Home News By publisher 7 years Ago ShareShareShareShare নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজি নেছোই আহ্বান দিয়া এঘাৰ ঘন্টীয়া উ:পূঃ বন্ধৰ কাছাৰতো প্ৰভাৱ পৰিছে ৷ বন্ধ সমৰ্থন কাৰী সকলে ৰাতিপুৱাৰে পৰা বিভিন্ন পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাবস্ত কৰে ৷ কাছাৰ জিলাৰ সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ বাঁচকান্দি শিলচৰৰ সোণাইৰোড নাগাটিলা, ৰংপুৰ, লাঠিগ্ৰাম আদি স্হানত পথ অৱৰোধ কৰে প্ৰতিবাদী সকলে ৷ ৰাতিপুৱাৰ পৰা বন্ধ সফল কৰি তোলাৰ কাৰণে ৰাজপথে ৰাজপথে উলায় পিকেটৰ সকল ৷ যদিও আৰক্ষী খুবেই সক্ৰিয় আছিল ৷ পিকেটাৰকাৰী সকল প্ৰতিবাদত নমাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে যদিও গ্ৰামঞ্চলত ব্যপক প্ৰভাৱ পড়িছে বন্ধৰ ৷ কাছৰৰ প্ৰতিটো অঞ্চলত বন্ধ যথেষ্ট প্ৰভাৱ পড়ে ৷ সাধাৰণ ৰাইজও বন্ধৰ স্বতঃফুৰ্ত সমৰ্থন কৰি উলাই আহে ৷ শিলচৰ চহৰৰ বিভিন্ন ঠাইৰ ব্যাৱসায়ী সকলে নিজ নিজ ব্যাৱসায়িক প্ৰতিষ্টান বন্ধ ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলা এই উত্তৰ পূৰ্ব বন্ধৰ সমৰ্থন কৰে ৷চহৰৰ ইটখলা, চামড়াগুদাম, ইণ্ডিয়া ক্লাবৰ ব্যাৱসায়ী সকলে ব্যাৱসায়িক প্ৰতিষিটান সমুহ বন্ধ ৰাখে ৷ শিলচৰ- কুম্ভীৰগ্ৰাম ভিআইপি পথত টায়াৰ জ্বলাই উত্তপ্ত কৰি তোলে প্ৰতিবাদী সকলে ৷বিভিন্ন ঠাইত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ হৈছে বুলি খৱৰ আহিছে ৷ ইফালে, ৰংপুৰত প্ৰতিবাদ কৰা খিলঞ্জীয়া অসম সুৰক্ষা কমিটীৰ সা: সম্পাদক হেৰাজিত সিংহ সহ কেবা জনো বন্ধ সমৰ্থন কাৰীক আটক কৰে আৰক্ষীয়ে ৷সোনাই ৰোড পৰা কাছৰৰ যুৱ নেতা আনছাৰ হুছেইন বড়লস্কৰক আটক কৰে আৰক্ষীয়ে ৷ শেষতীয়া পোৱা খৱৰঅনুযায়ী কাছৰত ২৭০ জনৰৰ উপৰি প্ৰতিবাদকাৰী সকলক আটক কৰে আৰক্ষীয়ে Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: News Related Content তামিলনাডুত নতুন যুগৰ সূচনা! By publisher May 10, 2026 দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই By publisher May 10, 2026 ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ By publisher May 8, 2026 বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন By publisher May 8, 2026 মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ By publisher May 8, 2026 অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি! By publisher May 8, 2026