সাধাৰণতে মডেল শব্দটো শুনিলেই আমাৰ মনত ভাহিঁ উঠে শ্লীম সুন্দৰ শৰীৰীৰে লাহি পাহি এগৰাকী যুৱতী ৷কিন্তু এইবাৰ মেদ বহুল শৰীৰেৰে মডেলিং কৰি প্লাছ চাইজ যুৱতীসকলৰ কাৰণে প্ৰেৰণাৰ উৎস হৈ পৰিছে মাৰ্কিন মডেলিং জগতৰ এটি চিনাকি নাম টেছ হলিডে। গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা টেছ হলিডেৰ শৰীৰৰ ওজন ১৩৮ কিলোগ্ৰাম ৷সম্প্ৰতি ১৩৮ কিলোগ্ৰাম শৰীৰেৰে মডেলিঙৰ গ্লেমাৰ জগতত দপদপাবলৈ সক্ষম হৈছে টেছ হলিডে ৷ ইফালে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই টেছৰ শৰীৰৰ ওজন বৃদ্ধি পাইছিল লগতে টেছৰ শৰীৰৰ ৰং আছিল হালধীয়া ৷যাৰ কাৰণে সহপাঠীৰ পৰা ঠাট্টা মস্কৰা শুনিব লগীয়া হৈছিল টেছ হলীডেই ৷একাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰি টেছে শিক্ষা সমাপ্ত কৰি মডেলিঙৰ কাম বিচাৰিবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু সকলোৱে তেওঁৰ বিশাল চেহেৰাক কটাক্ষ কৰি প্ৰত্যাখ্যান কৰিছিল। টেছে পিছে হাৰ নামানি সংগ্ৰাম অব্যাহত ৰাখে আৰু এদিন তেওঁ ‘প্লাছ চাইজ’ মডেল হিচাপে কাম লাভ কৰে। ইয়াৰ পিছতে টিভি ধাৰাবাহিক ‘হেভী’ত অভিনয় কৰে আৰু তেওঁ টেলিভিছনৰ জনপ্ৰিয় তাৰকাত পৰিণত হয়। ২০১৫ ত নিক হলিদেৰ সতে বিবাহ পাশত আৱদ্ধ হোৱা টেছে কয় যে শৰীৰৰ ওজন কেতিয়াও সফলতা অৰ্জনৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।
শৰীৰৰ ওজন ১৩৮ কিলো, তথাপিও এই মহিলা আমেৰিকাৰ জনপ্ৰিয় মডেল
-
By publisher

- Categories: Daily, Entertainment, Fashion, News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
Dainik Agradoot Today's Edition - 10 May 2026
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026