কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকাৰ মাজতে অহা ২৪ মাৰ্চৰ পৰা পুনৰ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ। অৱশ্যে সতৰ্কতাৰ বাবে কঠোৰ নীতি নিয়মৰ মাজেদি সদন আৰম্ভ হ’ব বুলি আজি সদৰী কৰে বিধানসভাৰ অধক্ষ্য হিতেন্দ্ৰ নাথ গোস্বামীয়ে । উল্লেখ্য যে চলিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভা কাৰ্যসূচী অনুষ্ঠিত হ’ব নে নাই সেই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণৰ বাবে আজি অধ্যক্ষৰ কাৰ্যালয়ত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰি বাজেট অধিবেশনৰ পৰবৰ্তী কাৰ্যসূচী চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে অধিবেশনৰ সময়চোৱাত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱাৰ লগতে অধ্যক্ষ গোস্বামীয়ে সদৰী কৰে যে বিধানসভা চৌহদত প্ৰৱেশ কৰা সকলো লোককে ইনফাৰেট থাৰ্মমিটাৰেৰে পৰীক্ষা কৰা হ’ব আৰু পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে প্ৰবেশৰ অনুমতি দিয়া হ’ব আৰু লগতে হেণ্ড ছেনিটাইজিঙৰো ব্যৱস্থা কৰা হ’ব। বিধানসভা চৌহদত প্ৰবেশৰ বাবে মাত্র এখন দ্বাৰহে খোলা ৰখা হ’ব। অন্যহাতে কোনো পদবীধাৰী ব্যক্তিয়েই গাড়ীৰে প্ৰৱেশ কৰিব নোৱাৰিব আৰু সদনৰ ভিতৰত প্ৰবেশৰ অনুমতি লাভ কৰা সকলে ইজনে আনজনৰ পৰা এক মিটাৰ ব্যৱধানত আসন গ্ৰহণ কৰিব লাগিব।ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰেছ গেলাৰিত একে সময়তে পূৰ্বতকৈ কম সংখ্যক সাংবাদিকক প্ৰৱেশৰ অনুমতি দিয়া হ’ব আৰু এটা বিভাগৰ এজন বিষয়াইহে প্ৰৱেশৰ অনুমতি লাভ কৰিব।