বিটিচি নিৰ্বাচনত এইবাৰ প্ৰতিস্থান বিৰোধী আৰু ইউ পি পি এলৰ সপক্ষে ঢৌ বলিছে। এইবাৰ নিৰ্বাচনত বিটিচিৰ বহুল পৰিৱৰ্তন বিচৰা ৰাইজে ইউ পি পি এলক চৰকাৰ গঠনত সম্পূৰ্ণ সহায় কৰিব। আজি বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা তামুলপুৰত উপস্থিত হৈ এনেদৰে কয় ইউ পি পি এল দলৰ সভাপতি গৰাকীয়ে। বি টি চিৰ ৪০ টা সমষ্টিতে সুকলমে দলৰ প্ৰাৰ্থী সকলৰ মনোনয়ন দাখিল সম্পন্ন হোৱাৰ পিছতে ।অন্যহাতে যোৱাকালি চিৰাং জিলাত ইউ পি পি এল দলৰ কাৰ্যালয়ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰা সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে, ইয়াৰ আগতেও ইউ পি পি এলৰ নিৰ্বাচনী কাৰ্যালয়ত এনেদৰে আক্ৰমণ কৰিছে।এই ক্ষেত্ৰত চৰকাৰ তথা আৰক্ষী প্ৰশাসনে উচিত পদক্ষেপ গ্ৰহণ কৰি নিৰ্বাচনৰ সময়ত যাতে কোনো দুস্কৃতিকাৰীয়ে কোনোধৰণৰ বাহুবল প্ৰয়োগ কৰি গণতন্ত্ৰক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনক আহ্বান জনায়। আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বি টি চিৰ নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ ক্ষেত্ৰত ইউ পি পি এল বা গণ সুৰক্ষা পাৰ্টীৰ লগত মিত্ৰতা কৰিবলৈ প্ৰস্তুত বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে, সেইয়া বিজেপিৰ নিজস্ব চিন্তাধাৰা। কোন দলে কি ৰণ কৌশলেৰে নিৰ্বাচনত অৱতীৰ্ণ হয় তাত তেওঁৰ একো ক’বলগীয়া নাই। ইউ পি পি এল দলে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বি টি চি দখল কৰাটোৱে একমাত্র লক্ষ্য। অন্যহাতে আজি তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ইউ পি পি এল ২৬ নং দৰঙাজুলি, ২৭ নং নিগ্ৰাজুলি , ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা ক্ৰমে ফনিন্দ্ৰ নাৰ্জাৰী, সুশীল দাস,পবিত্র কুমাৰ বড়ো, বিজেপি, গণ সুৰক্ষা পাৰ্টীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সহ মুঠ ২৬ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।