নতুন দিল্লী,২২ মাৰ্চঃ কৰ’না ভাইৰাছৰ প্ৰতি দেশৰ জনগণক সুৰক্ষা দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া জনতা কাৰ্ফিউৰ প্ৰতি ব্যাপক সহাঁৰি জনালে দেশৰ জনতাই ৷ দেওবাৰে পুৱা সাত বজাৰ দিয়া জনতা কাৰ্ফিউৰ কাৰণে মহাৰাষ্ট্ৰ,তামিলনাডু,পশ্চিমবংগ,গুজৰাট আৰু ৰাজস্থানৰ আদি ৰাজ্যৰ ৰাজপথসমূহ স্থবিৰ হৈ পৰিল। কৰ’না ভাইৰাছৰ কাৰণে সম্প্ৰতি সমস্ত ইন্টাৰচিটী ট্ৰেইন বাতিল কৰা হৈছে ৷চেন্নাই বিমান বন্দৰত সম্প্ৰতি যাত্ৰী সংখ্যা সীমিত ৷ লগতে বেংগালুৰুৰ ব্যস্ত ৰাজপথতো সম্প্ৰতি যাত্ৰী সংখ্যা সীমিত হোৱা পৰিলক্ষিত হৈছে ৷ গুজৰাট,ৰাজস্থান,মহাৰাষ্ট্ৰ,ওড়িষ্যাৰ সকলো ৰাজ্য লক ডাউন কৰা হৈছে ।দেশত সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈছে ৩৪১ জন। মৃত্যু হৈছে সাতজনৰ ৷ইয়াৰ ভিতৰত আজি বিহাৰত এজন,মহাৰাষ্ট্ৰৰ এজন আৰু গুজৰাটৰ এজন লোকৰ সৈতে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ সাত জন ৷ গতিকে প্ৰধানমন্ত্ৰী মোডীয়ে সকলো দেশবাসীক গৃহবন্ধী হৈ থকাৰ কাৰণে আবেদন জনাইছে ।দেওবাৰে জনতা কাৰ্ফিউ আৰম্ভ হোৱা প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে যে আৰু কিছু সময়ৰ পিছতেই জনতা কাৰ্ফিউ আৰম্ভ হ’ব ৷ সকলো দেশবাসীলৈ এটাই অনুৰোধ যাতে কোভিড ১৯ ৰ লগত যুজঁ দিয়াৰ কাৰণে সহযোগ কৰে। সকলো ঘৰতে থাকক,সুস্থ থাকক ৷ ইফালে দিল্লীত জনতা কাৰ্ফিউ অমান্য কৰা সকলক আৰক্ষীয়ে গোলাপ ফুল বিতৰণ কৰে ।হাৰিয়ানাতো কৰ’না ভাইৰাছৰ কাৰণে দিয়া জনতা কাৰ্ফিউৰ সৰ্বাত্মক ৰূপত পৰা দেখা গ’ল ।সকলো ৰাজ্যৰ মুখ্য সচিব চৰকাৰে নিৰ্দেশ দিয়ে যে কৰ’না ভাইৰাচত আক্ৰান্ত ৰোগীসকলক অহৰ্নিশে চিকিৎসাসেৱা প্ৰদান কৰি থকা তথা ৰাইজৰ মাজলৈ কৰ’না ভাইৰাছৰ প্ৰত্যেকটো খবৰ প্ৰেৰণ কৰা সংবাদকৰ্মীসকলৰ লগতে অন্যান্য জৰুৰীকালীন সেৱাসমূহত নিয়োজিত লোকসকলক কৃতজ্ঞতা প্ৰকাশৰ হেতু দেওবাৰে বিয়লি পাঁচ বজাত হাত চাপৰিৰে সম্ভাষন জনাই ৷আৰু চৰকাৰে দিয়া এই নিৰ্দেশ ৰাজ্যৰ জনগণে আখৰে আখৰে পালন কৰিলে। উল্লেখযোগ্য যে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই জনগণক উদ্দেশ্য কৰি টুইট কৰে যে “কোভিড ১৯ ৰ বিৰুদ্ধে একত্ৰিত হওক সকলো ৷”
কৰ’না ভাইৰাছৰ বিৰুদ্ধে একত্ৰিত দেশঃ স্বতঃস্ফূৰ্তভাৱে দেশবাসীয়ে মানিছে “জনতা কাৰ্ফিউ”
-
By publisher

- Categories: Uncategorized
Related Content
Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ'ল আৰু এজন অসমীয়া যুৱকৰ
By
publisher
March 9, 2026
Today's Horoscope:দিনটোৰ ৰাশিফল
By
publisher
March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
By
publisher
March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
By
publisher
March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
By
publisher
March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
By
publisher
February 28, 2026