কৰ’না ভাইৰাছত মৃত্যুৰ সংখ্যাত চীনক পিছ পেলালে ইটালীয়ে

GettyImages 1205267817

Two tourists from Argentina wearing respiratory masks walk while holding a tourist map in Piazza Duomo in Milan, on March 5. 2020. - Italy closed all schools and universities until March 15 to help combat the spread of the novel coronavirus crisis. The government decision was announced moments after health officials said the death toll from COVID-19 had jumped to 107 and the number of cases had passed 3,000. (Photo by Piero CRUCIATTI / AFP) (Photo by PIERO CRUCIATTI/AFP via Getty Images)

নতুন দিল্লী,২০ মাৰ্চঃ বিশেষজ্ঞৰ আশংকাক সত্য প্ৰমাণিত কৰি ইটালীয়ে মৃতকৰ সংখ্যাৰ ক্ষেত্ৰত চীনকো চেৰাই গ’ল। বিগত কিছুদিন দিন ধৰি বিশেষজ্ঞসকলে প্ৰকাশ কৰি আহিছে যে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ইউৰোপত মৃত্যুৰ সংখ্যাই দ্ৰুতগতিত এছিয়াক অতিক্ৰম কৰিব ৷ চীনত বৰ্তমান মৃতকৰ সংখ্যা ৩,২৪৫ জনৰ ৷ইয়াৰ বিপৰীতে ৩,৪৫০ জন ৷সমগ্ৰ দেশখনক এতিয়াও সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লৈছে ইটালীৰ চৰকাৰে ৷ তিনি এপ্ৰিল পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ থাকিব ৷উল্লেখ্য যে সমগ্ৰ বিশ্বত মৃতকৰ সংখ্যা ৯,৮৩৮ জন,আক্ৰান্তৰ সংখ্যা ২,৩৬,৭০৬ আৰু সুস্থ হৈ উঠিছে ৮৬,৬৭৬ জন। ফান্সৰ প্ৰাক্তন বিদেশ মন্ত্ৰী ৬৯ বছৰীয়া মিচেল বাৰ্ণিয়ে আক্ৰান্ত হৈছে ।তেওঁ টুইটাৰত কৈছে কালি গ’ম পালো ময়ো কৰ’না ভাইৰাছত আক্ৰান্ত ।নিজকে সম্পূৰ্ণৰূপে গৃহবন্দী কৰি ৰাখিছো ।মই ভালে আছো ৷ম’নাকোৰ ৰজা দ্বিতীয় এলবাৰ্টো আক্ৰান্ত হৈছে ।ইৰাণৰ পৰিস্থিতি উন্নত হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই ৷আজি ইৰাণত ৯৬৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে নতুনকৈ মৃত্যু হৈছে ১২৩ জনৰ ৷দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি প্ৰতি ১০ মিনিটত এজনকৈ নাগৰিকৰ মৃত্যু হৈছে ৷মৃতকৰ সংখ্যা মুঠ ১,৫৫৬ জন ৷আক্ৰান্তৰ সংখ্যা ২০ হেজাৰৰো অধিক ৷ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ইৰাণৰ মৃত লোকসকলৰ ভিতৰত এগৰাকী ভাৰতীয় লোকো আছে ৷ইতিমধ্যে ২০১ জন ভাৰতীয়ক ইৰাণৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ ভিতৰত কিছু তীৰ্থযাত্ৰী আৰু ছাত্ৰ ছাত্ৰী আছে ৷ইউৰোপৰ পৰিস্থিতি অতি স্পৰ্শকাতৰ হৈ আছে ৷ ইটালী,স্পেইন,জাৰ্মানী,আৰু ফান্সৰ সমান্তৰালভাৱে ব্ৰিটেইনতো আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে ৷ কৰ’না আক্ৰমণত শতাধিকৰ মৃত্যু হৈছে ব্ৰিটেইনত। সবাতোকৈ দুৰ্যোগপূৰ্ণ লণ্ডন ৷ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ চলাচল সীমিত কৰা হৈছে। অতি প্ৰয়োজন ন’হলে লণ্ডনবাসীক ঘৰৰ বাহিৰ নহ’বলৈ নিষেধ কৰিছে চহৰৰ মেয়ৰ ছাদিক খানে ৷শেহতীয়া তথ্য অনুসৰি স্পেইনত বিগত ২৪ ঘন্টাত মৃত্যু হাৰ ৩০ শতাংশতকৈ বৃদ্ধি পাইছে ৷কেৱল মাদ্ৰিদ চহৰতে ১০ জনৰ ভিতৰত ৮ জন সংক্ৰমিত হৈছে ৷ জাৰ্মানীত আক্ৰান্তৰ সংখ্যা ২০,৫৮১ জন ৷ মৃত্যু হৈছে ৭২ জন ৷জাৰ্মানীৰ সৰু সৰু চহৰবোৰ সম্প্ৰতি লক ডাউন কৰা হৈছে ৷ ঠিক সেইদৰে এছিয়াৰ বিভিন্ন দেশত নতুনকৈ সংক্ৰমণৰ আশংকাই দেখা দিছে। হংকং,দক্ষিণ কোৰিয়া,জাপান,চীনৰ দৰে দেশত সংক্ৰমণ বহু পৰিমাণে হ্ৰাস পালেও বিদেশৰ পৰা উভতি অহা লোকৰ পৰা এই দেশসমূহত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷পাকিস্তানটো আক্ৰান্তৰ সংখ্যা প্ৰায় ৪৫০ জন ৷গতিকে সঠিকভাৱে পৰীক্ষা নকৰিলে বিশেষকৈ দৰিদ্ৰ দেশসমূহত বিপদত পৰিব বুলি সকীয়াই দিয়ে ৰাষ্ট্ৰ সংঘৰ সচিব এন্ট’নিও গুটেৰেছে ৷উল্লেখযোগ্য যে চীনত বিগত দুদিন ধৰি নতুনকৈ কোনো লোক কৰ’নাত আক্ৰান্ত হোৱা নাই ৷

Exit mobile version