ম’বাইল ফোনতো থাকিব পাৰে কৰ’না ভাইৰাছ

Corona virus What cellphone hygiene brings.img

ম’বাইল ফোনৰ দ্বাৰা ন’ভেল কৰ’না ভাইৰাছ সংক্ৰমিত হয় বুলি কিছুদিন পূর্বে সামাজিক মাধ্যমত এক বাতৰি প্ৰচাৰ হৈছিল। পৰৱৰ্তী সময়ত সেই বাতৰি ভুৱা বুলি প্ৰমাণিত হ’লেও কৰ’না ভাইৰাছত আক্রান্ত হোৱাৰ ক্ষেত্ৰত ম’বাইল ফোনৰ ভূমিকা থাকিব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এই তথ্য সদৰী কৰে। কৰ’না ভাইৰাছত আক্রান্ত আৰু মৃতকৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে, সিমানে বৃদ্ধি পাইছে সতৰ্কতাৰ গুৰুত্বও। কৰ’না ৰোধৰ বাবে ‘হু’ৰ তৰফৰ পৰাও ইতিমধ্যে জনবহুল অঞ্চল পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিয়া হৈছিল। সম্প্ৰতি ‘হু’ৰ সৈতে যুক্ত চিকিৎসক সকলে সকলোকে নিজৰ ম’বাইল ফোনটোৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে। ম’বাইল ফোনৰ পৰা কৰ’না সংক্ৰমিত নহয়, কিন্তু কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত ম’বাইল পৰিষ্কাৰ কৰি ৰখাৰ এক ভূমিকা আছে বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ সতে জড়িত চিকিৎসসকলে।বিষেশজ্ঞসকলৰ মতে, প্রায় সকলো সময়তে মানুহে ফোনটো হাতেৰে ধৰি থাকে, অথচ ম’বাইলৰ গাত বা ক’ভাৰত বহুতো লেতেৰা লাগি থাকে। ঘনাই ম’বাইলত হাত দিয়াৰ ফলত তাৰ ময়লাৰ সতে মিহলি হৈ থকা অণুবীক্ষনিক জীৱাণুসমূহো হাতৰ তলুৱাত লাগি যায়।কৰ’না ৰোধৰ বাবে ঘনাই হাত ধোৱাৰ পৰামৰ্শ দিয়া হৈছে যদিও বাস্তৱিকতে ম’বাইল ফোন ধৰাৰ পিছত প্ৰতিবাৰতে হাত পৰিষ্কাৰ কৰাটো সম্ভৱ নহয়। সেয়ে ম’বাইল স্পর্শ কৰিলে তাৰ পৰা ছাললৈ সামান্য হ’লেও জীৱানু সংক্ৰমিত হয়। কিন্তু সবাতোকৈ ডাঙৰ কথা হৈছে , কৰ’না প্ৰধানকৈ হাঁচি বা কাঁহৰ সময়ত নাক আৰু মুখৰ পৰা ওলোৱা জলকণাৰ মাধ্যমেৰে সংক্ৰমিত হয়। সেয়ে পথলৈ ওলাই যোৱাৰ সময়ত সমীপত কোনোবাই কাঁহ বা হাঁচি মাৰিলে তাৰ পৰা ওলোৱা জলকণা ম’বাইলতো পৰিব পাৰে।সেয়ে কৰ’না ত্ৰাস অব্যাহত থকা সময়ত নিশ্চিতভাৱে এই ধৰণৰ সৰু-সুৰা বিষয়বোৰৰ প্ৰতি সচেতন হব’লৈ ‘হু’ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। অন্যহাতে, ম’বাইল ফোন বিভিন্ন উপায়েৰে পৰিষ্কাৰ কৰি ৰাখিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই কেতবোৰ পৰামৰ্শ দিছে।প্ৰয়োজন নহ’লে ম’বাইল ফোন বেগ বা পকেটত ভৰাই থ’ব লাগে । ইথাইল এলক’হল মিশ্ৰিত হেণ্ডৱাশ্ব বা বজাৰত উপলব্ধ বেক্টেৰিয়া বিৰোধী লোচন মিহলোৱা পানীত কোনো নৰম কাপোৰ তিয়াই সেই কাপোৰেৰে ম’বাইলৰ চাৰিওফালে ভালদৰে মচিব লাগে। লক্ষ্য ৰাখিব লাগে যাতে ম’বাইলত পানী সোমাব নোৱাৰে অথচ ভালদৰে পৰিস্কাৰো হয়। ম’বাইলৰ কোণবোৰ পৰিষ্কাৰ কৰিবলৈ সৰু সৰু কঁপাহৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে ।আনহাতে, ম’বাইলৰ ক’ভাৰ পৃথককৈ চাবোন পানীত ধুব লাগে বুলিও জনাইছে ‘হু’ৱে।

Exit mobile version