অগ্ৰদূত বাৰ্তা, দলগাঁও, ৩০ অক্টোবৰ:: দৰং জিলা আৰক্ষীয়ে ব্যাপক অভিযান চলাই তিনি জন দূৰ্ধৰ্ষ চোৰাং গড় চিকাৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আজি পুৱতি নিশা জিলা আৰক্ষীয়ে শ্যামপুৰ থানাৰ অন্তৰ্গত “জাগুৱা”ৰ চাপৰিৰ পৰা জাকিৰ হুছেইন নামৰ এজন দুৰ্ধর্ষ চোৰাং চিকাৰীক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে । দৰং আৰক্ষীৰ উপ-আৰক্ষী মামণি হাজৰিকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলটোৱে ধৃত জাকিৰ হুছেইনৰ ঘৰৰ পৰা দুটা হস্ত নিৰ্মিত থ্ৰি নট থ্ৰি ৰাইফল, ৪ জাই সজীৱ গুলীৰ লগতে ৫ জাই ১২ ব’ৰৰ গুলী উদ্ধাৰ কৰে । আনহাতে শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰজ আলম চৌধুৰীৰ নেতৃত্বত যোৱা আন এটি আৰক্ষীৰ দলে নুৰ ইছলাম আৰু জাল্লালুদ্দিন নামৰ দুই দুৰ্ধর্ষ গড় চিকাৰীক .২২ পিষ্টল আৰু ৪ জাই সজীৱ গুলীসহ গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য নে ধৃত নুৰ ইছলামৰ ঘৰ হোজাই জিলাৰ লামডিংত আৰু জাল্লালুদ্দিনৰ ঘৰ হাৰমতীত ।
অস্ত্ৰ শস্ত্ৰ সহ তিনি দূৰ্ধৰ্ষ চোৰাং গড় চিকাৰি গ্ৰেপ্তাৰ দলগাঁৱত
-
By publisher

Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026