নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভৱানীপুৰত আছুৰ জোৰ সমদল

m
অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু স্থানত উত্তাল প্ৰতিবাদ
অগ্ৰদূত বাৰ্তা , সৰুপেটা , ২ ডিচেম্বৰ :
ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু স্থলীত আজি সন্ধিয়া  আছুৰ কৰ্মী সমৰ্থক সকলে বিজেপি চৰকাৰ গোবেক, নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নহব, সৰ্বানন্দ সোনোৱাল চৰকাৰ হায় হায়, অমিত শ্বাহ মুৰ্দাবাদ, মোডী চৰকাৰ হুচিয়াআদি শ্লগাণেৰে পৰিবেশ উত্তাল কৰি তোলে। সন্ধিয়া ছয় বজাত ভৱানীপুৰ ছহিদ ভৱনৰ পৰা উলিওৱা জোৰ সমদলৰ হৰিপুৰৰ মাজেৰে আহি ভৱানীপুৰ চ’ক বজাৰত সামৰণি পেলায়। এই জোৰ সমদলৰ অন্তত ভৱানীপুৰ চক বজাৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। এই প্ৰতিবাদী সভাত বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমুদ্ৰ পাটগিৰী,আৰু বজালী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দামোদৰ ৰয়ই  বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম চুক্তি নসাৎ কৰিব ওলোৱা কোনো কাৰ্য ছাত্ৰ সন্থাই সহ্য নকৰে বুলি কয়। লগতে ছাত্ৰ নেতা কেইগৰাকীয়ে অসম চুক্তি আখৰে আখৰে শীঘ্ৰে ৰূপায়ণ নকৰিলে এই ছহিদৰ মৃত্যু স্থলীৰ পৰা  পুনৰ ভয়াবহ আন্দোলন মুখামুখি হবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়নি দিয়ে ।কাৰ্যসূচীৰ আৰম্ভণিতে বজালী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দামোদৰ ৰয়ে ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰা লগতে ছাত্ৰ সন্থাৰ কৰ্মী সমৰ্থক সকলে অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাক স্মৰণ কৰি ছহিদৰ ত্যাগৰ মূল্য অথলে যাব নিদিও বুলি শপত লয়।
Exit mobile version