যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ’না ভাইৰাছৰ সজাগতাৰ কাৰণে দেওবাৰে জনতা কাৰ্ফিউ দিছে,ঠিক তেনে সময়তে পশ্চিম বংগৰ সকলো বিদ্যালয়ৰ শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে ৷কৰ’না ভাইৰাছৰ কাৰণে চলিত বৰ্ষৰ ১৫ এপ্ৰিললৈ বিদ্যালয়সমূহ বন্ধ ৰখাৰ কাৰণে এই সিদ্ধান্ত পশ্চিম বংগৰ চৰকাৰৰ ৷তথ্য অনুসৰি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ২ কেজি চাউল আৰু আলু অভিভাৱকৰ হাতত অৰ্পণ কৰিব বিদ্যালয়ৰ কৰ্তৃপক্ষই ৷গতিকে সকলো কৰ্তৃপক্ষক শনিবাৰ আৰু দেওবাৰে বিদ্যালয় খোলা ৰাখিবলৈ আহ্বান কৰে কলকাতাৰ জিলা বিষয়াই৷ ইফালে পশ্চিমবংগৰ চৰকাৰৰ এই সিদ্ধান্তই সাম্প্ৰতিক সময়ত বৃহৎ চৰ্চা লাভ কৰিছে ৷ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক শ্যায়ন্তন বাসুয়ে কয় যে পশ্চিমবংগৰ বিদ্যালয়ৰ পৰিদৰ্শক গৰাকীৰ সিদ্ধান্তত ৰাজনীতি জৰিত হৈ আছে আৰু বহু লোকৰ জীৱনলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিব ৷আনহাতে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ স্নেহাশিস চক্ৰৱৰ্তীয়ে কয় যে শিক্ষকসকলে কেৱল ছাত্ৰছাত্ৰীসকলৰ প্ৰয়োজন পূৰণ কৰিছে ৷কাৰণ প্ৰায় সংখ্যক ছাত্ৰছাত্ৰীৰ পৰিয়াল মধ্যাহ্ন ভোজনৰ ওপৰতে নিৰ্ভৰশীল ৷