বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাই এতিয়াও তাণ্ডৱ অব্যাহত ৰাখিছে ইউৰোপত। ইটালীত অব্যাহত আছে মৃত্যুলীলা।। ইয়াৰ পূৰ্বে কৰ’না ভাইৰাছৰ ফলত একেলগে এনেদৰে বৃহৎ সংখ্যক লোকৰ মৃত্যু হোৱা নাছিল। ফলত এতিয়া কৰ’নাৰ উপকেন্দ্ৰ হৈ পৰিছে ইটালী। ইয়াকে লৈ এতিয়া কাৰো সন্দেহ নাই। বিশ্বব্যাপী মহামাৰীৰ কবলত তচনচ হৈ পৰিছে জন জীৱন।এই পর্যন্ত ইটালীত মৃতকৰ সংখ্যা 2503 জন।দেশখনৰ ৰাজধানী মিলানৰ কেন্দ্ৰৰূপে পৰিচিত লম্বৰদি অঞ্চলতে মৃত্যু হৈছে ১২১৮। তদুপৰি স্পেইনতো এদিনতে এশ জনৰ মৃত্যু হৈছে।পৰিস্থিতি ইমানে ভয়াবহ হৈ পৰিছে যে ইউৰোপৰ অধিকাংশ দেশৰ সীমান্ত ছীল কৰি দিয়া হৈছে। কৰ’নাৰ সংক্ৰমন ৰোধ কৰিবলৈ ইটালীৰ চৰকাৰে দেশবাসীক অতি প্ৰয়োজনীয় নহ’লে ঘৰৰ বাহিৰলৈ ওলাবলৈ নিষেধ কৰিছে। এই পৰিস্থিতিত গৃহবন্দী হৈ থাকিও বাৰাণ্ডাত থিয় হৈ, ঘৰৰ চাদত উঠি বা খিৰিকীৰ ৰেলিঙত থিয় হৈ মোবাইলৰ টৰ্ছ জ্বলাই, কোনোবাই ম’মবাটি জ্বলাই দেশপ্ৰেমৰ গীত গাই মৃত্যুভয় দূৰ কৰাৰ বাৰ্তা প্ৰেৰণ কৰে। চীনৰ পিছত ইউৰোপ এতিয়া এই মহামাৰী বিচৰণ ভূমিত পৰিণত হৈছে । সংক্ৰমণ ৰুধিবলৈ যোৱা এসপ্তাহ পূৰ্বৰে পৰা নাগৰিকসকলক ঘৰৰ পৰা বাহিৰ ওলোৱাত নিষেধাজ্ঞা জাৰি কৰে ইটালী চৰকাৰে। খাদ্য আৰু দৰবৰ দোকানৰ বাহিৰে আন সকলো বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে চৰকাৰে।
ইটালীত অব্যাহত মৃত্যুলীলা
-
By publisher

- Categories: Daily, News
- Tags: CoronaCorona VirusItaly
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
Dainik Agradoot Today's Edition - 10 May 2026
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026