আমেৰিকাৰ ফিলাডেলফিয়াস্থিত ৰাছেল বিশ্ববিদ্যালয়ত অধ্যয়নৰত তথা ইয়াৰ পৰা জলপানী লাভ কৰি ২০১৯ চনত গ্ৰীচৰ ক্ৰেতা বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে যোৱা কৌস্তভ বৰা নামেৰ ছাত্রজন সম্প্ৰতি তেজপুৰৰ নিজৰ ঘৰলৈ উভতি আহিবৰ বাবে ব্যাকুল হৈ পৰিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই।বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ বাবেই মেধাৱী ছাত্ৰ জন নিজ দেশলৈ উভতিব বিচাৰিছে যদিও ইউৰোপৰ দেশ সমূহৰ পৰা আহিব বিচৰা সকলৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আমেৰিকাই নিষেধাজ্ঞা জাৰি কৰা বাবেই গ্ৰীচতে আৱদ্ধ হৈ থাকিব লগা হৈছে কৌস্তভ।এনে অৱস্থাত ছাত্ৰ গৰাকীৰ নিজ দেশলৈ উভতি আহিবলৈ সুবিধা কৰি দিবৰ বাবে পিতৃ দিলীপ বৰাৰ লগতে পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কাতৰ অনুৰোধ জনাইছে। উল্লেখ্য যে দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ২০১৭ চনত আমেৰিকালৈ যোৱা কৌস্তুভ কম্পিউটাৰ বিজ্ঞানৰ ডাটা বিজ্ঞানী হিচাপে অধ্যয়নৰত। ইয়াৰ বাবেই তেওঁ গ্ৰীচৰ বিশ্ববিদ্যালয়খনত ২০১৯ ত অধ্যয়ন কৰিবৰ বাবে সুযোগ লাভ কৰিছিল আৰু ২৫ মাৰ্চত তেওঁ দেশখনৰ পৰা উভতি অহাটো নিশ্চিত হৈছিল। কিন্তু ইয়াৰ পূৰ্বেই আমেৰিকা আৰু গ্ৰীচত কৰ’নাৰ ভয়াবহতা বৃদ্ধি পালে।ইতিমধ্যে গ্ৰীচত দৈনিক প্ৰায় ৪০ জনৰ অধিক লোক কৰ’নাত আক্রান্ত হৈছে। এনে পৰিস্থিতিত নিজ দেশলৈ তথা নিজ গৃহলৈ উভতি আহিবলৈ বিচৰা তেজপুৰৰ কৌস্তুভ দেশলৈ উভতাৰ ক্ষেত্ৰত ভাৰতীয় নতুন ভ্ৰমণ নীতি ও বাধা হৈ পৰিছে। এনে অৱস্থাত গ্ৰীচত আৱদ্ধ যুৱকজনে তেঁওক নিজৰ পৰিয়ালৰ কাষলৈ উভতি অহাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে দেশৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যচৰকাৰৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছে। আনহাতে পুত্ৰৰ এনে অৱস্থাৰ বাবে শংকিত হৈ পৰা কৌস্তভৰ পিতৃয়ে এই বিষয়ে শোণিতপুৰৰ উপায়ুক্তক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
তেজপুৰৰ মেধাৱী ছাত্র আবদ্ধ গ্ৰীচত
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026