এনডিএফবি(এছ) ৰ সভাপতি বি চৰাইগৌৰা, সচিব বি ফেৰেংগা অস্ত্ৰ এৰি চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে মূল সুঁতি লৈ ঘুৰি অহাৰ দুদিন পাছত আজি ভূটানৰ গহীন জংঘলৰ পৰা ওলাই আহিল সংগঠনটোৰ শীৰ্ষ নেতা সহ প্ৰায় সাত শতাধিক সদস্যই। যাৰ ভিতৰত এনডিএফবিৰ জ্যেষ্ঠ তথা দুৰ্ধৰ্ষ নেতা বি বাথা আৰু আংগুই আছিল অন্যতম।শীৰ্ষ নেতা কেইজনে অস্ত্ৰ-শস্ত্ৰ লৈ আজি জংঘলৰ পৰা মুক্ত আকাশৰ তলত ওলাই আহিল। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত তথা ভূটান সীমান্তৱৰ্তী ৰাঙাপাৰা নামৰ দূৰ্গম ঠাইত আজি এনডিএফবিৰ দলটোৱে ওলাই আহিব বুলি খবৰ পাই ৰাতিপুৱাৰে পৰা অজস্ৰ মানুহে আহি ভিৰ কৰে। এন ডি এফ বিৰ সংবিজিত গোটৰ শীৰ্ষ নেতা বি বাথাৰ সৈতে ছশ’ৰো অধিক সদস্যই শাৰী পাতি যেতিয়া জংঘলৰ পৰা ওলাই আহে তেতিয়া উপস্হিত ৰাইজে তেওঁলোকক ঢোল ডাগৰ বজাই হৰ্ষোল্লাসৰ মাজেৰে উষ্ণ আদৰণী জনায়। আজি বাথাৰ নেৰ্তৃত্বত বিশাল এই দলটোক মুক্ত আকাশৰ তললৈ অনাৰ বাবে স্বয়ং বি চৰাইগৌৰা ৰাঙাপাৰাত উপস্হিত আছিল।ভূটানৰ হাবিৰ মাজৰ পৰা আজি এনডিএফবি (এছ) ৰ সেনাধিনায়ক বি বাথা আৰু দুৰ্ধৰ্ষ নেতা আংগুই ৰাঙাপাৰাত উপস্হিত হোৱাৰ লগে তেওঁৰ লগত থকা আৰু ছ সাত গৰাকী অস্ত্ৰধাৰী সদস্যক আৰক্ষীৰ বিশেষ বাহনত উঠাই ঘটনাস্হলীৰ পৰা লৈ যোৱা হয়। উল্লেখ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে বড়ো সমস্যাৰ সমাধানাৰ্থে অনুষ্ঠিত হ’বলগীয়া শান্তি আলোচনাত অংশ ল’বলৈ এনডিএফবি (এছ) ৰ শীৰ্ষ নেতৃত্বৰ সৈতে প্ৰায় সাতশ সদস্য অস্ত্ৰ বিৰতি কৰি মূল সুঁতি লৈ ঘুৰি অহাটো বিটিচিত এক শান্তিৰ বাৰ্তা কঢ়িয়াই আনিছে। এনডিএফবি(এছ) ৰ সভাপতি-সচিবকে ধৰি কেবাগৰাকী শীৰ্ষ নেতা আলোচনাৰ বাবে ওলাই অহাৰ পাছত সংগঠনটোৰ অন্যতম শীৰ্ষ নেতা বি বিদাই আৰু বি বাথাৰ আগমনলৈ অপেক্ষা কৰিছিল সংগঠনটোৰ নেতৃবৰ্গ তথা ৰাইজে II
***গোসাঁইগাঁৱৰ ৰাঙাপাৰাত মুক্ত আকাশৰ তলত এনডিএফবি (এছ)ৰ শীৰ্ষ নেতা সহ ছয়শতাধিক সদস্যঃ অস্ত্ৰ বিৰতি কৰি গহীন জংঘলৰ পৰা ওলাই আহিল এসময়ৰ দুৰ্ধৰ্ষ বি বাথাঃ ৰাইজৰ উষ্ম আদৰণী*
-
By publisher
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026