নতুন দিল্লী,২০ মাৰ্চঃ ভাৰতত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৷ এই বিধ্বংসী ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত দেশত এই সংখ্যা হয়গৈ প্ৰায় 283জন ৷ইয়াৰ ভিতৰত ৩২ জন বিদেশী নাগৰিক ৷ এই পৰ্যন্ত দেশত কৰ’নাৰ বাবে মৃত্যু হৈছে কমেও পাঁচজনৰ ৷ইতিমধ্যে জয়পুৰত মৃত্যু ঘটে ইটালীৰ এজন পৰ্যটকৰ ৷ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২২ মাৰ্চত দেশবাসীক জনতা সান্ধ্য আইন পালনৰ আহ্বান জনাই কয় যে এটা দিনৰ সহযোগও ভাইৰাছৰ সংক্ৰমণৰ শৃংখলা ভংগ কৰাত সহায় কৰিব ৷কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আন্তৰ্জাতিক বিমান সেৱা বন্ধ কৰিছে ৷ ঠায়ে ঠায়ে বিভিন্ন ৰাজ্যত ৰাজহুৱা সমাগম ঘটা অঞ্চলসমূহ বন্ধ কৰা হৈছে। ব্যক্তিগত কোম্পানীসমূহৰ অধিকাংশতে কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ কোৱা হৈছে ৷কেন্দ্ৰীয় চৰকাৰেও কৰ্মচাৰীসকলৰ পৰিমাণ হ্ৰাস কৰিবলৈ সাময়িকভাৱে দিনপঞ্জী প্ৰস্তুত কৰি ব্যৱস্থা লৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াই কয় যে বজাৰত প্ৰয়োজনীয় সামগ্ৰী নাটনি নহয় আৰু সেয়ে কোনো আতংকিত হোৱাৰ কাৰণ নাই ৷তদুপৰি ধৰ্মীয় সমাৱেশৰ পৰা আঁতৰি থাকিবলৈ তেওঁলোকে আহ্বান জনোৱাৰ লগতে উৎসৱ আদি থাকিলে পিছুৱাই দিবলৈ পৰামৰ্শ দিয়ে ৷ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে মহামাৰীৰ দ্বিতীয় পৰ্যাঃ আছে ভাৰত ৷ ইয়াৰ অৰ্থ হৈছে স্থানীয়ভাৱে বিয়পি পৰা ৷ গতিকে জনতা কাৰ্ফিউৰ সময়ত কোনো লোকে নিজৰ ঘৰ ত্যাগ কৰিব নালাগে অথবা চুবুৰীয়াৰ সৈতে গৈ আলোচনাত মিলিত হ’ব নালাগে ৷দূৰত্ব বজাই ৰাখিব ৷প্ৰধানমন্ত্ৰীৰ ভাষ্যক দোহাৰে স্বাস্থ্য বিষয়াই ৷ সম্প্ৰতি পৰিস্থিতিত বিভিন্ন শিক্ষানুষ্ঠান,অন্যান্য ৰাজহুৱা স্থানসমূহ বন্ধ কৰি দিয়া হৈছে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে যে দিল্লীত সকলো শ্বপিংমল বন্ধ কৰি দিয়া হ’ব ৷পঞ্জাৱত সকলো ধৰণৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে ৷ দেশৰ ভিতৰত সৰ্বাধিক ৫২ জন আক্ৰান্ত হোৱা আক্ৰান্ত হোৱা মহাৰাষ্ট্ৰ,ওড়িছা,পশ্চিমবংগ আৰু আন বহুতো ৰাজ্যত একে ব্যৱস্থা লোৱা হৈছে ৷ উত্তৰ প্ৰদেশ,অন্ধ্ৰপ্ৰদেশ,মহাৰাষ্ট্ৰ,তামিলনাডুত নতুনকৈ কেইবাজনো লোক সংক্ৰমিত হৈছে ৷ চণ্ডীগড়তো এজন আক্ৰান্ত হৈছে ৷উত্তৰ প্ৰদেশ,ৰাজস্থানসহ বিভিন্ন ৰাজ্যৰ সমাবেশত বাধা দিবলৈ ১৪৪ ধাৰা জাৰি কৰোৱা হৈছে ৷ আনহাতে মুম্বাই,পুনে আৰু নাগপুৰত সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে ৷মুম্বাইৰ চৰকাৰী কাৰ্যালয়ত ২৫ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰ ব্যৱস্থা কৰা হৈছে ৷অৱশ্যে জৰুৰীকালীন সেৱা অব্যাহত থাকিব ৷নিত্য ব্যৱহাৰ্য্য সামগ্ৰী উপলব্ধ হ’ব ৷আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত বাৰ্তালাপ কৰে ।পঞ্জাৱ,মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে তাত অংশ লয় ৷উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন ৷
এদিনতে সৰ্বাধিক আক্ৰান্ত দেশত:কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026