধায় । উল্লেখ যে গৰু ছিণ্ডিকেটৰ লগত জড়িত থকাৰ সন্দেহ কৰি ৯ জনকৈ লোকৰ লগতে বাহন সহ ২৭ টাকৈ গৰু মৰিগাঁও সদৰ আৰক্ষীক গতাই দিয়ে দুৱনী অঞ্চলৰ ৰাইজে ।বহুদিন ধৰি দুৱনী অঞ্চলত গৰু চুৰি কাৰ্য সংঘটিত হৈ আহিছিল।সেয়ে ৰাইজে আজি গাড়ী সমুহত চুৰি গৰু অহা বুলি সন্দেহ কৰি মৰিগাঁও আৰক্ষীক চমজাই দিয়ে। ইপিনে অঞ্চলটোৰ মাজেৰে এনেকৈ গৰু সৰবৰাহ হৈ থকাৰ লগতে সৰবৰাহকাৰীয়ে এতিয়া নতুন কৈ ডাঙৰ বাহনৰ পৰিবৰ্তে সৰু সৰু বাহন ব্যৱহাৰ কৰি আৰক্ষী আৰু ৰাইজৰ চকুত নপৰাকৈ গৰু সৰবৰাহকাৰীয়ে নতুন কৌশল ব্যৱহাৰ কৰিছে বুলি অঞ্চলৰ ৰাইজে অভিযোগ কৰে।