কৰ’না ভাইৰাছৰ সতৰ্কতাঃ ৰাজ্যত ৩৯,২৪৭ জনৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

ttt

জনতা ভৱনত প্ৰবেশ নিষিদ্ধ

গুৱাহাটী,১৮ মাৰ্চঃ কৰ’না ভাইৰাছৰ আতংকৰ সময়তে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনত জনসমাগম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ অহা ৩১ মাৰ্চ পৰ্যন্ত সাধাৰণ দৰ্শনাৰ্থীক জনতা ভৱনত প্ৰবেশৰ বাবে প্ৰয়োজনীয় ই প্ৰবেশপত্ৰকে ধৰি সকলো ধৰণৰ প্ৰবেশপত্ৰ ইছ্যু নকৰাৰ সিদ্ধান্ত গ্ৰহণ ককিছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে। সচিবালয়ৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি কৰ’না ভাইৰাছে ইতিমধ্যে বিশ্বৰ ১৬৭ খন দেশত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ভাৰতবৰ্ষতো এই পৰ্যন্ত ১৫২ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে তিনিজনৰ মৃত্যু হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশৰ ভিত্তিত কৰ’না ভাইৰাচৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা ৷কিন্তু মাৰ্চ এণ্ডিঙকে ধৰি বিভিন্ন কাৰণত অলেখ দৰ্শনাৰ্থীয়ে গাত গা লগাই জনতা ভৱনত প্ৰবেশৰ বাবে মূল প্ৰবেশদ্বাৰত হাতে হাতে প্ৰবেশপত্ৰ লৈ ভিৰ কৰে ৷বিশ্ব স্বাস্থ্য সংস্থাই বাৰম্বাৰ জনসমাগমৰ পৰা বিৰত থকাৰ বাবে ৰাইজলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিজন ব্যক্তিৰ মাজত নূন্যতম এক মিটাৰ ব্যৱধান ৰখাৰ বাবে দিয়া নিৰ্দেশনা জনতা ভৱনৰ প্ৰৱেশদ্বাৰতে উলংঘা হোৱাটো ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ দৃষ্টিগোচৰ হয় ।ইয়াৰ পিছতে মন্ত্ৰী পিযুষ হাজৰিকাই জনতা ভৱনৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ জনসমাগম হ্ৰাস কৰোৱাৰ স্বাৰ্থত বিশেষ পদক্ষেপ হাতত লয় ৷ যাৰ পৰিপেক্ষিতত ৩১ মাৰ্চ পৰ্যন্ত জনতা ভৱনত দৰ্শনাৰ্থীৰ সকলো ধৰণৰ প্ৰবেশ পত্ৰ ইছ্যু কৰাটো সাময়িক ভাৱে স্থগিত কৰা হৈছে ৷ অৱশ্যে জৰুৰীকালীন বিষয়ৰ কাৰণে দৰ্শনাৰ্থীসকলে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীক ফোন বা ই মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব বুলি জনাই সূত্ৰটোৱে ৷কৰ’না ভাইৰাচৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা পানশালাসমূহ বন্ধৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ৷আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত আবকাৰী বিভাগে ৰাজ্যৰ প্ৰতিখন জিলালৈ এই নিৰ্দেশ দিছে ৷লগতে ৰাজ্যৰ চেলুন,বিউটি পাৰ্লাৰসমূহো বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷একেদৰে মহানগৰীত অনুৰূপ কাৰণতে সাময়িকভাৱে দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়,বিজ্ঞান সংগ্ৰহালয়,তাৰকাগৃহ,ৰাজ্যিক চিৰিয়াখানা আদি ৷আনহাতে ৰাজ্যত আজি পৰ্যন্ত ৩৯,২৪৭ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ইয়াৰে ১১,৯৭৫ জন লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিমানকোঠাত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠাত ৯৮৪২জন,ডিব্ৰুগড় মোহনবাৰী বিমানকোঠাত ৩৯৩,যোৰহাটৰ ৰৰৈয়া বিমান কোঠত ২৫ জন,তেজপুৰৰ শালনিবাৰী বিমানকোঠাত ৭২ জন যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ইফালে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে কাইলৈৰ পৰা অহা ৩১ মাৰ্চ পৰ্যন্ত অসম,নাগালেণ্ড,মিজোৰাম,অৰুণাচল প্ৰদেশ আৰু ছিকিম বাৰ কাউন্সিল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বাৰ কাউন্সিল অব ইণ্ডিয়াৰ পৰামৰ্শ ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি বাৰ কাউন্সিলৰ এক বিজ্ঞপ্তিত প্ৰকাশ ৷

Exit mobile version