ক’ৰণা ভাইৰাছক লৈ সমগ্ৰ বিশ্বতেই জনসাধাৰণৰ মাজত সৃষ্টি হৈছে উদ্বিগ্নতাময় পৰিস্থিতি ।সকলো জনতাক সাৱধান হ’বলৈ সকীয়নী চৰকাৰ প্ৰশাসন| চিকিৎসা কৰ্মী সকলো ব্যস্ত ক’ৰনা আক্ৰান্ত সকলৰ চিকিৎসাৰ বাবে ।কিন্তু ক’ৰনা আক্ৰান্তক চিকিৎসা আগবঢ়াই থকা চিকিৎসক সকলো পৰিছে শংকাত।ক’ৰনা ভাইৰাছক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা সংকট ৰ সময়ত দিল্লীৰ কস্তুৰীবাগ হস্পতালৰ এগৰাকী যুৱতী চিকিৎসকৰ পৰিয়ালক প্ৰতিবেশীৰ পৰা এঘৰীয়া কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে।পশ্চিম বংগৰ বছিৰহাটৰ দক্ষিণ মথুৰাপুৰ গাওঁৰ ঋতুপৰ্ণা মণ্ডলে কাম কৰি আছে কস্তুৰীবাগ হস্পতালত ।এই হাস্পতাল খনৰ নাম শুনিয়েই প্ৰতিবেশীয়ে ধাৰণা কৰি লিছে চিকিৎসক গৰাকী ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈছে ।প্ৰতিবেশী সকলে ঋতুপৰ্ণাৰ পৰিয়ালৰ পৰা সংস্পৰ্শ এৰাই চলিব ধৰিছে ।আনকি তেওঁলোকৰ ঘৰত বন কৰা ছোৱালী জনীকো সকলোৱে সন্দেহৰ চকুৰে চাব ধৰিছে।এই কথা গম পোৱাৰ পাছত ঋতুপৰ্ণা ই এইটো যে এটা উৰা বাতৰি আৰু তেওঁ যে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে এই কথা এটা ভিডিও ৰ যোগেদি অৱগত কৰে ।এনে পৰিস্থিতিত বিৰক্ত হৈ পৰিছে ঋতুপৰ্ণা ৰ মাতৃ ৰেণুকা দেৱী ও ।তেওঁ নিজেও এগৰাকী স্বাস্থ্য কৰ্মী ।তেওঁ এই সংক্ৰমণ ৰ পৰা ৰাইজক সচেতন হবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ ও গ্ৰহণ কৰিছে ।ইপিনে গাওঁ পঞ্চায়ত ৰ সভাপতিয়েও মন্তব্য কৰে যে উৰাবাতৰি উলিওৱাৰ অভিযোগ প্ৰমাণিত হ’লে আইনী ব্যৱস্থা হাতত ল’ব।
ক’ৰনা ভাইৰাছ ৰ সন্দেহত ৰাইজে এঘৰীয়া কৰিলে চিকিৎসকৰ পৰিয়ালক
-
By publisher

- Categories: News
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026