আগন্তুক ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বি টি চি পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিমটো দিন। আজি অন্তিম দিনা ওদালগুৰি মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিত মুঠ ২১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।ইয়াৰ ভিতৰত ৩৬ হৰিহিঙা পৰিষদীয় সমষ্টিত ভিপিআই দলৰ চুৰেন দৈমাৰী, ইউপিপিএল দলৰ সঞ্জয় স্বৰ্গীয়াৰী, বিজেপি দলৰ ৰিঞ্জয় বড়োৰ লগতে নিৰ্দলীয় হিচাপে বাপন চন্দ্ৰ ৰাভই মনোনয়ন দাখিল কৰে। ৩৭ নম্বৰ ধনশ্ৰী সমষ্টিত ভিপিআইৰ হৰকান্ত বড়ো, বিজেপিৰ ৰাধেশ্বৰী বড়ো, এআইইউডি এফৰ মিঠাৰাম বাসুমতাৰীৰ লগতে দুই নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে মুক্তি দৈমাৰী , ডিম্বেশ্বৰ ৰাভাই মনোনয়ন দাখিল কৰে।৩৮ নম্বৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ গোবিন্দ বাসুমতাৰী, ভি পি আইৰ জয়মাল দৈমাৰী, বিজেপিৰ বিৰদাও বসুমতাৰী আৰু নিৰ্দলীয় হিচাপে ধনজিত মেধিয়ে মনোনয়ন দাখিল কৰে। ৩৯ নম্বৰ পাঁচনৈ ছেৰফাং সমষ্টিত ভি পি আইৰ সুনীল সৰকাৰ,ইউ পি পি এলৰ দিপক বৰাল, বিজেপিৰ দীপক মৌড় আৰু নিৰ্দলীয় হিচাপে ভিপিআইৰ খখাই মনোনয়ন দাখিল কৰে। অন্যহাতে ৪০ নম্বৰ ৰৌতা সমষ্টিত ইউপিপিএলৰ ড° নিলুত স্বৰ্গীয়াৰী, বিজেপিৰ কষ্টৰাম ৰাভা, ভিপিআইৰ সাৰথি ৰাভাৰ লগতে নিৰ্দলীয় হিচাপে মন্তু বসুমতাৰীয়ে মনোনয়ন দাখিল কৰে। আজি ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ত সম্পন্ন হোৱা মনোনয়ন দাখিল পৰ্বত বিজেপি দলৰ প্ৰাৰ্থী সকলক নেতৃত্ব দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংসদ দিলীপ শইকীয়াই। পূৰ্বৰ নিৰ্বাচনতকৈ এইবাৰ বিজেপি দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি কোৱাৰ লগতে ৰঞ্জিত দাসে কয় যে আগন্তুক দিনত বিজেপিক বাদ দি কোনেও বি টি চি পৰিষদ গঠন কৰিব নোৱাৰে। ইফালে নিজৰ মনোনয়ন দাখিল কৰি ভৈৰৱকুণ্ড সমষ্টিত নিজৰ জয় নিশ্চিত বুলি মত প্ৰকাশ কৰে প্ৰাক্তন এনডিএফবিৰ নেতা তথা ইউপিপিএল দলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীয়ে।
ওদালগুৰিত অন্তিম দিনটোত ২১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
-
By publisher
Related Content
Pijush Hazarika:গুৱাহাটীত বান-খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুয হাজৰিকাৰ
By
publisher
January 18, 2025
Kho Kho : খো খো বিশ্বকাপ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মহিলা দল
By
publisher
January 18, 2025
Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড
By
publisher
January 18, 2025
২৫ বছৰীয়া হ’ল আঠঘৰীয়াৰ সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজা পৰ্ব
By
publisher
January 18, 2025
Asom Jatiyo Bidyalaya অসম জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন
By
publisher
January 18, 2025